ETV Bharat / bharat

Petrol Diesel price hike: এসপ্তাহত ছবাৰ মূল্য বাঢ়িল পেট্ৰ’পণ্যৰ - Petrol diesel price hiked for the sixth consecutive day

অব্যাহত আছে পেট্ৰ’ল ডিজেলৰ মূল্য বৃদ্ধি ৷ সোমবাৰে তি লিটাৰ পেট্ৰ’লত মূল্য বৃদ্ধি হৈছে 30 পইচাকৈ আৰু ডিজেলত বাঢ়িছে 35 পইচাকৈ(Petrol-Diesel price hiked for the sixth consecutive day) ৷

Petrol diesel price hiked for the sixth consecutive day
পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি
author img

By

Published : Mar 28, 2022, 12:14 PM IST

নেশ্যনেল ডেস্ক, 28 মাৰ্চ: সোমবাৰৰ দিনটোত পুনৰ বৃদ্ধি পালে ইন্ধনজাত সামগ্ৰীৰ মূল্য ৷ এসপ্তাহত ষষ্ঠবাৰৰ বাবে বৃদ্ধি পালে পেট্ৰ’পণ্যৰ মূল্য ৷ প্ৰতি লিটাৰ পেট্ৰ’লত মূল্য বৃদ্ধি হৈছে 30 পইচাকৈ আৰু ডিজেলত বাঢ়িছে 35 পইচাকৈ(Petrol-Diesel price hiked for the sixth consecutive day) ৷ বিগত এসপ্তাহত প্ৰতি লিটাৰ পেট্ৰ’লত এই হাৰৰ মুঠ বৃদ্ধি হৈছে 4 ৰ পৰা 4.10 টকা ৷

ৰাজ্যিক ইন্ধনৰ খুচুৰা মূল্য অধিসূচনা(Price notification of state fuel retailers) অনুসৰি দিল্লীত সোমবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত 99.41 টকা হ'ব, যি হাৰ পূৰ্বে আছিল 99.11 টকা ৷

লগতে চাওক: পাঁচদিনত চতুৰ্থবাৰলৈ বৃদ্ধি পে’ট্ৰল-ডিজেলৰ মূল্য

আনহাতে, প্ৰতি লিটাৰ ডিজেলত 90.42 টকাৰ পৰা 90.77 টকালৈ বৃদ্ধি পাইছে । সমগ্ৰ দেশতে এই মূল্যবৃদ্ধি ঘটোৱা হৈছে ৷ গুৱাহাটীত সোমবাৰে পেট্ৰ’লৰ মূল্য 33 পইচা বৃদ্ধি পাই হয় গৈ 99 টকা ৷ একেদৰে ডিজেলৰ দাম 37 পইচা বৃদ্ধি পাই হয় গৈ 85.16 টকা ৷

উত্তৰ প্ৰদেশ, পঞ্জাৱকে ধৰি পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিগত বৰ্ষৰ ৪ নৱেম্বৰৰ পৰা ইন্ধনৰ মূল্য স্থবিৰ হৈ আছিল ৷ এই সময়চোৱাত খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত প্ৰায় ৩০ আমেৰিকান ডলাৰকৈ বৃদ্ধি পাইছিল ।

মুডিজ ইনভেষ্টৰ্ছ চাৰ্ভিচেছে(Moody's Investors Services) বিগত সপ্তাহত সদৰী কৰা অনুসৰি, ৰাজ্যৰ খুচুৰা বিক্ৰেতাসকলে নিৰ্বাচনৰ সময়চোৱাত পেট্ৰ'ল-ডিজেলৰ মূল্য স্থগিত ৰখাৰ বাবে প্ৰায় 2.25 বিলিয়ন আমেৰিকান ডলাৰ (ভাৰতীয় হিচাপত প্ৰায় 19,000 কোটি টকা) ৰাজহ হেৰুৱাইছিল ।

লগতে চাওক: পেট্ৰ’ল-ডিজেলৰ লগতে মূল্যবৃদ্ধি হ’ল ৰন্ধন গেছৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.