ETV Bharat / bharat

শেহতীয়া ক’ভিড পৰিস্থিতি সন্ধৰ্ভত কি ক’লে প্ৰধানমন্ত্ৰীয়ে ? - দেশবাসীক সম্বোধন প্ৰধানমন্ত্ৰীৰ

ব্যক্তিগত চিকিৎসালয়সমূহে প্ৰতিষেধকৰ ওপৰত সেৱা মাচুল হিচাপে কেৱল ১৫০ টকাহে ল'ব পাৰিব । ৰাজ্যসমূহৰ সৈতে ২৫ শতাংশ টিকাকৰণৰ কাম এতিয়া কেন্দ্ৰই পৰিচালনা কৰিব আৰু অহা দুসপ্তাহত ইয়াক কাৰ্যকৰী কৰা হ'ব । তদুপৰি ২১ জুনৰ পৰা ১৮ বছৰৰ অধিক বয়সৰ লোকক বিনামূলীয়া প্ৰতিষেধক প্ৰদান কৰা হ'ব ৷ ক’ভিড পৰিস্থিতি সন্দৰ্ভত দেশবাসীক সম্বোধন কৰি সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰে এই কথা ৷

PM Modi announces centralised vaccine drive
শেহতীয়া ক’ভিড পৰিস্থিতি সন্ধৰ্ভত কি ক’লে প্ৰধানমন্ত্ৰীয়ে ?
author img

By

Published : Jun 7, 2021, 10:24 PM IST

নিউজ ডেস্ক, 7 জুন : কৰ’ণা মহামাৰীৰ দ্বিতীয় ঢৌৰ মাজত ক’ভিড পৰিস্থিতি সন্দৰ্ভত দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সোমবাৰে এক কেন্দ্ৰীভূত প্ৰতিষেধক অভিযানৰ ঘোষণা কৰে ৷ য'ত ভাৰত চৰকাৰে সকলো প্ৰতিষেধক ক্ৰয় কৰিব আৰু ৰাজ্যসমূহক বিনামূলীয়াকৈ প্ৰদান কৰা হ'ব ৷ তদুপৰি ২১ জুনৰ পৰা ১৮ বছৰৰ অধিক বয়সৰ লোকক বিনামূলীয়া প্ৰতিষেধক প্ৰদান কৰা হ'ব বুলিও ঘোষণা কৰে প্ৰধানমন্ত্ৰী মোডীয়ে ।

প্ৰধানমন্ত্ৰীয়ে লগতে জনায় যে, ব্যক্তিগত চিকিৎসালয়সমূহে প্ৰতিষেধকৰ ওপৰত সেৱা মাচুল হিচাপে কেৱল ১৫০ টকাহে ল'ব পাৰিব । প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে, ৰাজ্যসমূহৰ সৈতে ২৫ শতাংশ টিকাকৰণৰ কাম এতিয়া কেন্দ্ৰই পৰিচালনা কৰিব আৰু অহা দুসপ্তাহত ইয়াক কাৰ্যকৰী কৰা হ'ব । ৰাজ্য আৰু কেন্দ্ৰ দুয়োটাই অহা দুসপ্তাহত নতুন নিৰ্দেশনা অনুসৰি কাম কৰিব বুলিও জনায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।

লগতে পঢ়ক: ক’ভিড-19: ভাৰতত বিগত 24 ঘণ্টাত মৃত্যু 2,427 গৰাকীৰ

ভাৰত চৰকাৰে প্ৰতিষেধক নিৰ্মাতা সকলে প্ৰস্তুত কৰা মুঠ প্ৰতিষেধকৰ ৭৫ শতাংশ ক্ৰয় কৰিব আৰু ইয়াক ৰাজ্য চৰকাৰসমূহক বিনামূলীয়াকৈ প্ৰদান কৰিব । ৰাজ্যসমূহে প্ৰতিষেধকৰ বাবে একো খৰচ কৰিব নালাগিব বুলিও মন্তব্য কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে । ভাৰ্চুৱেল ভাষণৰ সময়ত মোডীয়ে কয় যে, ক’ভিড হৈছে বিগত ১০০ বছৰৰ ভিতৰত আটাইতকৈ মাৰাত্মক মহামাৰী আৰু আধুনিক বিশ্বই এনে মহামাৰী দেখা নাই ৷ কিন্তু ভাৰতে বিভিন্ন স্তৰত ইয়াৰ বিৰুদ্ধে যুঁজ দিছে । দেশৰ স্বাস্থ্য আন্তঃগাঁথনি সন্দৰ্ভত মন্তব্য প্ৰদান কৰি তেওঁ কয় যে, বিগত ডেৰ বছৰত ক’ভিড চিকিৎসালয়, ভেণ্টিলেটৰ বিচনা আৰু পৰীক্ষাগাৰৰ এক বৃহৎ নেটৱৰ্কৰ সৈতে নতুন স্বাস্থ্য আন্তঃগাঁথনি বিকশিত কৰা হৈছে ৷ এপ্ৰিল-মে'ত কৰ’ণাৰ দ্বিতীয় ঢৌৰ সময়ত চিকিৎসা-অক্সিজেনৰ চাহিদাও অভূতপূৰ্ব হাৰত বৃদ্ধি পাইছে ।

অতীতত প্ৰতিষেধকৰ বিপৰীত সমানুপাতিক চাহিদা আৰু যোগানৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, ইয়াৰ চাহিদাৰ তুলনাত বিশ্বত প্ৰতিষেধক নিৰ্মাতাৰ সংখ্যা যথেষ্ট কম । তেওঁ কয় যে, "কল্পনা কৰক যদি আমাৰ ওচৰত প্ৰতিষেধক নাথাকিলহেঁতেন তেন্তে ভাৰতত কি হ'লহেতেন । যদি আপুনি যোৱা 50-60 বছৰৰ ইতিহাস লক্ষ্য কৰে, আপুনি জানিব যে ভাৰতৰ বিদেশৰ পৰা প্ৰতিষেধক লাভ কৰিবলৈ কেইবা দশক লাগিছিল । প্ৰতিষেধকৰ কাম বিদেশত সম্পূৰ্ণ কৰা হৈছিল, যদিও তেতিয়াও আমাৰ দেশত টিকাকৰণৰ কাম আৰম্ভ কৰিব পৰা হোৱা নাই ।"

ভাৰতত ক’ভিড টিকাকৰণ অভিযানৰ প্ৰশংসা কৰি তেওঁ কয় যে, যোৱা এবছৰত ভাৰতে দুটা মেড-ইন-ইণ্ডিয়া প্ৰতিষেধক মুকলি কৰিছে আৰু ২৩ কোটিতকৈও অধিক প্ৰতিষেধকৰ পালি প্ৰদান কৰা হৈছে । তেওঁ লগতে কয় যে, অনাগত দিনত প্ৰতিষেধকৰ যোগান বৃদ্ধি পাব । দেশৰ সাতটা কোম্পানীয়ে বিভিন্ন প্ৰতিষেধক প্ৰস্তুত কৰি আছে আনহাতে তিনিটা প্ৰতিষেধক পৰীক্ষণ অন্তিম পৰ্যায়ত আছে ।

বিদেশৰ পৰা প্ৰতিষেধক সংগ্ৰহৰ প্ৰক্ৰিয়াৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, প্ৰতিষেধকৰ উপলব্ধতা বৃদ্ধি কৰিবলৈ বিদেশৰ পৰা প্ৰতিষেধক সংগ্ৰহৰ প্ৰক্ৰিয়া দ্ৰুতগতিত বৃদ্ধি পাইছে । শিশুসকলৰ মাজত ক’ভিড সংক্ৰমণৰ বৰ্ধিত ভাবুকি সন্দৰ্ভত তেওঁ কয় যে, বিশেষজ্ঞসকলে শিশুৰ বিষয়েও উদ্বেগ প্ৰকাশ কৰিছে আৰু এই দিশত দুটা প্ৰতিষেধকৰ পৰীক্ষণ চলি আছে ।

প্ৰধানমন্ত্ৰী মোডীয়ে দেশবাসীক দিয়া ভাষণৰ মুখ্য বিষয়সমূহ:

  • কেন্দ্ৰই প্ৰতিষেধকৰ 75 শতাংশ ক্ৰয় কৰিব ৷
  • ৰাজ্যসমূহে 21 জুনৰ পৰা প্ৰতিষেধক বিনামূলীয়াকৈ পাব ৷
  • ব্যক্তিগত চিকিৎসালয়সমূহে এতিয়াও প্ৰতিষেধক নিৰ্মাতাসকলৰ পৰা 25 শতাংশ প্ৰতিষেধক ক্ৰয় কৰিব পাৰে ৷
  • 18 বছৰৰ ওপৰৰ সকলোৰে বাবে বিনামূলীয়া প্ৰতিষেধক ৷

প্ৰধানমন্ত্ৰীয়ে লগতে ঘোষণা কৰে যে, চৰকাৰে প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ আন্না যোজনা দেৱালীলৈকে সম্প্ৰসাৰিত কৰাৰ সিদ্ধান্ত লৈছে ৷ য'ত এই আঁচনিৰ অধীনত ৮০ কোটি দৰিদ্ৰ লোকক বিনামূলীয়া ৰেচন প্ৰদান কৰা হ'ব ।

উল্লেখ্য যে, ভাৰতত বৰ্তমানলৈকে ক’ভিডত আক্ৰান্তৰ সংখ্যা 2,89,09,975 গৰাকীলৈ বৃদ্ধি পাইছে ৷ ইফালে ক’ভিডত মৃত্যু হৈছে 3,49,186 গৰাকীকৈ লোকৰ ৷ এই পৰ্যন্ত ক’ভিডৰ পৰা আৰোগ্য লাভ কৰিছে 2,71,59,180 গৰাকীয়ে ৷

লগতে পঢ়ক: পুণে অগ্নিকাণ্ড: মৃতকৰ সংখ্যা 17 লৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.