নেশ্যনেল ডেস্ক,২০ অক্টোবৰ : দেশবাসীৰ বাবে সুখবৰ । পোনপ্ৰথমবাৰৰ বাবে দেশত আৰম্ভ হ'ব আঞ্চলিক দ্ৰুত পৰিবহন ব্যৱস্থা (আৰআৰটিএছ) অৰ্থাৎ নমো ভাৰত ৰে'লসেৱা । এতিয়াৰে পৰা ভাৰতৰ যাত্ৰীসকলেও দ্ৰুত ৰে'ল বা ৰেপিড ৰে'লত উঠি ভ্ৰমণ কৰিব পাৰিব । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ৰে'লসেৱা আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিব । নমো ভাৰতৰ উদ্বোধনৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এখন ৰাজহুৱা সভা সম্বোধন কৰিব ।
ৰাজহুৱা সভাত ৫০ হাজাৰৰো অধিক লোক উপস্থিত থাকিব বুলি আশা কৰা হৈছে । ৰাজহুৱা সভাৰ স্থানত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে । লগতে, ১০ টা পাৰ্কিং লট নিৰ্মাণ কৰা হৈছে । য'ত হাজাৰ হাজাৰ বাহন ৰখাব পৰা যাব । আনহাতে চাৰিওফালৰ ৰাস্তাবোৰত যান-বাহনৰ চলাচলৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে । বসুন্ধৰাৰ একাংশ বিদ্যালয়ো বন্ধ ৰখা হৈছে আৰু চাহিবাবাদ ঔদ্যোগিক এলেকাৰ বহু কাৰখানা বন্ধ ৰখা হৈছে ।
উল্লেখ্য যে প্ৰধানমন্ত্ৰী মোদীয়ে বসুন্ধৰা চেক্টৰ ৮ত ৰাজহুৱা সভাখন সম্বোধন কৰিব । যাৰ বাবে জিলাৰ আৰক্ষী বাহিনীকে ধৰি নিৰাপত্তা সংস্থাসমূহে কেইবাদিনো পূৰ্বৰে পৰা নিৰাপত্তাৰ দায়িত্ব গ্ৰহণ কৰিছে ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যসূচীৰ প্ৰতি লক্ষ্য ৰাখি গাজিয়াবাদ যান-বাহন আৰক্ষীয়ে বহুতো পথৰ সালসলনি কৰা হৈছে । হিন্দন বায়ু সেনাৰ গোল চক্কৰৰ পৰা মোহন নগৰ হৈ চাহিবাবাদ ৰেপিডেক্স ষ্টেচনৰ ফালে সকলো ধৰণৰ বাহনৰ চলাচল সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে । আৰক্ষী থানা লিংক ৰোড ৰেড লাইটৰ পৰা চাহিবাবাদ ৰেপিডেক্স ষ্টেচন আৰু ৰাজহুৱা সভাৰ ফালে সকলো ধৰণৰ বাহনৰ চলাচল সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে ।
চিআইএছএফ ৰোড ইন্দ্ৰপুৰমৰ পৰা চাহিবাবাদ ৰেপিডেক্স ষ্টেচন আৰু ৰাজহুৱা সভালৈ অহা বাহনৰ বাহিৰে সকলো ধৰণৰ বাহনৰ চলাচল সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে । একেদৰে, চাহিবাবাদ ৰেপিডেক্স ষ্টেচনলৈ অহা বাহনৰ চলাচলৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে ।
লাল কুঁৱাৰ পৰা সীমাপুৰীলৈ পথটোৰ দুয়োফালে সকলো ধৰণৰ বাণিজ্যিক বাহনৰ চলাচল সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে । মিৰাটৰ পৰা গাজিয়াবাদ অভিমুখে অহা সকলো ধৰণৰ গধুৰ, মজলীয়া বাণিজ্যিক বাহন দুহাই পেৰিফেৰেলৰ পৰা গাজিয়াবাদ অভিমুখে আহিবলৈ অনুমতি দিয়া নহ'ব । সিদ্ধাৰ্থ বিহাৰৰ ৰেড লাইটৰ পৰা মিৰাট তিৰাহালৈ সকলো ধৰণৰ বাহনৰ চলাচলো সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে । আত্মাৰাম ষ্টীলৰ পৰা হাপুৰ চুঙ্গি হৈ এএলটি অভিমুখে সকলো ধৰণৰ গধুৰ বাণিজ্যিক বাহনৰ চলাচল সম্পূৰ্ণৰূপে নিষিদ্ধ ।
লগতে পঢ়ক :Margadarsi Shares Case : মাৰ্গদৰ্শী শ্বেয়াৰ অভিযোগ খণ্ডন ৰামোজী গ্ৰুপৰ; ষড়যন্ত্ৰৰ অভিযোগ