ETV Bharat / bharat

Old woman alive before funeral: অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত জী উঠিল 102 বছৰীয়া বৃদ্ধা - অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত জী উঠিল 102 বছৰীয়া বৃদ্ধা

মৰা মানুহ জী উঠা কেতিয়াবা শুনিছেনে ? যদি তেনে হয় পৰিয়ালৰ মনত কেনে প্ৰতিক্ৰিয়াৰ সৃষ্টি হ’ব বাৰু (Old woman alive before funeral) ৷ শ্মশানত এগৰাকী মহিলা নিথৰ দেহ পুনৰ জীৱন্ত হোৱা ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ ৷ পিচে ক’ত সংঘটিত হৈছে এই ঘটনা ? পঢ়ক সবিশেষ ৷

Old woman alive before funeral
অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত জী উঠিল 102 বছৰীয়া বৃদ্ধা
author img

By

Published : Feb 2, 2023, 10:28 PM IST

নিউজ ডেস্ক, 2 ফেব্ৰুৱাৰী: আমাৰ সমাজত কেতিয়াবা এনে কিছুমান ঘটনা সংঘটিত হয়, যাক কাহানিও কল্পনাও কৰা নাযায় ৷ সেই ঘটনা প্ৰবাহে মানুহক আচৰিত কৰি তোলে ৷ মায়ঙৰ যাদুৰ দৰেই কিছুমান ঘটনাই আমাৰ মনত আশ্চৰ্যৰ সৃষ্টি কৰে ৷ মৰা মানুহ জী উঠাৰ দৰে অবাস্তৱ ঘটনাৰ কেতিয়াবা আপুনি সাক্ষী হৈছেনে ? যদি হোৱা নাই তেন্তে পঢ়ক এই প্ৰতিবেদন (Strange incident news)৷

উত্তৰাখণ্ডৰ ৰুড়কীৰ মংলোৰ অঞ্চলত সংঘটিত হৈছে তেনে এক ঘটনা ৷ অন্তিম সৎকাৰৰ সময়তে জী উঠিল এগৰাকী বৃদ্ধা (Roorkee Woman Alive) ৷ নৰছান খুৰ্ডৰ বাসিন্দা বিনোদ নামৰ ব্যক্তিগৰাকীৰ 102 বছৰ বয়সীয়া মাতৃ জ্ঞান দেৱীৰ বুধবাৰে মৃত্যু হয় ৷ বৃদ্ধাগৰাকীৰ মৃত্যুৰ পাচত পৰিয়ালৰ লোকে তেওঁৰ সৎকাৰৰ ব্যৱস্থা কৰে ৷ ধৰ্মীয় ৰীতি-নীতিৰে মৃতদেহটো সৎকাৰৰ বাবে সাজু কৰাৰ সময়তে তেওঁলোকে শৰীৰটোৱে লৰচৰ কৰা প্ৰত্যক্ষ কৰে ৷ প্ৰথমে এই ঘটনাত তেওঁলোক আচৰিত হৈ পৰে (Woman Alive Before Funeral in Roorkee) ৷ কিন্তু যেতিয়া বৃদ্ধাগৰাকীয়ে চকু মেলে তেতিয়া পৰিয়ালৰ লোকৰ মনত আনন্দৰ সীমা নোহোৱা হয় ৷

চিকিৎসকে পৰীক্ষাৰ অন্তত মহিলাগৰাকীক মৃত বুলি ঘোষণা কৰিছিল:

দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল 102 বছৰীয়া বৃদ্ধা জ্ঞান দেৱী ৷ বুধবাৰে তেওঁ হঠাৎ অজ্ঞান হৈ পৰাত পৰিয়ালৰ লোকে ঘৰলৈ চিকিৎকক মাতি আনে ৷ চিকিৎসকে পৰীক্ষা কৰি বৃদ্ধাগৰাকীৰ মৃত্য়ু হোৱা বুলি নিশ্চিত কৰে ৷ তাৰ পাচতে ঘৰখনত শোকাকুল পৰিবেশে বিৰাজ কৰে ৷ বৃদ্ধাগৰাকীৰ সন্তানে মাতৃৰ মৃত্যুৰ খবৰ পৰিয়ালৰ লোকক জনায় আৰু পৰিয়ালৰ লোকসকল ততালিকে তেওঁলোকৰ ঘৰলৈ আহে (Dead woman taking breath roorkee) ৷

লাহে লাহে ঘৰখনত আত্মীয়-স্বজন আৰু গাঁৱৰ মানুহ ভৰি গোট খায় ৷ ইয়াৰ পাচতে বৃদ্ধাগৰাকীৰ সৎকাৰৰ বাবে যাৱতীয় নীতি-নিয়ম আৰম্ভ কৰা হয় ৷ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে বৃদ্ধাগৰাকীৰ নিথৰ দেহ লৈ যোৱা হয় শ্মশানলৈ ৷ কিন্তু শ্মশানতে শেষ কৰ্মৰ সময়ত তেওঁৰ শৰীৰটো লৰচৰ কৰা প্ৰত্যক্ষ কৰে পৰিয়ালৰ লোকে ৷ যেতিয়া এজন আত্মীয়ই শৰীৰটো জোৰেৰে জোঁকাৰি দিয়ে, লগে লগে বৃদ্ধাগৰাকীয়ে চকু মেলে ৷ ইয়াকে দেখি সেই স্থানত উপস্থিত থকা সকলো লোক আচৰিত হৈ পৰে ৷

প্ৰথমে শোক, তাৰ পিচত সুখৰ পৰিৱেশ:

অন্ত্যেষ্টিক্ৰিয়াৰ সময়তে বৃদ্ধাগৰাকীয়ে চেতনা ঘূৰাই পোৱাত আত্মীয়ৰ মাজত আনন্দৰ পাৰ ভঙা উচাহ দেখা যায় ৷ কাৰোবাৰ চকুৰে শোকত নহয়, আনন্দত ওলাই আহিল চকুলো ৷ হঠাৎ সুখৰ পৰিবেশৰ সৃষ্টি বিনোদৰ ঘৰত । বিনোদে কয় যে, তেওঁৰ মাক কেৱল পৰিয়ালটোৱেই নহয়, সমগ্ৰ গাঁৱৰ ভিতৰতে আটাইতকৈ বয়সীয়াল মহিলা । গোটেই গাঁওখনে তেওঁৰ এই পুনৰ জীৱনৰ আনন্দ উদযাপন কৰিছে । চেতনা ঘূৰাই পোৱাৰ পিচত বৃদ্ধাগৰাকীয়ে আগৰ দৰেই স্বাভাৱিকভাৱে খোৱা-বোৱা কৰি থকা বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: Nilmani Phookan Sealed Letter : কবিৰ বন্ধ খামৰ চিঠিত কাৰ কাৰ নাম ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.