ETV Bharat / bharat

Atiq Ashraf Murder Case: আতিক হত্যাকাণ্ডৰ তদন্তৰ স্বতন্ত্ৰ বিশেষজ্ঞ সমিতি গঠনৰ আবেদন - Medical college in Prayagraj

আতিক আহমেদ আৰু ভাতৃ আশ্ৰফক গুলীয়াই হত্যা কৰাৰ এদিন পিচতে উচ্চতম ন্যায়ালয়ত তদন্তৰ বাবে শীৰ্ষ ন্যায়ালয়ৰ এগৰাকী প্ৰাক্তন ন্যায়াধীশৰ নেতৃত্বত এখন স্বতন্ত্ৰ বিশেষজ্ঞ সমিতি গঠনৰ আবেদন (Atiq Ashraf murder case update)। অধিবক্তা বিশাল তিৱাৰীয়ে দাখিল কৰিছে এই আবেদনখন ।

Mafia Atiq Ahmed murder case
প্ৰাক্তন ন্যায়াধীশৰ নেতৃত্বত স্বতন্ত্ৰ বিশেষজ্ঞ সমিতি গঠনৰ আবেদন
author img

By

Published : Apr 17, 2023, 10:07 AM IST

নেশ্যনেল ডেস্ক, ১৭ এপ্ৰিল: গেংষ্টাৰ তথা ৰাজনৈতিক নেতা আতিক আহমেদ আৰু ভাতৃ আশ্ৰফ শনিবাৰে তিনি দুৰ্বিত্তৰ হাতত গুলীবিদ্ধ হৈ মৃত্যু হৈছিল । (Mafia Atiq Ahmed murder case) ৷ 18 গৰাকী আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেহু ওফৰাই সাংবাদিকৰ ভেশ লৈ তিনি দুৰ্বিত্তই অন কেমেৰা হত্যা কৰিছিল ভাতৃদ্বয়ক ৷ ইয়াৰ পিচতেই এই ঘটনাক লৈ দেশজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ । আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেহু থকৰ পিচতো দুৰ্বিত্তই কেনেকৈ আতিক আহমেদ আৰু ভাতৃ আশ্ৰফক হত্য়া কৰিব পাৰিলে তাক লৈ বিভিন্নগৰাকীয়ে প্ৰশ্ন উত্থাপন কৰিছে ।

গেংষ্টাৰ তথা ৰাজনীতিবিদ আতিক আহমেদ আৰু তেওঁৰ ভাতৃ আশ্ৰাফক গুলীয়াই হত্যা কৰাৰ এদিন পিচতে দেওবাৰে উচ্চতম ন্যায়ালয়ত এই হত্যাকাণ্ডৰ তদন্তৰ বাবে শীৰ্ষ ন্যায়ালয়ৰ এগৰাকী প্ৰাক্তন ন্যায়াধীশৰ নেতৃত্বত এখন স্বতন্ত্ৰ বিশেষজ্ঞ সমিতি গঠনৰ বাবে আবেদন দাখিল কৰা হয়। অধিবক্তা বিশাল তিৱাৰীয়ে দাখিল কৰা আবেদনখনত ২০১৭ চনৰ পৰা উত্তৰ প্ৰদেশত সংঘটিত ১৮৩ টা সংঘৰ্ষৰ তদন্তৰ বাবে আবেদন জনাইছে (Encountersin Uttar Pradesh)।

শনিবাৰে নিশা উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ এখন চিকিৎসা মহাবিদ্যালয়লৈ আৰক্ষী কৰ্মীয়ে প্ৰেৰণ কৰাৰ সময়ত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি থকা অৱস্থাত সাংবাদিক হিচাবে অহা তিনিজন লোকে দুয়োকে গুলীয়াই হত্যা কৰে (Medical college in Prayagraj) । গুলীচালনাৰ কেইঘণ্টামান পূৰ্বে, ১৩ এপ্ৰিলত ঝান্সীত আৰক্ষীৰ সংঘৰ্ষত তেওঁৰ এজন সহযোগীৰ সৈতে গুলীয়াই হত্যা কৰা আতিক আহমেদৰ পুত্ৰৰ অন্তিম সংস্কাৰ অনুষ্ঠিত কৰা হৈছিল ।

উল্লেখ্য় যে উত্তৰ প্ৰদেশ আৰক্ষীয়ে শুক্ৰবাৰে কয় যে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ নেতৃত্বাধীন চৰকাৰৰ ছয় বছৰত সংঘৰ্ষত ১৮৩ জন অভিযুক্ত অপৰাধীক গুলীয়াই হত্যা কৰিছে । ইয়াত আছাদ আৰু তেওঁৰ সহযোগীও আছিল (CM Yogi Adityanath)। আবেদনখনে আতিক আৰু আশ্ৰাফৰ হত্যাৰ তদন্তৰ বাবে এখন স্বতন্ত্ৰ বিশেষজ্ঞ সমিতি গঠন কৰিবলৈ আহ্বাম জনোৱা হৈছে । উত্তৰ প্ৰদেশৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধানে (আইন-শৃংখলা) উল্লেখ কৰা ২০১৭ চনৰ পৰা সংঘটিত ১৮৩ টা এনকাউণ্টাৰৰ তদন্ত কৰাৰ বাবে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশৰ অধ্যক্ষতাত এখন স্বতন্ত্ৰ বিশেষজ্ঞ সমিতি গঠন কৰি আইনৰ শাসন সুৰক্ষিত কৰাৰ বাবে নিৰ্দেশনা জাৰী কৰাৰ লগতে আতিক আৰু আশ্ৰাফৰ আৰক্ষী জিম্মাত হত্যাৰ তদন্ত কৰিবলৈ আবেদনখনত উল্লেখ কৰা হৈছে (UP Special Director General of Police) ।

আতিকৰ হত্যাৰ বিষয়ে উল্লেখ কৰি আবেদনখনত এই বুলি কোৱা হৈছে যে আৰক্ষীৰ এনে পদক্ষেপ গণতন্ত্ৰ আৰু আইনৰ শাসনৰ বাবে এক গুৰুতৰ ভাবুকি । ইয়াৰ ফলত আৰক্ষী ৰাজ্যলৈ পৰ্যবসিত হ’ব । গণতান্ত্ৰিক সমাজত আৰক্ষীক চূড়ান্ত ন্যায় প্ৰদান কৰা বা শাস্তি দিয়া কৰ্তৃপক্ষ হ’বলৈ অনুমতি দিব নোৱাৰি । শাস্তিৰ ক্ষমতা কেৱল ন্যায়পালিকাৰ ওপৰতহে ন্যস্ত বুলি আবেদনখনত উল্লেখ কৰা হৈছে ।

এই আবেদনখনত উল্লেখ কৰে যে আইনৰ অধীনত অতিৰিক্ত ন্যায়িক হত্যা (Extra Judicial killing) বা ভুৱা আৰক্ষীৰ সংঘৰ্ষৰ কোনো স্থান নাই । যেতিয়া আৰক্ষীয়ে "ডেয়াৰ ডেভিলছ" লৈ পৰ্যবসিত হয় তেতিয়া আইনৰ সমগ্ৰ শাসন ধ্বংসমুখী হয় । তদুপৰি আৰক্ষীৰ বিৰুদ্ধে মানুহৰ মনত শংকাৰ সৃষ্টি কৰে যি গণতন্ত্ৰৰ বাবে অতি বিপদজনক ।

লগতে পঢ়ক:Post mortem report : হত্যাকাৰীয়ে 15 জাঁই গুলীৰে থকা সৰকা কৰিছিল আতিকসহ ভাতৃ আশ্ৰফক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.