ETV Bharat / bharat

98th Mann Ki Baat : প্ৰধানমন্ত্ৰীৰ মন কি বাতত ডিজিটেল ইণ্ডিয়াৰ পদক্ষেপৰ প্ৰসংগ

author img

By

Published : Feb 26, 2023, 2:24 PM IST

৯৮ সংখ্যক মন কি বাত অনুষ্ঠানৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেওবাৰে দেশবাসীক সম্বোধন কৰে (PM Modi Mann Ki Baat)। ডিজিটেল ইণ্ডিয়াৰ বিভিন্ন পদক্ষেপক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ । বিশ্বজুৰি ভাৰতীয় পুতলাৰ চাহিদা সম্পৰ্কেও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰধানমন্ত্ৰীৰ ।

98th Mann Ki Baat
প্ৰধানমন্ত্ৰীৰ মন কি বাতত ডিজিটেল ইণ্ডিয়াৰ পদক্ষেপৰ প্ৰসংগ

নেশ্যনেল ডেস্ক,২৬ ফেব্ৰুৱাৰী : ডিজিটেল ইণ্ডিয়াৰ পদক্ষেপক উচ্চ প্ৰশংসা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ (PM Modi praises Digital India Initiative)। দেওবাৰে ৯৮ সংখ্যক মন কি বাত সম্বোধন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশবাসীৰ সন্মুখত ডিজিটেল ইণ্ডিয়াৰ বিভিন্ন পদক্ষেপ সম্পৰ্কে উল্লেখ কৰে (98th edition of PM Modi Mann Ki Baat)। ই-সঞ্জীৱনী এপৰ উপযোগিতাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, চিকিৎসকসকলৰ সৈতে টেলিফোনিক পৰামৰ্শৰ ক্ষেত্ৰত ই এক মুখ্য সঁজুলি হৈ পৰিছে ।

প্ৰধানমন্ত্ৰীয়ে লগতে এই এপটোৰ সৰ্বাধিক ব্যৱহাৰ কৰাৰ বাবে চিকিৎসকসকলক প্ৰশংসা কৰে ৷ তেওঁ উল্লেখ কৰা মতে জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে ডিজিটেল ইণ্ডিয়াৰ পদক্ষেপে প্ৰভাৱ পেলোৱা দেখা গৈছে । ই-সঞ্জীৱনী এপটোৱে দেশৰ চিকিৎসকসকলৰ সৈতে টেলিফোনিক পৰামৰ্শ লাভ কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে (PM Modi on E Sanjeevani app)।

প্ৰধানমন্ত্ৰীয়ে ভাষণত ডিজিটেল পৰিশোধৰ বিভিন্ন পদ্ধতিৰ ওপৰতো বক্তব্য ৰাখে (PM Modi on digital payment)। তেওঁ কয় যে, কেইবাখনো দেশ ইউপিআইৰ প্ৰতি আগ্ৰহী । তেওঁ উল্লেখ কৰা মতে ভাৰত আৰু ছিংগাপুৰে এতিয়া ইউপিআই-পে লিংক (UPI Pay link) মুকলি কৰিছে যিটো দুয়োখন দেশৰ মানুহে পুঁজি স্থানান্তৰ কৰিবলৈ ব্যৱহাৰ কৰিব পাৰিব । প্ৰধানমন্ত্ৰীয়ে লগতে আশা প্ৰকাশ কৰি কয় যে এনে ধৰণৰ কৌশলে জীৱন ধাৰণ অধিক সহজ কৰি তুলিছে ।

প্ৰধানমন্ত্ৰী মোডীয়ে লগতে কয় যে, ভাৰতীয় পুতলাৰ জনপ্ৰিয়তা ইমানেই বৃদ্ধি পাইছে যে ই এতিয়া দেশতে সীমাবদ্ধ হৈ থকা নাই আৰু বিদেশতো যথেষ্ট চাহিদা লাভ কৰিছে (Indian toys demand increase)। যোৱাবাৰ মন কি বাতত কাহিনী কোৱাৰ বিভিন্ন ভাৰতীয় ধাৰাৰ বিষয়ে কৈছিল প্ৰধানমন্ত্ৰীয়ে । ইয়াৰ ফলত তেওঁলোকৰ খ্যাতি আৰু জনপ্ৰিয়তা বৃদ্ধি পাইছে বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে ।

চৰ্দাৰ পেটেলৰ জন্ম জয়ন্তী অৰ্থাৎ 'একতা দিৱস' উপলক্ষে 'মন কি বাত'ৰ সময়ত তিনিটা প্ৰতিযোগিতাৰ বিষয়ে উল্লেখ কৰা হৈছিল (Mann Ki Baat on Ekta Divas)। সেইকেইটা 'গীত' দেশপ্ৰেমমূলক গীত, 'লৌড়ী' আৰু 'ৰংগোলী' সৈতে জড়িত বুলি মোডীয়ে কয় ।

সংগীত আৰু প্ৰদৰ্শন কলাৰ ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা দেখুওৱা শিল্পীসকলক উস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ প্ৰদান কৰা হৈছিল (Ustad Bismillah Khan Yuva Puraskar)। প্ৰধানমন্ত্ৰীৰ মতে বঁটা প্ৰাপ্তসকলৰ ভিতৰত এনে কিছুমান শিল্পী আছে যিয়ে কিছুমান বাদ্যযন্ত্ৰক নতুন জীৱন দিছে । যিবোৰ বাদ্যযন্ত্ৰৰ ব্যৱহাৰ হ্ৰাস হোৱাৰ বাবে মানুহৰ স্মৃতিৰ পৰা আঁতৰি গৈছিল ।

লগতে পঢ়ক :CBI to question Manish Sisodia: মনীষ চিছোদিয়াক পুনৰ CBIৰ জেৰা; গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা দিল্লীৰ উপ-মুখ্যমন্ত্ৰীগৰাকী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.