ETV Bharat / bharat

Gas cylinder leak in Panipat: হাৰিয়ানাত চিলিণ্ডাৰ বিস্ফোৰণ, অগ্নিদগ্ধ হৈ মৃত্যু ৬ গৰাকী লোকৰ - হাৰিয়ানাত শোকাৱহ দুৰ্ঘটনা

হাৰিয়ানাৰ পানীপাটৰ তহচিল কেম্পত ভয়ংকৰ চিলিণ্ডাৰ বিস্ফোৰণ (Panipat gas cylinder blast) ৷ বৃহস্পতিবাৰে পুৱাই সংঘটিত হোৱা এই ঘটনাই প্ৰাণ কাঢ়িলে ছয়গৰাকী লোকৰ ৷

People killed as 7 huts caught fire due to gas cylinder leak in Panipat Haryana
হাৰিয়ানাত চিলিণ্ডাৰ বিস্ফোৰণ
author img

By

Published : Jan 12, 2023, 12:13 PM IST

নেশ্যনেল ডেস্ক, 12 জানুৱাৰী: হাৰিয়ানাত শোকাৱহ দুৰ্ঘটনা ৷ হাৰিয়ানাৰ পানীপাটৰ তহচিল কেম্পৰ সমীপত বৃহস্পতিবাৰে পুৱা সংঘটিত হয় এক ভয়ংকৰ চিলিণ্ডাৰ বিস্ফোৰণৰ ঘটনা (Gas cylinder leak in Panipat) ৷ ভয়াৱহ এই চিলিণ্ডাৰ বিস্ফোৰণত এক দম্পতীকে ধৰি কমেও ছয়জন লোকৰ মৃত্যু হয় ।

প্ৰাৰম্ভিক তথ্য অনুসৰি চিলিণ্ডাৰৰ পৰা গেছ নিৰ্গত হোৱাৰ ফলতেই এই বিস্ফোৰণ হোৱা বুলি জানিব পৰা গৈছে । বিভাগীয় কৰ্তৃপক্ষই জনোৱা মতে, বস্তি এলেকাৰ বাৱাল পথত অৱস্থিত কৰ্ণৱাছ গাঁও ৰেৱাৰীত সংঘটিত হৈছে এই ঘটনা ৷ মহানগৰীৰ আৱাসিক এলেকাত বসবাস কৰা পৰিয়ালটোৱে পশ্চিম বংগৰ পৰা প্ৰব্ৰজন কৰিছিল আৰু সেই ঠাইত অস্থায়ী ৰূপে জুপুৰি সাজি বসবাস কৰি আছিল (Panipat tehsil camp) ।

উল্লেখ্য যে বৃহস্পতিবাৰে হঠাৎ জুপুৰিটোৰ পৰা চিলিণ্ডাৰ লিক হোৱাৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হয় ৷ লগে লগে জুইৰ লেলিহান শিখাই আৱৰি ধৰে জুপুৰীটো (Cylinder blast in Panipat) ৷

ইফালে স্থানীয় ৰাইজে জনোৱা মতে, ঘৰৰ পৰা ধোঁৱা ওলোৱা প্ৰত্যক্ষ কৰি ৰাইজে ততাতৈয়াকৈ আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে । কিন্তু আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী অহালৈকে অগ্নিকাণ্ডত জ্বলি ছাই হৈ গৈছিল জুপুৰিটো ৷

অৱশ্যে এই খবৰ পোৱাৰ লগে লগে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ বাহন সেই স্থানত উপস্থিত হয় আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণ কৰে যদিও ৰক্ষা কৰিব নোৱাৰিলে জুপুৰীটোত বাস কৰা লোকৰ প্ৰাণ ৷ জ্বলি ছাই হোৱা অৱস্থাত উদ্ধাৰ কৰে লোককেইগৰাকীৰ মৃতদেহ ৷

অগ্নিকাণ্ডত চাৰিগৰাকী লোকৰ মৃত্যু হোৱা বুলি আৰক্ষী বিষয়াসকলে নিশ্চিত কৰাৰ বিপৰীতে স্থানীয় লোকে দিয়া তথ্য অনুসৰি এই দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ছয়গৰাকী । নিহতসকল আব্দুল কৰিম (৫০), পত্নী আফৰোজা (৪৬), জ্যেষ্ঠ কন্যা ইশ্ৰত খাতুন (১৭), ৰেছমা (১৬), আব্দুল ছাকুৰ (১০) আৰু আফান (৭) বুলি চিনাক্ত কৰা হৈছে । লগতে এই পৰিয়ালটো পশ্চিম বংগৰ উত্তৰ দিনাজপুৰৰ বুলি চিনাক্ত কৰা হৈছে । পৰিয়ালটো ৪ নং গলিৰ কে চি চক বধৱা ৰাম কলনীত বাস কৰিছিল (Fire at a slum in Panipat) ।

লগতে পঢ়ক: Fire incident in Mariani : মৰিয়নিত ভয়ঙ্কৰ অগ্নিকাণ্ডত জাহ গ’ল বহুকেইটা বাসগৃহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.