ETV Bharat / bharat

এসপ্তাহতে চতুৰ্থ বাৰলৈ বাঢ়িল পেট্ৰ’ল ডিজেলৰ মূল্য

author img

By

Published : Feb 12, 2021, 12:35 PM IST

এসপ্তাহৰ ভিতৰতে চতুৰ্থ বাৰলৈ দিল্লীত শুকুৰবাৰে বাঢ়িল পেট্ৰ’ল ডিজেলৰ মূল্য ৷ প্ৰতি লিটাৰ পেট্ৰ’লত 29 পইচা আৰু প্ৰতি লিটাৰ ডিজেলত 35 পইচা বৃদ্ধি হৈ প্ৰতি লিটাৰ পেট্ৰ’ল 88.14 টকা আৰু প্ৰতি লিটাৰ ডিজেলৰ মূল্যই 78.38 টকাৰ ঘৰ চুইছে গৈ ৷

Petrol, diesel prices rise sharply again
এসপ্তাহতে চতুৰ্থ বাৰলৈ বাঢ়িল পেট্ৰ’ল ডিজেলৰ মূল্য

নেশ্যনেল ডেস্ক, 12 ফেব্ৰুৱাৰীঃ এসপ্তাহৰ ভিতৰতে চতুৰ্থ বাৰলৈ বাঢ়িল পেট্ৰ’ল ডিজেলৰ মূল্য ৷ ৰাজধানী দিল্লীত শুকুৰবাৰে পুনৰ পেট্ৰ’ল ডিজেলৰ মূল্য বৃদ্ধি পাইছে ৷ প্ৰতি লিটাৰ পেট্ৰ’লত 29 পইচা আৰু প্ৰতি লিটাৰ ডিজেলত 35 পইচা বৃদ্ধি হৈছে ৷ বৰ্তমান প্ৰতি লিটাৰ পেট্ৰ’ল 88.14 টকা আৰু প্ৰতি লিটাৰ ডিজেলৰ মূল্যই 78.38 টকাৰ ঘৰ চুইছে গৈ ৷

সমগ্ৰ দেশতে বৃদ্ধি হোৱা পেট্ৰ’ল ডিজেলৰ আকাশলংঘী মূল্যই এতিয়া ৰাম টাঙোন সোধাইছে সৰ্ব-সাধাৰণ জনতাক ৷ যাক লৈ চিন্তিত হৈ পৰিছে দেশৰ জনসাধাৰণ ৷ কেৱল ভাৰততে নহয়, শুকুৰবাৰে বিশ্বব্যাপী বৃদ্ধি হৈছে পেট্ৰ’ল ডিজেলৰ মূল্য ৷

আনহাতে, কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পেট্ৰ’লিয়ামজাত সামগ্ৰীৰ পৰা শুল্ক হ্ৰাস কৰাৰ কথা স্বীকাৰ কৰা নাই ৷ কিয়নো বিশ্বব্যাপী বৃদ্ধি পোৱা পেট্ৰ’লিয়ামজাত সামগ্ৰীৰ বৃদ্ধিৰ ফলত খুচুৰা বজাৰতো বৃদ্ধি পাইছে ইয়াৰ মূল্য ৷

প্ৰাপ্ত তথ্য অনুসৰি, এই বছৰত বৰ্তমানলৈকে পেট্ৰ’ল ডিজেলৰ মূল্য ক্ৰমে প্ৰতি লিটাৰত ৪.৪৩ টকা আৰু ৪.৫১ টকা বৃদ্ধি হৈছে ৷

উল্লেখ্য যে, ২০২১বৰ্ষত পেট্ৰ'ল আৰু ডিজেলৰ মূল্য প্ৰায় ১৬ গুণ বৃদ্ধি পাইছে ।

লগতে পঢ়কঃ নিৰ্বাচনক আগত ৰাখি দাখিল হ’ল অন্তৱৰ্তীকালীন বাজেট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.