ETV Bharat / bharat

জ' বাইডেন আৰু মোডীৰ টেলিফোনিক বাৰ্তালাপ

author img

By

Published : Nov 18, 2020, 10:22 PM IST

Updated : Nov 19, 2020, 7:07 PM IST

ভাৰত আৰু সংযুক্ত ৰাষ্ট্ৰৰ মাজত কৌশলগত সম্পৰ্ক আৰু অধিক সুদৃঢ় কৰি তোলাৰ বাবে অংগীকাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু জ' বাইডেনৰ ৷ বিভিন্ন বিষয়ক সামৰি দুয়োৰে মাজত টেলিফোনিক বাৰ্তালাপ ৷ ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ বাবে বাইডেনক মোডীৰ শুভেচ্ছা ৷

জ' বাইডেন আৰু মোডীৰ টেলিফোনিক বাৰ্তালাপ
জ' বাইডেন আৰু মোডীৰ টেলিফোনিক বাৰ্তালাপ

ৱাশ্চিংটন, 18 নৱেম্বৰ: সংযুক্ত ৰাষ্ট্ৰৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি জ' বাইডেন আৰু আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মাজত বিভিন্ন বিষয়ক সামৰি আলোচনা ৷ মঙলবাৰে ৰাষ্ট্ৰদূত তৰণজিৎ সিং সান্ধুৱে এই কথা প্ৰকাশ কৰে ৷ তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোডীয়ে বাইডেন ক ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ বাবে শুভেচ্ছা প্ৰদান কৰাৰ পৰিৱৰ্তে বাইডেনে মোডী আৰু ভাৰতবাসীক দীপাৱলীৰ শুভেচ্ছা জনাই ৷

দূত গৰাকীয়ে জানিবলৈ দিয়ে যে পৰিৱেশ , পুনৰ নৱীকৰণযোগ্য আৰু সৌৰ শক্তিৰ ভূমিকা ইত্যাদি বিভিন্ন বিষয়ত আলোচনা কৰাৰ উপৰিও ভাৰত আৰু আমেৰিকাৰ মাজৰ কৌশলগত সম্পৰ্ক, ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চল তথা ক'ভিড সৃষ্ট পৰিৱেশৰ পৰিপ্ৰেক্ষিতত সংযুক্ত ৰাষ্ট্ৰ , ভাৰত তথা বিশ্বই সন্মুখীন হোৱা বিভিন্ন সমস্যাসমূহৰ বিষয়ে বাইডেন আৰু মোডীয়ে আলোচনা কৰে ৷

মঙলবাৰে প্ৰধানমন্ত্ৰী মোডী আৰু বাইডেনৰ মাজত এক টেলিফোনিক বাৰ্তালাপ হয় ৷ এই বাৰ্তালাপত দুয়োগৰাকীয়ে ভাৰত আৰু সংযুক্ত ৰাষ্ট্ৰৰ মাজৰ কৌশলগত সম্পৰ্কক আৰু আগবঢ়াই নিয়াৰ বাবে সহমতত উপনীত হয় ৷ উল্লেখ্য যে বাইডেনক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে উপ ৰাষ্ট্ৰপতি পদৰ বাবে নিৰ্বাচিত কমলা হেৰিছকো শুভেচ্ছা জ্ঞাপন কৰে ৷

ইফালে বিডেন - হেৰিছ নেতৃত্বাধীন দলটোৱে এই কথা উল্লেখ কৰিছে যে বিশ্ব প্ৰেক্ষাপটৰ প্ৰত্যাহ্বান সমূহ, যেনে ক'ভিড-19 অতিমাৰী আদিৰ দৰে বিষয়সমূহৰ ক্ষেত্ৰত ভাৰতৰ প্ৰধানমন্ত্ৰী গৰাকীৰ সৈতে জ' বাইডেনে কাম কৰিব বিছাৰিব ৷

লগতে পঢ়ক: আকাশমাৰ্গতে মুখ্যমন্ত্ৰী সোণোৱালৰ হেলিকপ্তাৰত অথন্তৰ

Last Updated : Nov 19, 2020, 7:07 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.