জম্মু আৰু কাশ্মীৰৰ বাবে বহু আকাংক্ষিত শান্তি ঘূৰাই অনাটো বৰ সহজ নহয় ৷ এই বিষয়টোৰ জটিলতাই জম্মু আৰু কাশ্মীৰৰ লোকসকলক সঘনে শান্তিৰ পৰা বঞ্চিত কৰি ৰাখিছে আৰু এই বিষয়টোৰ লগত জড়িত হৈ থকা বহিঃৰাষ্ট্ৰৰ প্ৰৰোচিত সন্ত্ৰাসবাদ আৰু ভাৰত ভূ-খণ্ডৰ পৰা আঁতৰি যোৱা তথা গভীৰভাৱে জড়িত হৈ থকা ধাৰ্মিক বিভাজনৰ দাবীয়ে এই বিষয়টো আৰু জটিল কৰি তুলিছে ৷ 2019 চনৰ আগষ্টত অনুচ্ছেদ 370 ৰ প্ৰত্যাহাৰৰ পাচতে ৰাজ্যখনৰ বিশেষ মৰ্যদাৰ ওৰ পৰাৰ লগতে ইয়াক দুটাকৈ কেন্দ্ৰীয় শাসিত অঞ্চলত বিভক্ত কৰা কাৰ্যক অধিকসংখ্যক ৰাজনৈতিক নেতা তথা জম্মু আৰু কাশ্মীৰৰ লোকসকলে ভাৰতীয় জনতা পাৰ্টী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ বিশ্বাসঘাতকতা হিচাপে গণ্য কৰি আহিছে ৷
বিশেষ মৰ্যাদা প্ৰত্যাহাৰৰ পাচত বিগত দুটা বছৰত জম্মু আৰু কাশ্মীৰে যথেষ্ট ৰাজনৈতিক পট পৰিৱৰ্তন প্ৰত্যক্ষ কৰিছে ৷ আনহাতে, কেন্দ্ৰীয় চৰকাৰে কিন্তু একে সময়তে ৰাজ্যখনলৈ শান্তি ঘূৰি অহা বুলি দাবী কৰিছে ৷ উল্লেখনীয়ভাৱে জম্মু আৰু কাশ্মীৰৰ নেতাসকলে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে গণতান্ত্ৰিক প্ৰক্ৰিয়াক মষিমূৰ কৰাৰ অভিযোগ উত্থাপন কৰাৰ সময়তে শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কাশ্মীৰৰ ৰাজনৈতিক নেতাসকলৰ সৈতে হোৱা বৈঠকখনে যথেষ্ট তাৎপৰ্য বহন কৰিছে ৷ এই বৈঠকখন আছিল অপ্ৰত্যাশিত, যাক কেন্দ্ৰীয় চৰকাৰে কাশ্মীৰি নেতাসকল আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত থকা বিশ্বাসহীনতা হ্ৰাস কৰাৰ বাবে লোৱা প্ৰথমটো খোজ হিচাপে অভিহিত কৰিছে ৷ এই বৈঠকখনক কেন্দ্ৰীয় চৰকাৰে কাশ্মীৰত স্থায়ী শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত লোৱা গুৰুত্বপূৰ্ণ পদক্ষেপ বুলিও অভিহিত কৰিছে ৷
যি কি নহওক, এই গুৰুত্বপূৰ্ণ বৈঠকখনৰ কিছুদিন পাচতেই কাশ্মীৰত থকা ভাৰতীয় বায়ু সেনাৰ এক ঘাটিত হোৱা ড্ৰোণ আক্ৰমণৰ ঘটনাই কাশ্মীৰৰ পৰিস্থিতিৰ প্ৰতি আকৌ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব বুলি আশংকা কৰা হৈছে ৷ জুন মাহৰ 27 তাৰিখে হোৱা ড্ৰোণ আক্ৰমণৰ ঘটনাক ইতিমধ্যেই ৰাজ্যখনৰ আৰক্ষী সঞ্চালক প্ৰধানে সন্ত্ৰাসবাদী আক্ৰমণ বুলি অভিহিত কৰিছে ৷ এই সন্ত্ৰাসবাদী আক্ৰমণে প্ৰধানমন্ত্ৰীৰ বৈঠকে সৃষ্টি কৰা ইতিবাচক পৰিস্থিতিৰ প্ৰতিও প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে ৷ কেন্দ্ৰীয় চৰকাৰে অনুচ্ছেদ 370 প্ৰত্যাহাৰ কৰাৰ বিষয়টো ধনাত্মক খোজ হিচাপে গণ্য কৰে এইকাৰণেই যে, ৰাজ্যখনত সামৰিক বাহিনীৰ মোতায়েন আৰু সন্ত্ৰাসবাদমূলক কাৰ্য হ্ৰাস হোৱা পৰিলক্ষিত হৈছে ৷ ৰাজ্যখনত দুখন কেন্দ্ৰীয় শাসিত অঞ্চলত বিভক্ত কৰাৰ পাচতেই বহু সন্ত্ৰাসবাদীক নিধন কৰাৰ লগতে আন বহুতকে আত্মসমৰ্পণ কৰিবলৈ বাধ্য কৰাইছিল ৷ যাৰ ফলত বিগত সময়ছোৱাত ৰাজ্যখনত সন্ত্ৰাসবাদমূলক কাৰ্যকলাপ হ্ৰাস পাইছে ৷
হিংসাত্মক কাৰ্যকলাপ হ্ৰাস পোৱা ঘটনাই শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত উল্লেখনীয় ভূমিকা পালন কৰা বুলি চৰকাৰে দাবী কৰিছে ৷ কিন্তু, একে সময়তে মন কৰিবলগীয়া যে, কাশ্মীৰৰ বিষয়টোৰ জটিলতা ইমান বেছি যে, এতিয়াও কাশ্মীৰত স্থায়ী শান্তি প্ৰতিষ্ঠাৰ বাবে বহু প্ৰতিবন্ধকতা আছে ৷ এনে এক জটিল বিষয় হ'ল পাকিস্তান আৰু সন্ত্ৰাসবাদ ৷ যাক আঁতৰত ৰাখি কাশ্মীৰত স্থায়ী শান্তিৰ কথা ভাবিব নোৱাৰি ৷ এই দুয়োটা বিষয়ক কাশ্মীৰ সমস্যা সমাধানৰ বাবে আলোচনা প্ৰক্ৰিয়াৰ অন্তৰ্ভুক্ত কৰিলে আমাৰ দেশৰ সাৰ্বভৌমত্বৰ লগত জড়িত কিছু সমস্যাৰ সৃষ্টি হয় ৷ আনহাতে ইয়াক আঁতৰাই ৰাখিলে সন্ত্ৰাসবাদৰ সৈতে জড়িত সমস্যা সমাধান কৰিব নোৱাৰি ৷ প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা বৈঠকৰ তিনি দিন পাচতে হোৱা ড্ৰোণ আক্ৰমণৰ ঘটনাই ইয়াক আকৌ এবাৰ প্ৰমাণিত কৰিছে ৷ বৈঠকত অবিভক্ত জম্মু আৰু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু পিডিপি দলৰ নেত্ৰী মেহবুবা মুফটিয়ে এই বক্তব্য ৰাখে যে, কাশ্মীৰ সমস্যা সমাধানৰ বাবে কাশ্মীৰি বিচ্ছিন্নতাবাদী গোটসমূহ আৰু পাকিস্তানৰ সৈতে কথা পতাতো জৰুৰী ৷ যদিও মুফটিৰ এই মন্তব্যক সমৰ্থন কৰা আশা খুবেই কম এই মন্তব্যই কিন্তু কাশ্মীৰ সমস্যা সমাধানৰ ক্ষেত্ৰত থকা জটিলতাকো আঙুলিয়াই দিয়ে ৷
ভাৰতৰ দাঁতিকাষৰীয়া দেশসমূহত শেহতীয়াকৈ হোৱা জিঅ'-পলিটিকেল ঘটনাৱলীয়েও এই বিষয়টোৱাক ফঁহিয়াই চোৱাৰ প্ৰয়োজনীয়তাৰে ইংগিত বহন কৰে ৷ আকৌ আফগানিস্তানৰ পৰা মাৰ্কিন সেনা প্ৰত্যাহাৰৰ পাচত দেশখনত হোৱা তালিবানৰ উত্থানেও কাশ্মীৰৰ সন্ত্ৰাসবাদ আৰু স্থায়ী শান্তি স্থাপনৰ প্ৰচেষ্টাক প্ৰভাৱিত কৰিব পাৰে ৷ তালিবানৰ লগত জড়িত হৈ থকা গোটসমূহ যেনে 'লস্কৰ-ই-তৈবা' আৰু 'হিজবুল-মুজাহিদ্দীন' আদিয়েও এই প্ৰক্ৰিয়াক প্ৰভাৱিত কৰাৰ সম্ভাৱনা আছে ৷ উল্লেখ্য যে, এই সন্ত্ৰাসবাদী গোটসমূহৰ প্ৰতি পাকিস্তানৰ সমৰ্থন থকাৰ লগতে পাকিস্তানে ধাৰণা কৰে যে, অনুচ্ছেদ 370 আৰু 35Aৰ প্ৰত্যাহাৰ কাশ্মীৰত শান্তি স্থাপনৰ বাবে এক অন্যতম প্ৰত্যাহ্বান ৷ সন্ত্ৰাসবাদী গোটসমূহৰ প্ৰতি থকা পাকিস্তানৰ সমৰ্থন আৰু পাকিস্তানৰ এই ধাৰণাৰ সমগ্ৰ শান্তি স্থাপন প্ৰক্ৰিয়াটোত যথেষ্ট তাৎপৰ্য আছে ৷ এইক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে নিৰন্তৰভাৱে প্ৰচেষ্টা আগবঢ়াই থাকিব লাগিব ৷ অৱশ্যে প্ৰধানমন্ত্ৰীৰ বৈঠকত কাশ্মীৰি নেতাসকলে কাশ্মীৰক পুনৰ ৰাজ্যৰ মৰ্যদা ঘূৰাই দিয়াৰ বাবে উত্থাপন কৰা দাবী যদি মানি লোৱা হয়, তেন্তে সেইয়া হ'ব পাৰে শান্তি স্থাপনৰ ক্ষেত্ৰত এক লক্ষণীয় পদক্ষেপ ৷ এই কথা কবই লাগিব যে, শান্তি প্ৰতিষ্ঠাৰ বাবে গণতান্ত্ৰিক আলোচনা দ্বাৰা জনসাধাৰণৰ মন আৰু হৃদয় জয় কৰিব পাৰিলেহে ভূ-স্বৰ্গত পুনৰ শান্তি ঘূৰি আহিব ৷
ড৹ অংশুমান বেহেৰা