ETV Bharat / bharat

মই দেশপ্ৰেমী নে বিশ্বাসঘাতক, ইয়াৰ উত্তৰ জনাসাধৰণে দিব : সাংসদ প্ৰতাপ সিমহা

author img

By ETV Bharat Assamese Team

Published : Dec 24, 2023, 8:01 PM IST

Parliament security lapse case: "মই দেশপ্ৰেমী নে বিশ্বাসঘাতক 2024 চনৰ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনত ভোটৰ জৰিয়তে জনসাধাৰণে ৰায় দিব" - বিজেপিৰ সাংসদ প্ৰতাপ সিমহা ৷

Parliament security lapse case
মই দেশপ্ৰেমী নে বিশ্বাসঘাতক, ইয়াৰ উত্তৰ জনাসাধৰণে দিব - সাংসদ প্ৰতাপ সিমহা

নেশ্যনেল ডেস্ক, 24 ডিচেম্বৰ : "2024 চনৰ লোকসভা নিৰ্বাচনৰ সময়ত জনসাধাৰণে সিদ্ধান্ত ল'ব যে মই দেশপ্ৰেমী নে বিশ্বাসঘাতক ? মোৰ আৰু একো ক’বলৈ নাই ।" লোকসভাত নিৰাপত্তা উলংঘনৰ গোচৰত, বিৰোধীৰ দাবীৰ পিচতে এই মন্তব্য প্ৰকাশ কৰে বিজেপিৰ সাংসদ প্ৰতাপ সিমহাই ৷ সাংসদগৰাকীৰ বিৰুদ্ধে বিৰোধীয়ে অভিযোগ উত্থাপন কৰি ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছিল ৷

যোৱা 13 ডিচেম্বৰত, সংসদৰ ভিজিটাৰ গেলেৰীৰ পৰা দুজন অভিযুক্তই সদনত জপিয়াই পৰিছিল । তাৰে কিছু সময়ৰ পাচত অভিযুক্ত এজনে ডেস্কৰ ওপৰেৰে খোজকাঢ়ি গৈ থাকোতে জোতাৰ পৰা কিবা এটা উলিয়াই হঠাতে হালধীয়া ধোঁৱা স্প্ৰে কৰিছিল । এই ঘটনাৰ পিচতে হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হৈছিল সদনত । এই ঘটনা সংঘটিত কৰিবলৈ প্ৰতাপ সিমহাৰ কাৰ্যালয়ৰ পৰা লাভ কৰা পৰামৰ্শ অনুসৰি সংসদত প্ৰৱেশ কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ।

সাংসদগৰাকীয়ে লগতে কয় যে, "প্ৰতাপ সিমহা বিশ্বাসঘাতক নে দেশপ্ৰেমী ? মা চামুণ্ডেশ্বৰী মহীশূৰৰ পাহাৰত বহি আছে, দেৱী মা কাবেৰী ব্ৰহ্মগিৰিৰ ওপৰত বহি আছে, কৰ্ণাটকৰ মোৰ পাঠক অনুৰাগী, যিয়ে বিগত 20 বছৰ ধৰি মোৰ লিখনি পঢ়ি আছে আৰু যিসকলে মোৰ 9 বছৰৰ কাম দেখিছে। দেশ, ধৰ্ম আৰু জাতীয়তাবাদ সম্পৰ্কীয় বিষয়ত মোৰ আচৰণ দেখিছে । তেওঁলোকে 2024 চনৰ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনত ভোটৰ জৰিয়তে তেওঁলোকৰ ৰায় দিব ।"

সংসদত নিৰাপত্তা উলংঘনৰ পিচত কংগ্ৰেছ আৰু কিছু সংগঠনে সিমহাৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল ৷ এই সন্দৰ্ভত আৰক্ষীয়ে তেওঁৰ বিবৃতি লিপিবদ্ধ কৰিছে নেকি বুলি সোধাত সিমহাই কয়, "মই যি ক'ব লাগিছিল, মই ক’লো । মোৰ ওচৰত ইয়াত যোগ দিবলৈ আৰু একো নাই।"

সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে শুকুৰবাৰে সংসদৰ নিৰাপত্তা উলংঘনৰ তদন্তৰ অংশ হিচাপে সিমহাৰ বক্তব্য লিপিবদ্ধ কৰা হৈছে বুলি সদৰী কৰিছিল । প্ৰতাপ সিমহা মহীশূৰ-কোডাগু সমষ্টিৰ পৰা দুবাৰকৈ জয়লাভ কৰি বিজেপিৰ লোকসভা সদস্য ৷

লগতে পঢ়ক: সংসদৰ নিৰাপত্তা ভংগৰ ঘটনা; ষষ্ঠ অভিযুক্ত মহেশ কুমাৱটক ৭ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.