নিউজ ডেস্ক, ২ ছেপ্টেম্বৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে মাংগালুৰুত প্ৰায় ৩,৮০০ কোটি টকাৰ যান্ত্ৰিকীকৰণ আৰু ঔদ্যোগিকৰণ প্ৰকল্পৰ উদ্বোধন তথা আধাৰশিলা স্থাপন কৰে(PM Modi In Karnataka) । অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে(Union Minister Sarbananda Sonowal) উপস্থিত থাকি কয় যে, ভাৰতীয় সামুদ্ৰিক খণ্ডৰ বাবে গৌৰৱান্বিত এই শুভ দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মাংগালুৰুত বহুতো গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিমূলক প্ৰকল্পৰ শুভাৰম্ভ তথা আধাৰশিলা স্থাপন কৰে(PM Narendra Modi) ৷

প্ৰধানমন্ত্ৰীৰ এই কাৰ্যসূচীয়ে 'মেক ইন ইণ্ডিয়া'(Make in India) কাৰ্যসূচীক অধিক গতিশীলতা প্ৰদান কৰিলে বুলি কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে মন্তব্য কৰে । তেওঁ লগতে কয় যে, মোদীৰ বলিষ্ঠ নেতৃত্বত আমাৰ দেশখনে আত্মনিৰ্ভৰশীলতাৰ শক্তিশালী ভেটিৰে এখন নতুন ভাৰত গঢ়ি তোলাৰ দিশত আগবাঢ়ি আহিছে । এখন গৌৰৱান্বিত, আত্মবিশ্বাসী আৰু দৃঢ় প্ৰতিজ্ঞ দেশ হিচাপে আমি বিকাশ আৰু সমৃদ্ধিৰ এই পথত দৃঢ় হৈ থাকিব লাগিব ।

তেওঁ আৰু কয় যে, উক্ত প্ৰকল্পসমূহে কৰ্ণাটকৰ জনসাধাৰণৰ জীৱন ধাৰণৰ মানদণ্ড বৃদ্ধি কৰাৰ লগতে বহু নিযুক্তিৰ পথ প্ৰশস্ত কৰিব ৷ বিশেষকৈ 'এক জিলা আৰু এক সামগ্ৰী' আঁচনিয়ে ৰাজ্যখনৰ মাছমৰীয়া, কৃষকসকলৰ বাবে বজাৰ উপলব্ধ কৰাত সহায় কৰিব বুলি সোণোৱালে আশা ব্যক্ত কৰে ।