নিউজ ডেস্ক,১৩ ফেব্ৰুৱাৰী: জম্মু আৰু কাশ্মীৰৰ পিপল্ছ ডেম'ক্ৰেটিক পাৰ্টিৰ সভাপতি তথা প্ৰাক্তন মুখ্য়মন্ত্ৰী মেহবুবা মুফতীক শনিবাৰে আটক কৰা হয় । জম্মু আৰু কাশ্মীৰ আৰক্ষীয়ে গুপকাৰত থকা তেওঁৰ বাসগৃহতে আটক কৰি ৰাখে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক । ইয়াৰ পিছতে আৰক্ষীৰ এটা বৃহৎ দল তেওঁৰ বাসগৃহৰ সন্মুখত মোতায়ন কৰা হৈছে লগতে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে ।
উল্লেখ যে যোৱা ডিচেম্বৰত শ্ৰীনগৰৰ লাৱাইপুৰাত সংঘটিত এক সংঘৰ্ষত সেনাৰ হাতত নিহত হৈছিল দক্ষিণ কাশ্মীৰৰ পুলৱামা আৰু শ্বপিয়ানৰ তিনিজন যুৱক । তেতিয়াৰ পৰাই এক বিতৰ্কৰ মাজত সোমাই পৰিছিল এই ঘটনা । কিয়নো পৰিয়ালে দাবী কৰিছিল যে যুৱক কেইজন নিৰ্দোষী আছিল আৰু ভুৱা এনকাউন্টাৰৰ জৰিয়তে সেনাই তেওঁলোকক হত্যা কৰা বুলি অভিযোগ উত্থাপন কৰিছিল পৰিয়ালে । বিশেষ সূত্ৰই জানিবলৈ দিয়া মতে শনিবাৰে এই যুৱককেইজনৰে এজন আথাৰ মুছতাক ৱানীৰ বেলাওস্থিত ঘৰলৈ যাবলৈ যো-জা চলাওতেই আৰক্ষীয়ে আটক কৰে মুফতীক ।
লগতে পঢ়ক:ৰাজধানী দিল্লীত ডিজেলত ৩৬ পইচাকৈ বৃদ্ধি