দেশৰ ৰাজনীতি, সংবাদ মাধ্যম সকলোতে এতিয়া পেগাচাছ স্পাইৱেৰ(Pegasus spyware) ক তোলপাৰ লাগিছে ৷ পেগাচাছ স্পাইৱেৰৰ জৰিয়তে ভাৰতীয় সাংবাদিকৰ লগতে কিছুসংখ্যক মন্ত্ৰীক লক্ষ্য কৰি চোৰাংভাৱে নিৰীক্ষণ(snooping) কৰা বুলি এটা আগশাৰীৰ সংবাদগোষ্ঠীয়ে এক প্ৰতিবেদন প্ৰকাশ কৰাৰ পাচতে সমগ্ৰ বিষয়টোক লৈ এতিয়া দেশজুৰি চৰ্চা হৈছে ৷ এই ৰাষ্ট্ৰীয় নিৰাপত্তাৰ লগতে গণতন্ত্ৰৰ বুলি ভাবুকিস্বৰূপ বুলি একাংশই মন্তব্য কৰাৰ বিপৰীতে কংগ্ৰেছে সমগ্ৰ বিষয়টোৰ সৈতে বিজেপি জড়িত আছে অভিযোগ উত্থাপন কৰিছে ৷ আজিৰে পৰা আৰম্ভ হোৱা সংসদৰ বৰ্ষকালীন অধিৱেশনতো বিষয়টোক লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হয় ৷
প্ৰকৃততে পেগাচাছ মানে কি?
পেগাচাছ হৈছে ইজৰাইলী চাইবাৰ-সুৰক্ষা প্ৰতিষ্ঠান এনএছঅ'(Israeli cyber-security firm NSO)ৰ দ্বাৰা বিকশিত এক স্পাইৱেৰ ৷ এই স্পাইৱেৰক আই.ও.এছ.(iOS), এপলৰ ম'বাইল অপাৰেটিং চিষ্টেম(Apple's mobile operating system)ৰ লগতে এণ্ড্ৰইড ডিভাইচ(Android devices)ৰ কিছুমান সংস্কৰণৰ ডিভাইচত ইনষ্টল কৰিব পাৰি ৷ পেগাচাছে সেই নিৰ্দিষ্ট ডিভাইছৰ বাৰ্তা পঢ়াৰ লগতে কল ট্ৰেক(tracking calls), পাছৱৰ্ড সংগ্ৰহ(collecting passwords) আৰু আইমেচেজ(iMessage), জিমেইল(Gmail), ভাইবাৰ(Viber), ফেচবুক(Facebook), হোৱাটছএপ(WhatsApp), টেলিগ্ৰাম(Telegram) আৰু স্কাইপ(Skype) আদিৰ পৰ তথ্য সংগ্ৰহ কৰিব পাৰে ৷
2010 চনত তেল-আভিভস্থিত প্ৰতিষ্ঠান(Tel-Aviv based firm) 'এনএছঅ' গ্ৰুপে(NSO Group) পেগাচাছ সৃষ্টি কৰিছিল ৷ এক এনজিঅ'ৰ মতে, প্ৰতিষ্ঠানটো এটা ছফ্টৱেৰ বিকশিত কৰিবলৈ স্থাপন কৰা হৈছিল যি আইন প্ৰৱৰ্তনকাৰী আৰু চোৰাংচোৱা সংস্থাবোৰক দূৰৱৰ্তী ডিজিটেল ডিভাইচসমূহত প্ৰৱেশ কৰাত সহায় কৰিব পাৰে ৷ অৱশ্যে, গোটটোৱে উল্লেখ কৰিছে যে অপৰাধ আৰু সন্ত্ৰাসৰ মোকাবিলা কৰিবলৈ চৰকাৰী সংস্থাবোৰে একচেটিয়াভাৱে ব্যৱহাৰ কৰাৰ বাবে এই স্পাইৱেৰ সৃষ্টি কৰা হৈছিল ৷ 'চিটিজেন লেব'ৰ ২০১৮ চনৰ প্ৰতিবেদন অনুসৰি ভাৰত, বাহৰেইন, কাজাখস্তান, মেক্সিকো, মৰক্কো, চৌদি আৰৱ আৰু সংযুক্ত আৰৱ এমিৰাতকে ধৰি ৪৫ খন দেশত স্পাইৱেৰ ব্যৱহাৰ কৰা হৈছে ৷
হঠাৎ কিয় চৰ্চিত হৈছে পেগাচাছ ?
দেওবাৰে এক আন্তৰ্জাতিক মিডিয়া কনচৰ্টিয়ামে এক প্ৰতিবেদন প্ৰকাশ কৰি এই দাবী কৰিছিল যে, দুজন মন্ত্ৰী, 40 জনতকৈ অধিক সাংবাদিক, তিনিজন বিৰোধী নেতা আৰু এজন বৰ্তমানৰ ন্যায়াধীশৰ উপৰিও ভাৰতত বহুসংখ্যক ব্যৱসায়ী আৰু এক্টভিষ্টকে ধৰি 300 তকৈও অধিক প্ৰমাণিত মোবাইল ফোন নম্বৰ চৰকাৰী সংস্থাক বিক্ৰী কৰা ইজৰাইলী স্পাইৱেৰৰ জৰিয়তে হেকিং কৰাৰ লক্ষ্য হ'ব পাৰে ৷
ইয়াৰ পাচতে ভাৰতীয় কমিউনিষ্ট পাৰ্টি (চিপিআই)ৰ ৰাজ্যসভাৰ সাংসদ বিনয় ভিছমবে সোমবাৰে পেগাচাছ স্পাইৱেৰৰ পৰিমাণৰ উন্মোচনৰ বাবে নিয়ম ২৬৭ ৰ অধীনত ব্যৱসায়িক জাননী স্থগিত ৰাখে। আপৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙে পেগাচাছ স্পাইৱেৰৰ স্কেলৰ উন্মোচনৰ বাবে নিয়ম ২৬৭ ৰ অধীনত ব্যৱসায়িক জাননী স্থগিত ৰাখে। প্ৰতিবেদন অনুসৰি পেগাচাছ স্পাইৱেৰ ব্যৱহাৰ কৰি এটা অচিনাক্ত সংস্থাৰ দ্বাৰা নিৰীক্ষণৰ সম্ভাৱ্য লক্ষ্যৰ লিক তালিকাত ভাৰতীয় সাংবাদিকৰ ফোন নম্বৰ প্ৰকাশ পাইছে। প্ৰতিবেদন অনুসৰি, হিন্দুস্তান টাইমছ, দ্য হিন্দু, ইণ্ডিয়া টুডে, ইণ্ডিয়ান এক্সপ্ৰেছ আৰু নেটৱৰ্ক১৮কে ধৰি দেশৰ কিছুমান সংবাদ সংস্থাৰ বাবে কাম কৰা সাংবাদিকসকলক লক্ষ্য কৰি লোৱা হৈছে ৷
পেগাচাছ সন্দৰ্ভত কংগ্ৰেছ আৰু বিজেপিৰ কি স্থিতি ?
পেগাচাছ বিষয়টোৱে চৰ্চা লাভ কৰাৰ লগে লগে বিজেপি আৰু কংগ্ৰেছ উভয়েই আক্ৰমণাত্মক স্থিতি গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ৷ বিষয়টোৱে চৰ্চা লাভ কৰাৰ পাচতে কংগ্ৰেছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক অপসাৰণৰ দাবী জনোৱাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে তদন্তৰ দাবী উত্থাপন কৰিছে ৷ ইফালে পেগাচাছ স্পাইৱেৰ বিষয়ত ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ সৈতে আপোচ কৰাৰ সমগ্ৰ অভিযোগ বিজেপি দলে পোনচাটে নাকচ কৰিছে ৷ বিশিষ্ট নাগৰিকসকলক চোৰাংচোৱা কৰাৰ বাতৰিৰ মাজতে কেন্দ্ৰই এই কথা স্পষ্ট কৰি দিছে যে, নিৰ্দিষ্ট লোকৰ ওপৰত নিৰীক্ষণৰ অভিযোগৰ সৈতে কোনো দৃঢ় ভিত্তি বা সত্য জড়িত নাই ৷
ঘটনাৰ সৈতে চৰকাৰ জড়িত থকা সন্দৰ্ভত কি কয় গৃহমন্ত্ৰীয়ে ?
বিজেপি চৰকাৰৰ বিৰুদ্ধে গুপ্তচৰবৃত্তিত জড়িত থকাৰ অভিযোগ উত্থাপন কৰি কংগ্ৰেছে গৃহমন্ত্ৰী অমিত শ্বাসহ অপসাৰণৰ দাবী উত্থাপনৰ পাচতে গৃহমন্ত্ৰী গৰাকীয়েও নিজৰ স্থিতি স্পষ্ট কৰিছে ৷ তেওঁ কয় যে, এনেধৰণৰ "বাধাগ্ৰস্ত" আৰু "ব্যাঘাতকাৰীসকলে" তেওঁলোকৰ ষড়যন্ত্ৰৰ দ্বাৰা ভাৰতৰ উন্নয়নৰ গতিপথ পথচ্যুত কৰিব নোৱাৰিব।