ETV Bharat / bharat

উত্তৰ প্ৰদেশ আৰক্ষীৰ অভিযানত অযোধ্যাৰ পৰা গ্ৰেপ্তাৰ PFI কৰ্মী

author img

By

Published : Oct 3, 2022, 10:10 AM IST

উত্তৰ প্ৰদেশৰ পৰা গ্ৰেপ্তাৰ হৈছে এজন PFI কৰ্মী ৷ উত্তৰ প্ৰদেশ আৰক্ষীয়ে অভিযান চলাই অযোধ্যাৰ পৰা গ্ৰেপ্তাৰ কৰে PFI কৰ্মীজনক (Uttar Pradesh Police arrested PFI activist) । লোকজনক হিন্দু লোকৰ বিৰুদ্ধে ইছলামধৰ্মী লোকসকলক উচটনি দিয়া আৰু সন্ত্ৰাসবাদী কাৰ্যকলাপৰ জৰিয়তে হিন্দু সম্প্ৰদায়ৰ লোকক লক্ষ্য কৰি লোৱাকে ধৰি জাতি বিৰোধী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত লোকজনক গ্ৰেপ্তাৰ কৰা হৈছে বুলি আৰক্ষী সূত্ৰে প্ৰকাশ ।

PFI activist arrested from Ayodhya
অযোধ্যাৰ পৰা গ্ৰেপ্তাৰ PFI কৰ্মী

নেশ্যনেল ডেস্ক, 3 অক্টোবৰ: ইছলামিক সংগঠন PFI ৰ বিৰুদ্ধে দেশজুৰি অব্যাহত আছে অভিযান (Raids against PFI)। শেহতীয়াকৈ উত্তৰ প্ৰদেশত গ্ৰেপ্তাৰ হৈছে আন এজন PFI কৰ্মী ৷ উত্তৰ প্ৰদেশ আৰক্ষীয়ে অভিযান চলাই অযোধ্যাৰ পৰা গ্ৰেপ্তাৰ কৰে PFI কৰ্মীজনক (Uttar Pradesh Police arrested PFI activist)। লোকজনক হিন্দুলোকৰ বিৰুদ্ধে ইছলামধৰ্মী লোকসকলক উচটনি দিয়া আৰু সন্ত্ৰাসবাদী কাৰ্যকলাপৰ জৰিয়তে হিন্দু সম্প্ৰদায়ৰ লোকক লক্ষ্য কৰি লোৱাকে ধৰি জাতি বিৰোধী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে বুলি আৰক্ষী সূত্ৰে প্ৰকাশ ।

ধৃত অভিযুক্তৰ নাম মহম্মদ জাইদ ৷ মহম্মদ জাইদ মৰকাজ নিজামুদ্দিনৰ তবলিগী জামাতৰ সক্ৰিয় সদস্য আৰু বিখ্যাত ইছলামিক চেমিনাৰী নাডৱাৰ প্ৰাক্তন ছাত্ৰ বুলি জানিব পৰা গৈছে (Mohd Zaid member of Tabligi Jamaat of Markaz Nizamuddin) । অৱশ্যে তবলিগী জামাতৰ অযোধ্যাৰ আমিৰ তথা অভিযুক্ত মহম্মদ জাইদৰ পিতৃ মহম্মদ হানিফে দাবী কৰে যে, স্থানীয় আৰক্ষীয়ে ২৯ ছেপ্টেম্বৰত পুৰণা চবজি মণ্ডি অঞ্চলস্থিত বাসগৃহৰ পৰা তেওঁৰ পুত্ৰক গ্ৰেপ্তাৰ কৰি চাৰিদিন ধৰি বেআইনীভাৱে বন্দী কৰি ৰাখিছে ।

ইফালে আৰক্ষীৰ মতে, কেৰেলাত আয়োজন কৰা এটা PFI অনুষ্ঠানত জড়িত হৈ আছিল অভিযুক্ত জাইদ । সংগঠনৰ শীৰ্ষ নেতাসকলৰ সৈতে জাইদৰ সম্পৰ্কৰ বিষয়েও খবৰ লাভ কৰিছিল আৰক্ষীয়ে । আনহাতে অযোধ্যাৰ পৰা এয়া দ্বিতীয়বাৰৰ বাবে PFI কৰ্মীক গ্ৰেপ্তাৰ কৰা হৈছে । চাৰিদিন পূৰ্বে বিকাপুৰ থানা এলেকাৰ পৰা প্ৰথমজন PFI কৰ্মীক গ্ৰেপ্তাৰ কৰা হৈছিল । গ্ৰেপ্তাৰ কৰা PFI কৰ্মীজনৰ নাম আক্ৰাম ৷ আৰক্ষীয়ে জনোৱা মতে, আক্ৰামক জেৰাৰ সময়তে জাইদৰ তথ্য পোহৰলৈ আহিছিল । তাৰ পিছতেই অযোধ্যাত অভিযান চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে জাইদক ৷ ধৃত দুই অভিযুক্তই অযোধ্যাৰ পৰা চলাই গৈছিল PFI ৰ কাৰ্যকলাপ ।

উল্লেখ্য যে, দেশজুৰি চলিছে পপুলাৰ ফ্ৰন্ট অৱ ইণ্ডিয়া (Popular Front of India) চমুকৈ PFI ৰ বিৰুদ্ধে NIA আৰু ED ৰ অভিযান (Raids against PFI) ৷ ইতিমধ্যে সংস্থা দুটাই দেশৰ কেইবাখনো ৰাজ্যৰ পৰা গ্ৰেপ্তাৰ কৰিছে বহু সংখ্যক PFIৰ নেতা-সদস্য ৷ NIA আৰু ED য়ে অভিযান চলোৱা ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলকেইটা হৈছে অসম, উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, অন্ধ্ৰপ্ৰদেশ, মহাৰাষ্ট্ৰ, দিল্লী, ৰাজস্থান, তেলেংগানা, কৰ্ণাটক, তামিলনাডু, কেৰালা আৰু পুডুচেৰী (PFI leaders arrested by NIA) ৷

NIA ৰ প্ৰায় 200 গৰাকী বিষয়াই দেশজুৰি চলাইছে PFI ৰ বিৰুদ্ধে এই অভিযান ৷ সন্ত্ৰাসবাদী সংগঠনক ধন যোগান, দেশ বিৰোধী কাৰ্য-কলাপ, প্ৰশিক্ষণ শিৱিৰৰ আয়োজন, মানুহক PFI ত যোগ দিবলৈ জোৰ দিয়া আদি বিভিন্ন কাৰ্যত জড়িত থকা লোকসকলৰ ঘৰত চলোৱা হৈছে এই অভিযান (NIA ED conduct raids against PFI) ৷

লগতে পঢ়ক: Assam CM reaction on PFI Ban: গৰুখুটি কাণ্ড আৰু কা আন্দোলনৰ আঁৰত আছিল পি এফ আই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.