নেশ্যনেল ডেস্ক, ২৪ ফেব্ৰুৱাৰী: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক উদ্দেশ্যি আক্ৰমণাত্মক মন্তব্য পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ । বুধবাৰে হুগলী জিলাৰ ছাহাগঞ্জত অনুষ্ঠিত নিৰ্বাচনী সভাত অংশ লৈ প্ৰধানমন্ত্ৰীগৰাকীক তীব্ৰ সমালোচনা কৰে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আটাইতকৈ ডাঙৰ 'বিদ্ৰোহী' আখ্যা দি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পতকৈও অধিক বেয়া দশা হ'ব প্ৰধানমন্ত্ৰী মোডীৰ ।
তেওঁ লগতে কয় যে, প্ৰধানমন্ত্ৰী মোডী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সমগ্ৰ দেশবাসীক মিছা কথা কোৱাৰ লগতে আৰু দোশত ঘৃণা বিয়পাইছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সবাতোকৈ ডাঙৰ 'বিদ্ৰোহী' বুলি কটাক্ষ কৰে মমতা বেনাৰ্জীয়ে । তেওঁ কয় যে, হিংসাত্মক কাৰ্য-কলাপৰ পৰা একো লাভ কৰিব নোৱাৰি । বিধানসভা নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰসংগত তেওঁ কয় যে, "নিৰ্বাচনত মই গ'লকীপাৰ হিচাপে থাকিম আৰু বিজেপিয়ে এটা গ'ল কৰিবলৈও সক্ষম নহব । সকলো গ'ল পোষ্টৰ ওপৰেৰে যাব " ।
কয়লা কেলেংকাৰী সন্দৰ্ভত শেহতীয়াকৈ চিবিআয়ে তৃণমূল কংগ্ৰেছৰ সাংসদ অভিষেক বেনাৰ্জীক জেৰা কৰা প্ৰসংগত তেওঁ কয় যে, 'এয়া তেওঁলোকৰ মহিলাসকলৰ বাবে এক অপমান' । ছাহাগঞ্জৰ নিৰ্বাচনী সভাতে মুখ্যমন্ত্ৰীগৰাকীৰ উপস্থিতিত তৃণমূল কংগ্ৰেছত যোগদান কৰে ক্ৰিকেটাৰ মনোজ তিৱাৰী আৰু বহু কেইগৰাকী বঙালী অভিনেতাই ।
লগতে পঢ়ক:কৃষক বিদ্ৰোহঃ সংসদ ভৱনলৈ সমদল উলিওৱাৰ হুংকাৰ ৰাকেশ টিকেইটৰ