নেশ্যনেল ডেস্ক,৮ মে' : বিশ্ববিখ্যাত তাজমহলক লৈ আন এক বিতৰ্ক (Controversy over Taj Mahal)। তাজমহলৰ ভিতৰত হিন্দু মূৰ্তি আৰু শিলালিপি লুকুৱাই ৰখা হৈছে । ঐতিহাসিক তাজমহলৰ ২০ টাকৈ কোঠাত থাকিব পাৰে এই সামগ্ৰীবোৰ । এই দাবী অযোধ্যা জিলাৰ বিজেপি দলৰ মেডিয়া বিভাগৰ ভাৰপ্ৰাপ্ত বিষয়া ড৹ ৰজনীশ সিঙৰ ।
উক্ত কোঠা কেইটা খোলাৰ অনুমতি বিচাৰি বিজেপি নেতাগৰাকীয়ে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ বিচাৰপীঠত এক আবেদন দাখিল কৰিছে (BJP leader appeals to open 20 rooms of Taj Mahal)। ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ (ASI)ক আগ্ৰাৰ তাজমহলৰ ভিতৰত থকা ২০ টা কোঠা খোলাৰ নিৰ্দেশনা দিবলৈ আদালত অনুৰোধ জনাইছে নেতাগৰাকীয়ে । অধিবক্তা ৰুদ্ৰ বিক্ৰম সিঙে আদালতত আবেদনকাৰীৰ হৈ ওকালতি কৰিছে ।
ড৹ ৰজনীশ সিঙে কোৱা মতে তাজমহল সম্পৰ্কীয় এটা পুৰণি বিতৰ্ক আছে । তাজমহলৰ প্ৰায় ২০ টা কোঠা বন্ধ হৈ আছে আৰু তাত কাকো প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া হোৱা নাই । বিশ্বাস কৰা হয় যে এই কোঠাবোৰত হিন্দু দেৱতাৰ মূৰ্তি আৰু শিলালিপি আছে । সেয়ে কোঠা কেইটা খোলাৰ নিৰ্দেশনা দিবলৈ তেওঁ উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছে বুলি নেতাগৰাকীয়ে উল্লেখ কৰে ।
এই কোঠাবোৰ খোলাত কোনো ক্ষতি নাই আৰু সকলো বিতৰ্ক শেষ কৰিব লাগে বুলিও তেওঁ উল্লেখ কৰে । এই সম্পৰ্কত ৰাজ্য চৰকাৰে এখন সমিতি গঠন কৰি যাতে কোঠাবোৰ পৰীক্ষা কৰিব পাৰে তাৰ বাবেও আদালতৰ নিৰ্দেশনা বিচাৰিছে নেতাগৰাকীয়ে । ৰজনীশ সিঙে কয় যে তেওঁ ২০২০ চনৰ পৰা তথ্যৰ অধিকাৰ আইনৰ (RTI) জৰিয়তে তাজমহলৰ ২০ টা বন্ধ কোঠাৰ বিষয়ে তথ্য জানিবলৈ চেষ্টা কৰি আছে । সিঙে ২০২০ চনত কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰালয়ৰ ওচৰত কোঠাবোৰৰ বিষয়ে তথ্য বিচাৰি এটা আৰটিআই দাখিল কৰিছিল ।
আৰটিআইক উত্তৰ দি কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰালয়ে কেন্দ্ৰীয় তথ্য আয়োগক জনাইছিল যে নিৰাপত্তাজনিত কাৰণত এই কোঠাবোৰ বন্ধ কৰি দিয়া হৈছিল আৰু এই কোঠাবোৰৰ বিষয়ে কোনো বিৱৰণ প্ৰদান কৰা হোৱা নাছিল । সিঙে কয় যে যেতিয়া তেওঁৰ সকলো প্ৰচেষ্টা বিফল হৈছিল তেতিয়া লক্ষ্ণৌ উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল । উল্লেখ্য যে কেইবাটাও সংগঠনে তাজমহলক 'তেজো মহালয়া' বুলি দাবী কৰি আহিছে, যি হৈছে এক হিন্দু মন্দিৰ ।
লগতে পঢ়ক :হিমাচল বিধানসভাৰ প্ৰৱেশদ্বাৰৰ সমীপত উৰিল খালিস্তানৰ পতাকা