ETV Bharat / bharat

PM Modi US visit : আমেৰিকাৰ ৰাষ্ট্ৰপতিক কি কি উপহাৰ দিলে প্ৰধানমন্ত্ৰী মোডীয়ে ?

author img

By

Published : Jun 22, 2023, 10:34 AM IST

Updated : Jun 22, 2023, 12:32 PM IST

লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আমেৰিকা ভ্ৰমণ । আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বিডেন আৰু ফাৰ্ষ্ট লেডী জিল বিডেনক সাক্ষাৎ মোডীৰ । প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ বিভিন্ন ৰাজ্যৰ বিশেষ সামগ্ৰী উপহাৰ হিচাপে দিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি আৰু পত্নীক । বিনিময়ত প্ৰধানমন্ত্ৰীও পালে কেইবাটাও উপহাৰ ।

PM Modi US visit
আমেৰিকাৰ ৰাষ্ট্ৰপতিক কি কি উপহাৰ দিলে প্ৰধানমন্ত্ৰী মোডীয়ে

নেশ্যনেল ডেস্ক, ২২ জুন : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আমেৰিকা ভ্ৰমণৰ আজি দ্বিতীয় দিন । এইবাৰৰ প্ৰধানমন্ত্ৰী মোডীৰ ভ্ৰমণ যথেষ্ট আকৰ্ষণীয় হৈ পৰিছে । দ্বিতীয় দিনাৰ কাৰ্যসূচীৰ অংশ হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ফাৰ্ষ্ট লেডী জিল বিডেনৰ সৈতে ৱাশ্বিংটনৰ হোৱাইট হাউচত উপস্থিত হয় । য'ত ৰাষ্ট্ৰপতি জ' বিডেনে তেওঁক উষ্ম আদৰণি জনায় । এই সময়ছোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাষ্ট্ৰপতি জ' বিডেন আৰু ফাৰ্ষ্ট লেডী জিল বিডেন ভাৰতৰ কিছুমান বিশেষ বস্তু উপহাৰ দিয়া দেখা গৈছে । লগতে, জ' বিডেনেও প্ৰধানমন্ত্ৰী মোডীক বিশেষ উপহাৰ প্ৰদান কৰিছে ।

প্ৰধানমন্ত্ৰী মোডীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ' বিডেনক পঞ্জাৱৰ থলুৱা ঘি, ৰাজস্থানৰ হস্তনিৰ্মিত ২৪ কেৰেটৰ হলমাৰ্ক থকা সোণৰ মুদ্ৰা, ৯৯.৫ শতাংশ কেৰেটৰ ৰূপৰ মুদ্ৰা, উত্তৰাখণ্ডৰ পৰা চাউল, গুজৰাটৰ নিমখ, মহাৰাষ্ট্ৰৰ গুড়, তামিলনাডুৰ তিল, কৰ্ণাটকৰ মহীশূৰৰ চন্দনৰ টুকুৰা, পশ্চিমবংগৰ শিল্পীয়ে নিৰ্মাণ কৰা ৰূপৰ নাৰিকল আৰু এটা গণেশৰ মূৰ্তিৰ সৈতে চাকি দিয়ে । ফাৰ্ষ্ট লেডী জিল বিডেনক প্ৰধানমন্ত্ৰী মোডীয়ে এটা ৭.৫ কেৰেটৰ গ্ৰীণ হীৰাও উপহাৰ দিয়ে ।

ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাষ্ট্ৰপতি জ' বিডেনক লণ্ডনস্থিত ফেবাৰ এণ্ড ফেবাৰ লিমিটেডৰ দ্বাৰা প্ৰকাশিত আৰু ইউনিভাৰ্চিটি প্ৰেছ গ্লাছগোত প্ৰস্তুত কৰা 'দ্য টেন প্ৰিন্সিপাল উপনিষদ' গ্ৰন্থখনৰ প্ৰথম সংস্কৰণৰ এটা প্ৰতিলিপিও উপহাৰ দিয়ে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৱাশ্বিংটন ডিচিৰ হোৱাইট হাউচত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ' বিডেন আৰু ফাৰ্ষ্ট লেডী জিল বিডেনৰ সৈতে বিশেষ উপহাৰ বিনিময় কৰে ।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ' বিডেন আৰু ফাৰ্ষ্ট লেডী জিল বিডেনেও প্ৰধানমন্ত্ৰী মোডীক কিছুমান বিশেষ উপহাৰ প্ৰদান কৰে । ইয়াৰ ভিতৰত আছে বিংশ শতিকাৰ এটা প্ৰাচীন গ্ৰন্থ গেলেৰী, এটা ভিণ্টেজ আমেৰিকান কেমেৰা, আমেৰিকান বন্যপ্ৰাণী ফটোগ্ৰাফীৰ ওপৰত এখন গ্ৰন্থ আৰু ৰবাৰ্ট ফ্ৰষ্টৰ সংগ্ৰহ কৰা কবিতাৰ প্ৰথম সংস্কৰণৰ এটা প্ৰতিলিপি । ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ফাৰ্ষ্ট লেডী জিল বিডেনৰ সৈতে ভাৰ্জিনিয়াত অনুষ্ঠিত নেচনেল চাইন্স ফাউণ্ডেচনৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক : Elon Musk Meeting With PM Modi : অন্য ডাঙৰ দেশতকৈ ভাৰত অধিক প্ৰতিশ্ৰুতিবদ্ধ; ইলন মাস্ক

Last Updated : Jun 22, 2023, 12:32 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.