ETV Bharat / bharat

ইন্ধনৰ মূল্য়বৃদ্ধি : ক্ৰমাগত ষষ্ঠ দিনৰ বাবে বাঢ়িল মূল্য - ক্ৰমাগত ষষ্ঠ দিনৰ বাবে বাঢ়িল মূল্য

সোমবাৰে সমগ্ৰ দেশতে ক্ৰমাগতভাৱে ষষ্ঠ দিনৰ বাবে পেট্ৰ'ল-ডিজেলৰ মূল্য বৃদ্ধি কৰা হৈছে ৷ দেশৰ ৰাজধানী চহৰ নতুন দিল্লীত সোমবাৰৰ দিনটোত প্ৰতি লিটাৰত ৩৫ পইচা বৃদ্ধিৰ সৈতে, পেট্ৰ'লৰ মূল্যই স্পৰ্শ কৰিছে ১০৯.৬৯ টকা ৷ সমহাৰত ডিজেলৰ মূল্য বৃদ্ধি হৈ হৈছেগৈ ৯৮.৪২ ৷

Petrol, diesel prices hiked for sixth consecutive day
ইন্ধনৰ মূল্য়বৃদ্ধি
author img

By

Published : Nov 1, 2021, 10:12 AM IST

নেশ্যনেল ডেস্ক, 1 নৱেম্বৰ : অত্যাৱশ্যকীয় সামগ্ৰীয়ে হওক নতুবা ইন্ধনৰ মূল্যই হওক, এতিয়া মূল্যবৃদ্ধি শব্দটো তেনেই পৰিচিত হৈ পৰিছে ৷ বজাৰত সকলো সামগ্ৰীৰ জুই চাই দাম অব্যাহত থকাৰ মাজতে ধাৰাবাহিকভাৱে বৃদ্ধি হৈয়ে আছে ইন্ধনৰ মূল্য ৷

সোমবাৰে সমগ্ৰ দেশতে একেৰাহে ষষ্ঠ দিনৰ বাবে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য বৃদ্ধি কৰা হৈছিল ৷ দেশৰ ৰাজধানী চহৰ নতুন দিল্লীত সোমবাৰৰ দিনটোত প্ৰতি লিটাৰত ৩৫ পইচা বৃদ্ধিৰ সৈতে, পেট্ৰ'লৰ মূল্যই স্পৰ্শ কৰিছে ১০৯.৬৯ টকা ৷ সমহাৰত ডিজেলৰ মূল্য বৃদ্ধি হৈ হৈছেগৈ ৯৮.৪২ ৷ মুম্বাইত পেট্ৰ'ল-ডিজেলৰ মূল্য প্ৰতি লিটাৰত ক্ৰমান্বয়ে 115.50 টকা আৰু 106.62 টকালৈ বৃদ্ধি কৰা হৈছে ।

দেশৰ অন্যতম গুৰুত্বপূৰ্ণ মহানগৰ হিচাপে পৰিচিত কলকাতাত আজিৰ দিনটোত প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য 110.35 টকা হোৱাৰ বিপৰীতে ডিজেলৰ মূল্য হৈছে 101.56 টকা ৷ একেদৰে চেন্নাইত এই মূল্য হৈছে 106.35 টকা প্ৰতি লিটাৰ পেট্ৰ’লত আৰু 102.59 টকা প্ৰতি লিটাৰ ডিজেলত ৷

পূৰ্বে কোৱাৰ দৰে, কেন্দ্ৰীয় চৰকাৰে তেলৰ যোগান আৰু চাহিদা সন্দৰ্ভত আগশাৰীৰ কেইবাখনো তেল ৰপ্তানিকাৰী দেশৰ সৈতে বিষয় সন্দৰ্ভত অব্যাহত ৰাখিছে আলোচনা ৷ কিন্তু মূল্য হ্ৰাসৰ ক্ষেত্ৰত এতিয়ালৈ লাভ কৰা নাই কোনো সেউজ সংকেত ৷

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খাৰুৱা তেলৰ মূল্য বৃদ্ধি হোৱাৰ লগে লগে দেশৰ পেট্ৰ'লিয়াম মন্ত্ৰালয়ে চৌদি আৰৱ, কুৱেইট, ৰাছিয়া আদি বহুতো দেশৰ শক্তি মন্ত্ৰালয়ক বিষয় সন্দৰ্ভত অধিক আলোচনা কৰাৰ বাবে আহ্বান জনোৱা বুলি মন্ত্ৰালয়ৰ এক সূত্ৰই প্ৰকাশ কৰিছে ৷

লগতে চাওক: আমেৰিকাৰ বিশ্ব হিন্দু পৰিষদৰ হিন্দু ঐতিহ্য মাহৰ সামৰণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.