ETV Bharat / bharat

বিজয় দিৱস উপলক্ষে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ অনন্ত শিখা প্ৰজ্বলন প্ৰধানমন্ত্ৰী মোদীৰ - স্বৰ্ণীম বিজয় মশাল

ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ অনন্ত শিখা ‘স্বৰ্ণীম বিজয় মশাল’ জ্বলাই 1971ৰ যুদ্ধত পকিস্তানৰ বিৰুদ্ধে ভাৰতৰ জয়ৰ 50 বাৰ্ষিকী অনুষ্ঠানৰ আনুষ্ঠানিক উদ্বোধন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ৷

PM lights 'Swarnim Vijay Mashaal' to start 50th anniversary year celebrations of 1971 war win
বিজয় দিৱস উপলক্ষে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ অনন্ত শিখা প্ৰজ্বলন প্ৰধানমন্ত্ৰী মোদীৰ
author img

By

Published : Dec 16, 2020, 2:03 PM IST

নেশ্যনেল ডেস্ক,16 ডিচেম্বৰ: বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ অনন্ত শিখা ‘স্বৰ্ণীম বিজয় মশাল’ জ্বলাই 1971 চনৰ যুদ্ধত পকিস্তানৰ বিৰুদ্ধে ভাৰতৰ বিজয়ৰ 50 বাৰ্ষিকী অনুষ্ঠানৰ আনুষ্ঠানিক উদ্বোধন কৰে ৷ এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীক সংগ দিয়ে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ লগতে চীফ অব ডিফেঞ্চ ষ্টাফ আৰু তিনিওটা সেনা বিভাগৰ প্ৰধানে ৷

প্ৰতিৰক্ষা মন্ত্ৰণালয়ে সদৰি কৰা তথ্য অনুসৰি চাৰিটাকৈ ‘বিজয় শিখা’ ভাৰতৰ বিভিন্ন অঞ্চললৈ প্ৰেৰণ কৰা হ’ব ৷ ইয়াৰ ভিতৰত 1971 চনৰ ভাৰত-পাক যুদ্ধত পৰমবীৰ চক্ৰ আৰু মহাবীৰ চক্ৰ সন্মান প্ৰাপ্ত সেনাসকলৰ গাঁৱকো অন্তৰ্ভূক্ত কৰা হৈছে ৷

1971 চনৰ ভাৰত-পাক যুদ্ধৰ পিছতেই জন্ম হৈছিল বংলাদেশৰ ৷ এই যুদ্ধত পকিস্তানৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰিছিল ভাৰতে ৷ তেতিয়াৰে পৰা 16 ডিচেম্বৰৰ দিনটোক ‘বিজয় দিৱস’ হিচাপে উদযাপন কৰা হয় ৷ এইবেলি ভাৰতে বছৰজোৰা কাৰ্যসূচীৰে ‘স্বৰ্ণীম বিজয় বৰ্ষ’ উদযাপন কৰিব ৷ য’ত জ্যেষ্ঠ যুদ্ধ বীৰসকলক সম্বৰ্ধনা প্ৰদান কৰিব ভাৰত চৰকাৰে ৷

লগতে পঢ়ক-কৃষক বিদ্ৰোহ : আজি চিল্লা সীমান্তত পথ অৱৰোধ কৃষকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.