ETV Bharat / bharat

PM Modi in Telangana: তেলেংগানাৰ ৰাইজে পৰিৱৰ্তন বিচাৰে; প্ৰধানমন্ত্ৰী মোদী

author img

By ETV Bharat Assamese Team

Published : Oct 1, 2023, 5:37 PM IST

নিৰ্বাচনৰ প্ৰাকক্ষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেলেংগানাত বিশাল সভা সম্বোধন কৰে । তেওঁ প্ৰায় ১৩,৫০০ কোটি টকাৰ অধিক মূল্যৰ প্ৰকল্পও উদ্বোধন কৰে । প্ৰধানমন্ত্ৰীয়ে তেলেংগানা চৰকাৰক সমালোচনাও কৰে ।

PM Modi in Telangana
PM Modi in Telangana

নেশ্যনেল ডেস্ক,১ অক্টোবৰ: নিৰ্বাচনমুখী তেলেংগানাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে শিক্ষা, পথ, ৰে'ল, পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছকে ধৰি গুৰুত্বপূৰ্ণ খণ্ডত ১৩,৫০০ কোটি টকাৰ অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰে ।

মহাবুবনগৰত এক বিশাল সভা সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে কেৱল বিজেপিয়েই তেলেংগানাবাসীৰ সেৱাত সমৰ্পিত । প্ৰধানমন্ত্ৰীৰ মতে তেলেংগানাই পৰিৱৰ্তন বিচাৰে । তেলেংগানা চৰকাৰক সমালোচনা কৰি তেওঁ কয় যে তেলেংগানাৰ ৰাইজে দুৰ্নীতিগ্ৰস্ত চৰকাৰ নিবিচাৰে, তাৰ পৰিৱৰ্তে এক স্বচ্ছ আৰু সৎ চৰকাৰ বিচাৰে ।

প্ৰধানমন্ত্ৰীগৰাকীয়ে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে কৃষ্ণা ষ্টেচনৰ পৰা হায়দৰাবাদলৈ ৰে'ল সেৱাৰ শুভাৰম্ভ কৰে । এই ৰে'ল সেৱাই তেলেংগানাৰ হায়দৰাবাদ, ৰঙাৰেড্ডী, মহাবুবনগৰ, নাৰায়ণপেট জিলাৰ সৈতে কৰ্ণাটকৰ ৰাইচুৰ জিলাক সংযোগ কৰিব । এই পদক্ষেপে মহাবুবনগৰ আৰু নাৰায়ণপেটৰ পিছপৰা জিলাসমূহৰ কেইবাটাও নতুন অঞ্চললৈও প্ৰথমবাৰৰ বাবে ৰে'ল সংযোগ প্ৰদান কৰিব । প্ৰধানমন্ত্ৰীয়ে নাগপুৰৰ পৰা বিজয়ৱাড়া অৰ্থনৈতিক কৰিডৰৰ অংশ গুৰুত্বপূৰ্ণ পথ প্ৰকল্পসমূহৰ আধাৰশিলাও স্থাপন কৰে ।

প্ৰধানমন্ত্ৰীয়ে কয় যে উৎসৱৰ বতৰ আৰম্ভ হৈছে । নৱৰাত্ৰি আৰম্ভ হ'বলৈ বেছি দিন নাই আৰু তাৰ পূৰ্বে সংসদত নাৰী সংৰক্ষণ বিধেয়ক গৃহীত কৰি চৰকাৰে পূৰ্বেই 'শক্তি'ৰ উপাসনা কৰাৰ আৱেগ প্ৰতিষ্ঠা কৰিছে । প্ৰধানমন্ত্ৰীৰ মতে ৰাজ্যখনত আৰম্ভ কৰা বিভিন্ন সেৱাৰ জৰিয়তে তেলেংগানা, অন্ধ্ৰপ্ৰদেশ আৰু মহাৰাষ্ট্ৰলৈ যাত্ৰা সুবিধাজনক হ'ব । ইয়াৰ বাবে এই তিনিখন ৰাজ্যত বাণিজ্য, পৰ্যটন আৰু উদ্যোগ বৃদ্ধি পাব বুলিও তেওঁ আশাবাদী ।

ইফালে অনুষ্ঠানত অংশ লৈ হালধি খেতিয়কসকলৰ দীৰ্ঘদিনীয়া দাবী পূৰণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰীয় হালধি ব'ৰ্ড গঠনৰ কথাও ঘোষণা কৰে । প্ৰধানমন্ত্ৰীৰ মতে ক'ভিডৰ পাছত হালধি সম্পৰ্কে সজাগতা বৃদ্ধি পাইছে আৰু বিশ্বব্যাপী চাহিদাও বৃদ্ধি পাইছে ।

উৎপাদনৰ পৰা ৰপ্তানিলৈকে হালধিৰ মূল্য শৃংখলাত এক পদক্ষেপ লোৱাটো গুৰুত্বপূৰ্ণ বুলি তেওঁ উল্লেখ কৰে । হালধি খেতিয়কসকলৰ প্ৰয়োজনীয়তা আৰু ভৱিষ্যতৰ সুযোগৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰই এখন ৰাষ্ট্ৰীয় হালধি ব'ৰ্ড স্থাপনৰ সিদ্ধান্ত লৈছে বুলি তেওঁ ঘোষণা কৰে ।

লগতে পঢ়ক: Rahul Gandhi on Hinduism: হিন্দু সম্পৰ্কে ৰাহুল গান্ধীৰ সংজ্ঞা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.