ETV Bharat / bharat

Bastille Day 2023 : ফ্ৰান্সৰ বেষ্টিল দিৱসৰ গুৰুত্ব; পৰম্পৰাগত কুছকাৱাজত ভাৰতীয় সেনা - Indian military in Bastille Day

ফ্ৰান্সৰ বেষ্টিল দিৱসত ভাৰতীয় সেনাই অংশগ্ৰহণ কৰিব । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অনুষ্ঠানৰ বিশিষ্ট অতিথি হ'ব । কিন্তু এই বেষ্টিল দিৱসৰ গুৰুত্ব কি ? আপুনি জানেনে ?

Bastille Day 2023
ফ্ৰান্সৰ বেষ্টিল দিৱসৰ গুৰুত্ব
author img

By

Published : Jul 13, 2023, 3:05 PM IST

নেশ্যনেল ডেস্ক,১৩ জুলাই : ফ্ৰান্সত প্ৰতি বছৰে ১৪ জুলাইত 'বেষ্টিল দিৱস' পালন কৰা হয় । বেষ্টিল দিৱস হৈছে ফ্ৰান্সৰ এক ৰাষ্ট্ৰীয় দিৱস । এই দিৱসৰ লগত সংগতি ৰাখি এক বিশাল কুচকাৱাজৰ আয়োজন কৰা হয় । ১৭৮৯ চনৰ ১৪ জুলাইত সামৰিক দূৰ্গ তথা কাৰাগাৰ হিচাপে জনাজাত বেষ্টিল ধ্বংসৰ স্মৃতি হিচাপে এই দিৱস পালন কৰা হয় । কোৱা হয় যে উত্তেজিত জনতাই বেষ্টিল কাৰাগাৰত আক্ৰমণ কৰিছিল । সেই দিনটোৰ পৰাই ফৰাচী বিপ্লৱৰ সূচনা হৈছিল । ভাৰতৰ স্বাধীনতাত ১৮৫৭ চনৰ বিদ্ৰোহৰ যি গুৰুত্ব আছে ঠিক তেনেদৰে ফ্ৰান্সত বেষ্টিল দিৱসৰ একে গুৰুত্ব আছে ।

  • A warm welcome to France for the 🇮🇳 tri-force contingent that will march in the #BastilleDay parade on July 14!

    We feel especially honored to welcome soldiers from the Punjab Regiment, whose valorous history includes fighting alongside 🇫🇷 troops in WWI.pic.twitter.com/1ZQClPFdIY

    — French Embassy in India 🇫🇷🇪🇺 (@FranceinIndia) July 7, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ফ্ৰান্সৰ ৰাজধানী পেৰিছৰ বেষ্টিল হৈছে মধ্যযুগৰ এটা কিল্লা আৰু কাৰাগাৰৰ নাম । ফৰাচী বুৰঞ্জীবিদসকলৰ মতে, বেষ্টিল প্ৰথমে দুৰ্গ হিচাপে নিৰ্মাণ কৰা হৈছিল, কিন্তু ১৭ আৰু ১৮ শতিকাত ইয়াক ৰাজ্যিক কাৰাগাৰ হিচাপে ব্যৱহাৰ কৰা হয় । কোৱা হয় যে বেষ্টিল পেৰিছ চহৰৰ পূব দুৱাৰমুখ হৈ পৰিছিল, যি চহৰখনক সুৰক্ষা প্ৰদান কৰিছিল । কোৱা হয় যে সপ্তদশ শতিকাৰ মাজভাগত বিপ্লৱী আৰু সাধাৰণ নাগৰিকসকলক ফ্ৰান্সৰ ৰজাৰ নিৰ্দেশত গ্ৰেপ্তাৰ কৰা হৈছিল আৰু বেষ্টিল কাৰাগাৰত ৰখা হৈছিল । ফৰাচী বিপ্লৱৰ সময়ত, এই কাৰাগাৰক এক কঠোৰ শাসনৰ প্ৰতীক হিচাপে গণ্য কৰা হৈছিল ।

সেই সময়ত বিপ্লৱীসকলে বেষ্টিল কাৰাগাৰত আক্ৰমণ কৰে আৰু ৭ গৰাকী বন্দীক মুকলি কৰি আনে । তাৰ পাছত ইয়াক ফৰাচী বিপ্লৱ নাম দিয়া হয় । এই ঘটনাটো ফৰাচী বিপ্লৱৰ এক গুৰুত্বপূৰ্ণ ঘটনা হিচাপে বিবেচিত হৈছিল । ঘটনাটোক ৰাজতান্ত্ৰিক শাসনৰ সমাপ্তি হিচাপে গণ্য কৰা হৈছিল ।

  • #WATCH | Prime Minister Narendra Modi departed from Delhi for Paris, France earlier this morning.

    He will take part in the Bastille Day celebrations as the Guest of Honour on July 14. During his visit, he will hold discussions with French President Emmanuel Macron and other… pic.twitter.com/nXjlXDwfKv

    — ANI (@ANI) July 13, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

এইবাৰ ভাৰতৰ বাবেও যথেষ্ট গুৰুত্বপূৰ্ণ হৈছে ফ্ৰান্সৰ এই বেষ্টিল দিৱস । কিয়নো এই দিৱসৰ পেৰেডত ভাৰতীয় সেনাইও অংশগ্ৰহণ কৰিব । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'নৰ আমন্ত্ৰণ ৰক্ষা কৰি ইতিমধ্যে ফ্ৰান্স অভিমুখে ৰাওনা হৈছে । প্ৰধানমন্ত্ৰী মোদী ১৪ জুলাইত বেষ্টিল দিৱসৰ কুচকাৱাজত মুখ্য অতিথি হিচাপে অংশ ল'ব । বেষ্টিল দিৱসৰ পেৰেডত ভাৰতীয় সেনাৰ তিনিওটা বাহিনীৰ ২৬৯ জনীয়া এটা দলক ফৰাচী বাহিনীৰ সৈতে দেখা যাব । ইফালে ১০৭ বছৰত প্ৰথমবাৰৰ বাবে ভাৰতীয় সেনাই ফৰাচী সেনাৰ সৈতে কুচকাৱাজত অংশগ্ৰহণ কৰিব ।

এই বছৰৰ বেষ্টিল দিৱসৰ কুচকাৱাজ ভাৰতীয় সৈনিকসকলৰ বীৰত্বৰ প্ৰতীক হ'ব । জানিব পৰা মতে এইবাৰ কুচকাৱাজত ২০০ অশ্বাৰোহী, ২৫ খন হেলিকপ্টাৰ, ৭১ খন বিমান, ২২১ খন বাহন আৰু ৪৩০০ গৰাকী সেনাই অংশগ্ৰহণ কৰিব ।

লগতে পঢ়ক :PM Modi to visit France : ৩ দিনীয়া কাৰ্যসূচীৰে ফ্ৰান্স আৰু UAE যাত্ৰা প্ৰধানমন্ত্ৰী মোডীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.