ETV Bharat / bharat

প্ৰধানমন্ত্ৰীৰ উপহাৰৰ নিলাম : নীৰজ চোপ্ৰাৰ জেভলিনে পালে সৰ্বাধিক টকাৰ নিবিদা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে লাভ কৰা উপহাৰ আৰু স্মাৰকবোৰৰ তৃতীয় পৰ্যায়ৰ নিলাম প্ৰক্ৰিয়াত এইবাৰ ৰখা হৈছিল টকিঅ' অলিম্পিকৰ খেলুৱৈসকলে প্ৰধানমন্ত্ৰীক উপহাৰ দিয়া বিভিন্ন খেলৰ সামগ্ৰীও ।

author img

By

Published : Oct 8, 2021, 2:11 PM IST

PM Mementos Auction
নীৰজ চোপ্ৰাৰ জেভলিনে পালে সৰ্বাধিক টকাৰ নিবিদা

নেশ্যনেল ডেস্ক, ৮ অক্টোবৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে লাভ কৰা উপহাৰ আৰু স্মাৰকবোৰৰ তৃতীয় পৰ্যায়ৰ নিলাম প্ৰক্ৰিয়া অনুষ্ঠিত হয় । বৃহস্পতিবাৰে ই-নিলামৰ শেষত অলিম্পিকৰ স্বৰ্ণ জয়ী নীৰজ চোপ্ৰাই প্ৰধানমন্ত্ৰীক উপহাৰ দিয়া জেভলিনে সৰ্বাধিক ১.৫ কোটি টকাৰ নিবিদা লাভ কৰে । আনহাতে, চৰ্দাৰ পেটেলৰ এক ভাস্কৰ্যই সৰ্বাধিক সংখ্যক নিবিদা লাভ কৰে ।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী মোডীক প্ৰদান কৰা সন্মানীয় উপহাৰ আৰু স্মাৰকসমূহৰ ই-নিলামৰ তৃতীয় পৰ্যায়টো ৱেব পৰ্টেল www.pmmementos.gov.inৰ জৰিয়তে ১৭ ছেপ্টেম্বৰৰ পৰা ৭ অক্টোবৰলৈ অনুষ্ঠিত হৈছিল । ইফালে এই ই-নিলামৰ উপাৰ্জনৰ ধন নমামি গঙ্গে মিছনলৈ (Namami Gange Mission) যাব । প্ৰধানমন্ত্ৰী মোডীয়ে দেশৰ জীৱনৰেখা স্বৰূপ পবিত্ৰ নদী গংগা সংৰক্ষণ আৰু পুনৰুজ্জীৱিত কৰাৰ মহৎ উদ্দেশ্যৰ বাবে তেওঁ লাভ কৰা সকলো উপহাৰ নিলাম কৰিছে ।

নীৰজ চোপ্ৰাৰ উপৰিও ভাৰতীয় খেলুৱৈ ভৱানী দেৱীৰ (Bhavani Devi) তৰোৱালে ১.২৫ কোটি টকা, সুমিত এণ্টিলৰ জেভলিনে ১.০০২ কোটি , টকিঅ' ২০২০ পেৰালিম্পিক দলে চহী কৰা অংগবস্ত্ৰ ১ কোটি আৰু লাভলীনা বৰগোহাঁইৰ বক্সিং গ্ল'ভছ ৯১ লাখৰ নিবিদা লাভ কৰে ।

ইফালে, আলংকাৰিক গদা, ষ্টেচু অফ ইউনিটিৰ প্ৰতিকৃতি, যঁতৰ আৰু ঘণ্টাৰ দৰে সামগ্ৰীবোৰে আধাৰ মূল্যৰ তুলনাত সৰ্বাধিক নিবিদা লাভ কৰে । ১৪০ সংখ্যক নিবিদাৰে চৰ্দাৰ পেটেলৰ ভাস্কৰ্যই সৰ্বাধিক নিবিদা লাভ কৰে । তাৰ পাছতে কাঠৰ গণেশ মূৰ্তিয়ে ১১৭ টা নিবিদা, পুণে মেট্ৰ' লাইনৰ এটা স্মাৰকে ১০৪ টা নিবিদা আৰু ভিক্টৰী ফ্লেমৰ এটা স্মাৰকে ৯৮ টা নিবিদা লাভ কৰে ।

ই-নিলামৰ সময়ত, তৃতীয় ৰাউণ্ডৰ বাবে ১,৩৪৮ টা স্মাৰক ৰখা হৈছিল । ই-নিলামৰ এই পৰ্যায়ৰ মুখ্য বস্তুবোৰৰ ভিতৰত আছিল পদক বিজয়ী টকিঅ' ২০২০ পেৰালিম্পিক গেমছ আৰু টকিঅ' ২০২০ অলিম্পিক গেমছৰ ক্ৰীড়া স্মাৰক, অযোধ্যা ৰাম মন্দিৰৰ আৰ্হি, বাৰাণসীৰ ৰুদ্ৰাক্ষ প্ৰেক্ষাগৃহ আৰু আন বহুতো মূল্যৱান আৰু আকৰ্ষণীয় সংগ্ৰহ যোগ্য সামগ্ৰী । সামগ্ৰীবোৰৰ বাবে ৮,৬০০ তকৈও অধিক নিবিদা লাভ কৰা গৈছে । ২০১৯ চনৰ ছেপ্টেম্বৰত একেধৰণৰ ই-নিলামত প্ৰায় ২,৭৭০ টা বস্তু বিক্ৰী হৈছিল ।

লগতে পঢ়ক:১৫ অক্টোবৰৰ পৰা বিদেশীসকলক দিয়া হ'ব ভাৰতীয় পৰ্যটক ভিছা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.