ETV Bharat / bharat

দেশত চেঞ্চুৰী কোবালে পেট্ৰ'ল-ডিজেলৰ মূল্যই - ডিলাৰ কমিছন

পেট্ৰ'ল আৰু ডিজেলৰ মূল্য পুনৰাই এবাৰ বৃদ্ধি পালে । দেশৰ অধিকাংশ মহানগৰত বৰ্তমান পেট্ৰ'লৰ মূল্যই শতকৰ ঘৰ অতিক্ৰম কৰিছে ৷ ইয়াৰ বিপৰীতে ডিজেলৰ মূল্য শতক স্পৰ্শ কৰাৰ দিশে ৷

পুনৰ বৃদ্ধি পেট্ৰ'ল-ডিজেলৰ মূল্য: অসমত শতকৰ ঘৰ অতিক্ৰম পেট্ৰ’লৰ মূল্য

author img

By

Published : Jul 15, 2021, 1:33 PM IST

নেশ্যনেল ডেস্ক, 15 জুলাই : বৃহস্পতিবাৰে পুনৰ বৃদ্ধি পালে পেট্ৰ'ল-ডিজেলৰ মূল্য । প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য 34 পইচাৰ পৰা 35 পইচালৈ আৰু ডিজেলৰ মূল্য 15 পইচাৰ পৰা 16 পইচালৈ বৃদ্ধি কৰা হয় । ইয়াৰ লগে লগে পেট্ৰ'ল-ডিজেলৰ মূল্যই শতকৰ ঘৰ অতিক্ৰম কৰে ৷

ৰাজধানী দিল্লীত পেট্ৰ'লৰ মূল্য 101.54 টকা আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত 89.87 টকা হৈছে । দেশৰ অধিকাংশ মহানগৰত বৰ্তমান পেট্ৰ'লৰ মূল্যই শতকৰ ঘৰ অতিক্ৰম কৰিছে ৷ ইয়াৰ বিপৰীতে ডিজেলৰ মূল্য শতক স্পৰ্শ কৰাৰ দিশে ৷ দেশৰ আগশাৰীৰ 10 খন চহৰত পেট্ৰ’ল-ডিজেলৰ মূল্য বৃহস্পতিবাৰৰ দিনটোত এনেধৰণৰ-

চহৰৰ নাম পেট্ৰ’ল/লিটাৰ ডিজেল/লিটাৰ

  • মুম্বাই 107.54 97.45
  • হায়দৰাবাদ 105.52 97.96
  • বেংগালুৰু 104.94 95.26
  • চেন্নাই 102.23 94.39
  • কলকাতা 101.74 93.02
  • নতুন দিল্লী 101.54 89.87
  • ভূপাল 109.89 98.67
  • জয়পুৰ 108.4 99.02
  • পাটনা 103.91 95.51
  • ইন্দোৰ 109.97 98.76

দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো বৃদ্ধি পাইছে পেট্ৰ'ল-ডিজেলৰ মূল্য । গুৱাহাটী মহানগৰীত বৃহস্পতিবাৰৰ দিনটোত পেট্ৰ'লৰ দাম হৈছেগৈ 97.34 টকা । সেইদৰে প্ৰতি লিটাৰ ডিজেলৰ দাম হৈছে 89.22 টকা । লখিমপুৰ জিলাত পেট্ৰ'লৰ দামে স্পৰ্শ কৰিলে শতকৰ ঘৰ । ঢকুৱাখনাত প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম হৈছে 100.07 টকা ।

উল্লেখ্য যে, পেট্ৰ'ল-ডিজেলৰ মূল্য প্ৰতিদিনে পুৱা ছয় বজাত সলনি কৰা হয় । পেট্ৰ'ল-ডিজেলৰ মূল্যৰ নতুন নিৰিখ পুৱা ছয় বজাৰ পৰা কাৰ্যকৰী হয় । পেট্ৰ'ল-ডিজেলৰ মূল্যত আবকাৰী শুল্ক, ডিলাৰ কমিছন আৰু অন্যান্য সামগ্ৰী যোগ দিয়াৰ পিছত মূল্য প্ৰায় দুগুণ হয় ।

লগতে পঢ়ক : আগৰতলা পৌৰ নিগমৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ বাবে সাজু TIPRA মথা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.