নেশ্যনেল ডেস্ক,৫ জানুৱাৰী : আমি সকলোৱে পাৰ চৰাইক শান্তিৰ প্ৰতীক হিচাপে জানো (Pigeon symbol of peace)। কিন্তু পাৰ চৰাইৰ গতিশক্তি, সংবেদনশীলতা আৰু স্মৃতিশক্তিৰ বিষয়ে আপুনি কিমান জানে ? এনেবোৰ গুণৰ অধিকাৰী এটা পাৰ চৰাইৰ কথা আমি ক'ব বিচাৰিছো । যিটো পাৰ চৰাইয়ে ছাবৰিমালা মন্দিৰৰ পৰা ৪ দিনৰ যাত্ৰাৰ অন্তত উপস্থিত হৈছিল চিত্ৰদুৰ্গত (Pigeon flew for 4 days and reached home)।
উল্লেখ্য যে কেৰালাৰ চিত্ৰদুৰ্গ জিলাৰ মোলাকালমুৰু মৌজাৰ মেগালাহাট্টি গাঁৱৰ ভেঙ্কটেশৰ পাৰ চৰাই পোহাৰ চখ আছে । আনহাতে তেওঁ আয়াপ্পা স্বামীৰ পৰম ভক্ত । সেয়েহে, শেহতীয়াকৈ তেওঁ স্বামীৰ দৰ্শন কৰিবলৈ ছাবৰিমালালৈ গৈছিল । একে সময়তে, ভেঙ্কটেশে তেওঁৰ মৰমৰ পাৰ চৰাইটোকো এটা বাকচত ভৰাই লগত লৈ গৈছিল । তেওঁ কেইবা বছৰ ধৰি পাৰ চৰাই পোহপাল দি আহিছে । এইবাৰ তেওঁ পাৰ চৰাইৰ গতিশক্তি, সংবেদনশীলতা আৰু স্মৃতিশক্তি জনাৰ লক্ষ্যৰে ছাবৰিমালাৰ পৰা পাৰটো মুকলি কৰি দিলে ।
পাৰ চৰাইবোৰ উৰি যোৱাটো অতি সাধাৰণ কথা । কিন্তু এনেদৰে উৰি যোৱাৰ সময়ত প্ৰায় ঈগল বা বৃহৎ মাংসভোজী পক্ষীৰ চিকাৰো হয় এই পাৰ চৰাই । কিন্তু এই পাৰ চৰাইটো ব্যতিক্ৰম আছিল । সকলোকে আচৰিত কৰি ৪ দিনৰ অন্তত মেগালাহাট্টি গাঁৱৰ নিজৰ বাহত পৰিছিল চৰাইটো । পক্ষী সংৰক্ষক ভেঙ্কটেশে কোৱা মতে এটা প্ৰশিক্ষিত পাৰ চৰাইয়েহে এনেদৰে সঠিক পথেৰে উৰি যাব পাৰে ।
৩০ ডিচেম্বৰত আয়াপ্পা স্বামীৰ ভক্তই ছাবৰিমালাৰ পৰা পাৰ চৰাইটো মুকলি কৰি দিছিল । একেৰাহে চাৰিদিন কেৰালাৰ আকাশত পৰিভ্ৰমণ কৰাৰ পাছত পাৰ চৰাইটো মেগালাহাট্টি গাঁৱত নিজৰ বাহত পৰিছিল (Pigeon flew from Sabarimala to Chitradurga)। কেৰালাৰ পৰা কেইবাশ মাইল উৰি অহা পাৰটো দেখি স্তম্ভিত হৈ পৰিছে গাওঁবাসী ।
উল্লেখ্য যে ছাবৰিমালা আয়াপ্পা স্বামী মন্দিৰ বিশ্বৰ বিখ্যাত মন্দিৰসমূহৰ ভিতৰত অন্যতম । বিশ্বাস অনুসৰি, ১৮ টা চিৰি বগোৱাৰ পাছত যেতিয়া ভক্তসকলে পাহাৰত থকা আয়াপ্পা স্বামীৰ মন্দিৰ দৰ্শন কৰে, লগে লগে ভক্তসকলে শান্তি অনুভৱ কৰে আৰু জীৱন সাৰ্থক হোৱা বুলি কয় । সেয়ে, ভক্তসকলে অনুমান কৰিছে যে পাৰ চৰাইটোৱেও আয়াপ্পা স্বামীৰ আশীৰ্বাদ গ্ৰহণ কৰি উভতি আহিছে । পাৰ চৰাইটোৰ এই আচৰিত কামে এতিয়া সকলোকে স্তম্ভিত কৰি তুলিছে ।
কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ, তামিলনাডু, মহাৰাষ্ট্ৰকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ ভক্তসকলে ছাবৰিমালালৈ আহে আৰু স্বামী আয়াপ্পাৰ আশীৰ্বাদ লয় । এতিয়া গাওঁবাসীৰ বাবেও এইটো এটা অলৌকিক ঘটনা যেন লাগিছে যে পাৰ চৰাইটোৱেও আয়াপ্পাৰ দৰ্শন পাইছিল, তাৰ পাছত তাৰ পৰা উৰা মাৰিছিল আৰু তেওঁৰ ঘৰত উপস্থিত হৈছিল ।
লগতে পঢ়ক :Helicopter Crash in Arunachal Pradesh: অৰুণাচল প্ৰদেশৰ মিজিঙত সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত