নেশ্যনেল ডেস্ক,৩০ এপ্ৰিল: অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয় (এম.ও.চি.এ.) আৰু অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে তেলেংগানা চৰকাৰক ক'ভিড পৰিস্থিতিত ড্ৰোণ মোতায়েনৰ বাবে চৰ্ত সাপেক্ষ পৰীক্ষণৰ অনুমতি প্ৰদান কৰিছে ।
ৰাজ্যখনত ভিজুৱেল লাইন অফ চাইট (ভিএলওএছ) পৰিসৰৰ ভিতৰত ক'ভিড-১৯ প্ৰতিষেধকৰ পৰীক্ষামূলক বিতৰণ কৰাৰ বাবে ড্ৰোণ ব্যৱহাৰৰ অনুমতি প্ৰদান কৰা হৈছে । অনুমতি এবছৰৰ বাবে বা পৰৱৰ্তী নিৰ্দেশলৈকে বৈধ থাকিব । এই অনুমতিবোৰ কেৱল তেতিয়াহে বৈধ হ'ব যদি সংশ্লিষ্ট সংস্থাবোৰৰ বাবে উল্লেখ কৰা সকলো চৰ্ত আৰু সীমাবদ্ধতা কঠোৰভাৱে পালন কৰা হয় ।
![permission for drones](https://etvbharatimages.akamaized.net/etvbharat/prod-images/11592073_ministry-of-civil-aviation.jpg)
পৰীক্ষণবোৰে জনসংখ্যা,আইচ'লেচনৰ পৰিমাণ, ভূগোল আদিৰ দৰে পৰিস্থিতি মূল্যাঙ্কন কৰাত সহায় কৰিব যাতে বিশেষকৈ ড্ৰোণ ডেলিভাৰীৰ প্ৰয়োজন হোৱা অঞ্চলবোৰ চিনাক্ত কৰিব পাৰি ।
ইফালে এই মাহৰ আৰম্ভণিতে আইআইটি কানপুৰৰ সহযোগত ড্ৰোণ ব্যৱহাৰ কৰি ক'ভিড-১৯ প্ৰতিষেধক প্ৰদানৰ সম্ভাৱ্যতা অধ্যয়ন কৰাৰ বাবে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদক একে ধৰণৰ অনুমতি প্ৰদান কৰা হৈছিল ।
এই অনুমতিৰ উদ্দেশ্য হৈছে দ্ৰুত প্ৰতিষেধক প্ৰদান আৰু উন্নত স্বাস্থ্যসেৱা :
- নাগৰিকৰ দুৱাৰমুখত প্ৰাথমিক স্বাস্থ্যসেৱা প্ৰদান নিশ্চিত কৰা ।
- এৰিয়েল ডেলিভাৰীৰ জৰিয়তে ক'ভিড সংক্ৰমিত এলেকাত মানুহৰ ভিৰ সীমিত কৰা ।
- বিশেষকৈ দূৰৱৰ্তী এলেকাত স্বাস্থ্য সেৱা উপলব্ধ কৰা ।
- দীৰ্ঘ-দূৰত্বৰ ড্ৰোণৰ জৰিয়তে চিকিৎসা খৰচ কম কৰা ।
- চিকিৎসা সামগ্ৰীৰ যোগান ব্যৱস্থা উন্নত কৰা ।
লগতে পঢ়ক:সমকামী সম্পৰ্ক গোচৰৰ ৰায়দানৰ পূৰ্বে মনোবিজ্ঞানীৰ কাষ চাপিল ন্যায়াধীশ