ETV Bharat / bharat

আকৌ বাঢ়িল পেট্ৰ'ল-ডিজেলৰ দাম

author img

By

Published : Oct 30, 2021, 11:51 AM IST

ইন্ধনচালিত বাহন চলোৱাটো যেন অভিশাপস্বৰূপ হৈ পৰিছে দেশবাসীৰ বাবে । বাঢ়িয়েই আছে পেট্ৰ'ল-ডিজেলৰ মূল্য । পেট্ৰ'লৰ মূল্যই কেতিয়াবাই শতকৰ ঘৰ অতিক্ৰম কৰিলে । একেৰাহে চতুৰ্থ দিনৰ বাবে শনিবাৰে বৃদ্ধি পালে ইন্ধনৰ মূল্য । আজি প্ৰতিলিটাৰ পেট্ৰ'লত বাঢ়িছে ৩৫ পইচা । আনহাতে, প্ৰতিলিটাৰ ডিজেলতো বাঢ়িল ৩৫ পইচা ।

Petrol, diesel prices hiked
একেৰাহে চতুৰ্থ দিনৰ বাবে শনিবাৰে বৃদ্ধি পাালে ইন্ধনৰ মূল্য

নেশ্যনেল ডেস্ক, ৩০ অক্টোবৰ : প্ৰতিদিনে বাঢ়িছে পেট্ৰ'ল-ডিজেলৰ মূল্য । ইন্ধন ক্ৰয় কৰিবলৈ গৈ চকু কপালত উঠিছে গ্ৰাহকৰ । মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰক আহ্বান জনোৱাৰ পাচতো ৰাইজৰ সমস্যা সমাধান হোৱা নাই । পুনৰ দেশৰ জনতাৰ মূৰত মাধমাৰ শোধাই একেৰাহে চতুৰ্থ দিনৰ বাবে শনিবাৰে বৃদ্ধি কৰা হ'ল পেট্ৰ'ল-ডিজেলৰ মূল্য ।

প্ৰতি লিটাৰ পেট্ৰ'লত ৩৫ পইচা বৃদ্ধি হোৱাৰ বিপৰীতে ডিজেলত বাঢ়িল ৩৫ পইচা । আজিৰ দিনটোত দিল্লীত পেট্ৰ'লৰ মূল্য প্ৰতি লিটাৰত ১০৮.৯৯ টকা । ৰাজধানী চহৰখনত বৰ্তমান প্ৰতি লিটাৰ ডিজেলৰ মূল্য ৯৭.৭২ টকা । সম্প্ৰতি মুম্বাইত ১১৪.৮১ টকা দৰত বিক্ৰী হৈছে প্ৰতি লিটাৰ পেট্ৰ'ল ।

আনহাতে, প্ৰতি লিটাৰ ডিজেলৰ মূল্য হৈছেগৈ ১০৫.৮৬ টকা । কলকাতাতো ইন্ধনৰ মূল্য হ্ৰাস পোৱাৰ পৰিৱৰ্তে বৃদ্ধিহে হৈছে । কলকাতাত পেট্ৰ'লৰ মূল্য প্ৰতি লিটাৰত ১০৯.৪৬ টকা আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত ১০০.৮৪ টকা ।

চেন্নাইত পেট্ৰ'ল আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত ক্ৰমান্বয়ে ১০৫.৭৪ টকা আৰু ১০১.৯২ টকা । পেট্ৰ'লৰ মূল্যৰ ওপৰত আৰোপ কৰা কৰৰ ওপৰত ভিত্তি কৰি ৰাজ্যভেদে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য পৃথক হয় । ইফালে, কেন্দ্ৰীয় চৰকাৰে তেলৰ যোগান আৰু চাহিদা সন্দৰ্ভত তেল ৰপ্তানিকাৰী কেইবাখনো দেশৰ সৈতে আলোচনা অব্যাহত ৰাখিছে । এই আলোচনা চলি আছে যদিও মূল্যবৃদ্ধি শীঘ্ৰে হ্ৰাস পোৱাৰ কোনো সম্ভাৱনা নাই ।

পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে শেহতীয়াকৈ তেলৰ মূল্য নিৰ্ধাৰণ, যোগান আৰু চাহিদা সম্পৰ্কে মুখ্য তেল উৎপাদক দেশসমূহৰ আগত উদ্বেগ প্ৰকাশ কৰিছে । আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খাৰুৱা তেলৰ মূল্য বৃদ্ধি হোৱাৰ পাচতে পেট্ৰ'লিয়াম মন্ত্ৰালয়ে চৌদি আৰৱ, কুৱেইট, ৰাছিয়া আদি দেশৰ শক্তি মন্ত্ৰালয়ক এইক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে । ইন্ধনৰ বৰ্ধিত মূল্যই ৰাইজক জুৰুলা কৰিছে ।

নিজৰ ইন্ধনচালিত বাহনখন চলোৱাৰ আগতে এবাৰ হ'লেও ভাবিবলৈ বাধ্য হৈছে । পূৰ্বে প্ৰদূষণ ৰোধৰ বাবে বৈদ্যুতিক বাহনৰ প্ৰসংগ উত্থাপন হৈছিল । কিন্তু এতিয়া ইন্ধনৰ মূল্যবৃদ্ধিয়ে হাৰাশাস্তি ভোগাই থকাৰ সময়ত বৈদ্যুতিক বাহন চলাচলৰ বিষয়টো যথেষ্ট প্ৰাসংগিক হৈ পৰিছে ।

লগতে পঢ়ক: আজি দেশৰ তিনি লোকসভা সমষ্টি আৰু ৩০টা বিধানসভা সমষ্টিত উপ নিৰ্বাচন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.