ETV Bharat / bharat

'পেগাচাছ' স্পাইৱেৰ: অভিযোগ প্ৰত্যাখান ভাৰত চৰকাৰৰ - ভাৰত চৰকাৰ

'পেগাচাছ' স্পাইৱেৰ(Pegasus spyware) ব্যৱহাৰ কৰি কোনো অচিনাকী সংস্থাই ভাৰতীয় সাংবাদিকক চোৰাংভাৱে নিৰীক্ষণ(snooping) কৰাৰ অভিযোগ ৷ ভাৰত চৰকাৰে নস্যাৎ কৰিছে 'পেগাচাছ' স্পাইৱেৰক লৈ উত্থাপিত সমগ্ৰ অভিযোগ ৷ ভাৰতীয় সাংবাদিকক চোৰাংভাৱে নিৰীক্ষণৰ অভিযোগক লৈ উত্তাল হ'ল সংসদৰ বৰ্ষাকালীন অধিৱেশন ৷ প্ৰধানমন্ত্ৰী মোডী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰা স্পষ্টীকৰণৰ দাবী বহুজনৰ ৷

Pegasus spyware row
Pegasus spyware row
author img

By

Published : Jul 19, 2021, 8:24 PM IST

Updated : Jul 20, 2021, 12:24 PM IST

নেশ্যনেল ডেস্ক, 19 জুলাই: 'পেগাচাছ' স্পাইৱেৰক লৈ সৰ্বত্ৰে চৰ্চা অব্যাহত থকাৰ মাজতে অতি শেহতীয়াকৈ আজিৰে পৰা আৰম্ভ হোৱা সংসদৰ বৰ্ষাকালীন অধিৱেশনতো বিষয়টোৱে চৰ্চা লাভ কৰিছে ৷ সোমবাৰে শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউতেও ইজৰাইলী স্পাইৱেৰ পেগাচাছৰ জৰিয়তে সাংবাদিককে ধৰি কেইবাজনো লোকক চোৰাংকৈ নিৰীক্ষণ(snooping) কৰা সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোডী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নিজৰ স্পষ্টীকৰণ দিয়াটো উচিত বুলি মন্তব্য কৰিছে ৷ অৱশ্যে সংবাদ মাধ্যমত প্ৰকাশিত 'পেগাচাছ' স্পাইৱেৰৰ সমগ্ৰ অভিযোগ ভাৰত চৰকাৰে পোনচাটেই নাকচ কৰিছে ৷

'পেগাচাছ' স্পাইৱেৰ ব্যৱহাৰ কৰি কোনো অচিনাকী সংস্থাই কেইবাজনো ভাৰতীয় সাংবাদিকক চোৰাংভাৱে নিৰীক্ষণৰ লক্ষ্য কৰি লোৱা অভিযোগ ভাৰত চৰকাৰে নাকচ কৰাৰ লগতে এই স্পষ্ট কৰি দিছে যে, উক্ত অভিযোগৰ কোনোধৰণৰ দৃঢ় ভিত্তি বা সত্যতা নাই ৷ এই সমগ্ৰ অভিযোগক শূণ্যত গদা ঘূৰোৱা ধৰণৰ বুলি আখ্যা দি ইলেক্ট্ৰনিক্স আৰু তথ্য আৰু প্ৰযুক্তি মন্ত্ৰণালয়(Ministry of Electronics and Information and Technology)এ কয় যে, "নিৰ্দিষ্ট লোকৰ ওপৰত চৰকাৰী নিৰীক্ষণ সম্পৰ্কীয় যি অভিযোগ উত্থাপন হৈছে তাৰ সৈতে কোনো দৃঢ় ভিত্তি বা সত্য জড়িত নাই । পূৰ্বতে হোৱাটছএপত পেগাচাছৰ প্ৰয়োগ কৰা বুলি ভাৰতীয় ৰাজ্যসমূহৰ বিৰুদ্ধে এক অনুৰূপ অভিযোগ উত্থাপিত হৈছিল ৷ উক্ত প্ৰতিবেদন সমূহৰো কোনো তথ্যগত ভিত্তি নাছিল আৰু ভাৰতীয় উচ্চতম ন্যায়ালয়ত হোৱাটছএপকে ধৰি সকলো পক্ষই এই অভিযোগ স্পষ্টভাৱে অস্বীকাৰ কৰিছিল ৷ "

ইলেক্ট্ৰনিকছ, তথ্য আৰু প্ৰযুক্তি মন্ত্ৰালয়ে লগতে এইবুলিও কয় যে, "ভাৰত হৈছে এক শক্তিশালী গণতন্ত্ৰ যি ইয়াৰ সকলো নাগৰিকৰ গোপনীয়তাৰ অধিকাৰ সুনিশ্চিত কৰাটো এক মৌলিক অধিকাৰ হিচাপে গণ্য কৰে ৷ এই প্ৰতিশ্ৰুতি ৰক্ষা কৰি ভাৰতে প্ৰতিগৰাকী নাগৰিকৰ ব্যক্তিগত তথ্য সুৰক্ষিত কৰাৰ বাবে ব্যক্তিগত তথ্য সুৰক্ষা বিধেয়ক, 2019(Personal Data Protection Bill, 2019) আৰু তথ্য প্ৰযুক্তি নিয়ম, 2021(Information Technology (Intermediary Guidelines and Digital Media Ethics Code) Rules, 2021) উত্থাপন কৰিছে ৷

প্ৰখ্যাত সংবাদকৰ্মীসকলৰ ওপৰত চোৰাংকৈ চকু ৰখা বুলি উত্থাপন হোৱা অভিযোগৰ প্ৰত্যুত্তৰ দি ইলেক্ট্ৰনিক্স আৰু তথ্য আৰু প্ৰযুক্তি মন্ত্ৰণালয়ৰ অতিৰিক্ত সচিব ড৹ ৰাজেন্দ্ৰ কুমাৰে কয় যে, "মৌলিক অধিকাৰ হিচাপে বাক স্বাধীনতাৰ প্ৰতি প্ৰতিশ্ৰুতি হৈছে ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থাৰ আধাৰশিলা । আমি সদায় মুক্ত আলোচনাৰ সংস্কৃতিৰ ওপৰত গুৰুত্ব দি আহিছো ৷ পেগাচাছৰ ব্যৱহাৰ সম্পৰ্কে তথ্যৰ অধিকাৰৰ আবেদনৰ প্ৰতি ভাৰত চৰকাৰৰ সঁহাৰি সংবাদ মাধ্যমৰ দ্বাৰা গুৰুত্বপূৰ্ণভাৱে প্ৰতিবেদিত হৈছে আৰু ভাৰত চৰকাৰ আৰু পেগাচাছৰ মাজত কথিত সম্পৰ্কৰ বিষয়ে যিকোনো বিদ্বেষপূৰ্ণ দাবীৰ প্ৰতিৰোধ কৰাৰ বাবে ই পৰ্যাপ্ত ৷ ইলেক্ট্ৰ’নিক যোগাযোগৰ আইনী অৱৰোধৰ বাবে যি অনুৰোধ কৰা হৈছে সেইয়া ভাৰতীয় টেলিগ্ৰাফ আইন, 1885ৰ ধাৰা 5(2) আৰু তথ্য প্ৰযুক্তি (সংশোধনী) আইন, 2000ৰ ধাৰা 69ৰ অধীনত প্ৰাসংগিক নিয়ম অনুসৰি তৈয়াৰ কৰা হৈছে ৷"

চৰকাৰী সংস্থাসমূহৰ দ্বাৰা কোনো অনুমোদনবিহীন অৱৰোধ হোৱা নাই বুলি দাবী কৰি কুমাৰে লগতে এইবুলিও কয় যে, ভাৰতৰ ইলেক্ট্ৰ’নিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰীয়ে বিষয়টো সংসদতো উত্থাপন কৰিছিল ৷ তেওঁ কয় যে, এনেধৰণৰ অৱৰোধৰ বাবে চৰকাৰী সংস্থাসমূহৰ এক সুপ্ৰতিষ্ঠিত প্ৰট'কল আছে ৷ য'ত কেৱল ৰাষ্ট্ৰীয় স্বাৰ্থত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ উচ্চ পদস্থ বিষয়াসকলৰ অনুমোদন আৰু তত্বাৱধান অন্তৰ্ভুক্ত কৰা হৈছে ৷

লগতে পঢ়ক: ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি : আমেৰিকাই উদঙাব চীনৰ প্ৰকৃত স্বৰূপ

Last Updated : Jul 20, 2021, 12:24 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.