ETV Bharat / bharat

সম্প্ৰচাৰ হ’ল প্ৰধানমন্ত্ৰী মোডীৰ বছৰৰ অন্তিমটো মন কী বাত অনুষ্ঠান

author img

By

Published : Dec 27, 2020, 12:50 PM IST

মন কী বাত অনুষ্ঠান প্ৰতি মাহে ৰেডিঅ’যোগে প্ৰচাৰিত এক অনুষ্ঠান ৷ যি প্ৰতি মাহৰ শেষৰটো দেওবাৰে প্ৰচাৰিত হয় ৷

PM Modi addresses nation through his Mann Ki Baat etv bharat news
বছৰৰ অন্তিমটো মন কী বাতৰ অনুষ্ঠান প্ৰচাৰিত

নতুন দিল্লী,27 ডিচেম্বৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বছৰৰ অন্তিমটো দেওবাৰত ৰেডিঅ’যোগে প্ৰচাৰিত মন কী বাতৰ জৰিয়তে দেশবাসীক সম্বোধন কৰে ৷ 72 সংখ্যক দেওবাৰৰ এই অনুষ্ঠান প্ৰধানমন্ত্ৰীৰ দ্বাৰা প্ৰচাৰিত বছৰৰ অন্তিমটো মন কী বাতৰ অনুষ্ঠান আছিল ৷

শনিবাৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে শীঘ্ৰে এই অনুষ্ঠান আঞ্চলিক ভাষাত প্ৰচাৰ হ’ব বুলি টুইটাৰত টুইট কৰে ৷ আকাশবাণীৰ জৰিয়তে প্ৰচাৰৰ পিছতে অল ইণ্ডিয়া ৰেডিঅ’, ডিডি আৰু নৰেন্দ্ৰ মোডী ম’বাইল এপৰ জৰিয়তে আঞ্চলিক ভাষাত এই অনুষ্ঠান প্ৰচাৰিত হ’ব ৷

প্ৰতি মাহত ৰেডিঅ’ৰ জৰিয়তে প্ৰচাৰিত অনুষ্ঠান মন কী বাতৰ 71 সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰী মোডীয়ে শক্তিশালী, জীৱন্ত আৰু সক্ৰিয় প্ৰাক্তন ছাত্ৰসকলক একত্ৰিত কৰাত গুৰুত্ব আৰোপ কৰিছিল ৷ শৈক্ষিক প্ৰতিষ্ঠানসমূহত ন ন পদ্ধতিসমূহ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত আৰু প্ৰাক্তন শিক্ষাৰ্থীসকলৰ সৈতে সু-সম্পৰ্ক ৰক্ষা কৰিবলৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে আগ্ৰহ প্ৰকাশ কৰিছিল ৷

প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে যে, বৃহৎ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহৰ লগতে গ্ৰামাঞ্চলৰ শিক্ষানুষ্ঠানসমূহতো সক্ৰিয় প্ৰাক্তন ছাত্ৰসকলৰ নেটৱৰ্ক গঢ়ি তোলাতো অতি প্ৰয়োজনীয় ৷

মন কী বাত অনুষ্ঠান প্ৰতি মাহে ৰেডিঅ’যোগে প্ৰচাৰিত এক অনুষ্ঠান ৷ যি প্ৰতি মাহৰ শেষৰটো দেওবাৰে প্ৰচাৰিত হয় ৷

লগতে চাওকঃ মা কামাখ্যাৰ আশিস ল'লে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.