ETV Bharat / bharat

PFI Moves SC : পাঁচ বছৰৰ নিষেধাজ্ঞাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়লৈ পিএফআই - Supreme Court of India

কেন্দ্ৰই আইএছআইএছৰ দৰে বিশ্বজনীন সন্ত্ৰাসবাদী সংগঠনৰ সৈতে সম্পৰ্ক থকা আৰু দেশত সাম্প্ৰদায়িক বিদ্বেষ বিয়পাবলৈ চেষ্টা কৰাৰ অভিযোগত পিএফআইক পাঁচ বছৰৰ বাবে নিষিদ্ধ কৰিছিল ।

পাঁচ বছৰৰ নিষেধাজ্ঞাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়লৈ পিএফআই
PFI Moves SC
author img

By ETV Bharat Assamese Team

Published : Oct 20, 2023, 8:13 PM IST

নিউজ ডেস্ক, ২০ অক্টোবৰ : পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া চমুকৈ পিএফআই ছুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ হৈছে । কেন্দ্ৰৰ দ্বাৰা আৰোপ কৰা পাঁচ বছৰীয়া নিষেধাজ্ঞা নিশ্চিত কৰি বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইন (ইউএপিএ) ন্যায়াধিকৰণক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত আবেদন জনাইছে পিএফআয়ে ।

উল্লেখ্য যে কেন্দ্ৰই আইএছআইএছৰ দৰে বিশ্বজনীন সন্ত্ৰাসবাদী সংগঠনৰ সৈতে সম্পৰ্ক থকা আৰু দেশত সাম্প্ৰদায়িক বিদ্বেষ বিয়পাবলৈ চেষ্টা কৰাৰ অভিযোগত পিএফআইক পাঁচ বছৰৰ বাবে নিষিদ্ধ কৰিছিল ।

বিষয়টো ন্যায়াধীশ অনিৰুদ্ধ বসু আৰু বেলা এম ত্ৰিবেদীৰ বিচাৰপীঠৰ সন্মুখত শুনানিৰ বাবে তালিকাভুক্ত কৰা হৈছিল । আনহাতে, বিচাৰপীঠে বিষয়টো স্থগিত ৰাখি কয় যে আবেদনকাৰীয়ে স্থগিতৰ বাবে এখন পত্ৰ প্ৰেৰণ কৰিছে । উল্লেখ্য যে পিএফআয়ে ইউএপিএ ন্যায়াধিকৰণৰ ২১ মাৰ্চৰ আদেশক প্ৰত্যাহ্বান জনাইছে । ইয়াৰ দ্বাৰা কেন্দ্ৰৰ ২৭ ছেপ্টেম্বৰৰ সিদ্ধান্ত নিশ্চিত কৰিছিল ।

সংগঠনটোৰ ওপৰত প্ৰযোজ্য কৰা অধিসূচনাত কোৱা হৈছে যে চৰকাৰৰ দৃঢ় মতামত হৈছে যে ইউএপিএৰ অধীনত তাৎক্ষণিকভাৱে প্ৰভাৱিত হৈ পিএফআই আৰু ইয়াৰ সহযোগী, সমৰ্থনকাৰী বা মৰ্চাসমূহক 'বেআইনী সংগঠন' হিচাপে ঘোষণা কৰাটো প্ৰয়োজনীয় ।

কেন্দ্ৰই পিএফআই আৰু ইয়াৰ সহযোগী বা সমৰ্থনকাৰী বা ফ্ৰণ্টসমূহক 'বেআইনী সংগঠন' হিচাপে ঘোষণা কৰিছিল । ইয়াৰ ভিতৰত আছে ৰিহেব ইণ্ডিয়া ফাউণ্ডেচন (আৰআইএফ), কেম্পাছ ফ্ৰণ্ট অব ইণ্ডিয়া (চিএফআই), অল ইণ্ডিয়া ইমামছ কাউন্সিল (এআইআইচি), নেচনেল কনফেডাৰেচন অব হিউমেন ৰাইটছ অৰ্গেনাইজেচন (এনচিআৰঅ), নেচনেল উইমেন ফ্ৰণ্ট, জুনিয়ৰ ফ্ৰণ্ট, এমপাৱাৰ ইণ্ডিয়া ফাউণ্ডেচন আৰু ৰিহেব ফাউণ্ডেচন, কেৰালা ।

এতিয়া উচ্চতম ন্যায়ালয়ে এই ক্ষেত্ৰত কি ৰায় দিয়ে সেয়া অৱশ্য়েই লক্ষণীয় হ’ব ৷

লগতে পঢ়ক :Mahua Moitra Petition : সাংসদ মহুৱা মৈত্ৰৰ বিৰুদ্ধে মানহানিকৰ প্ৰচাৰ; দিল্লী উচ্চ ন্যায়ালয়ত শুনানি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.