ETV Bharat / bharat

দেশৰ আইন অনুসৰণৰ ওপৰত টুইটাৰক প্ৰশ্ন সংসদীয় পেনেলৰ

শুকুৰবাৰে তথ্য আৰু প্ৰযুক্তি সম্পৰ্কীয় সংসদীয় স্থায়ী সমিতিৰ এখন বৈঠকত টুইটাৰ ইণ্ডিয়াৰ প্ৰতিনিধিসকলে কঠিন প্ৰশ্নৰ সন্মুখীন হ'বলগীয়া হয় । সংসদীয় পেনেলে টুইটাৰ বিষয়াসকলক কোম্পানীটোৱে কেনেদৰে গুৰুত্বপূৰ্ণ নীতিগত সিদ্ধান্ত লয় আৰু গুৰুত্বপূৰ্ণ নীতি গঠন কৰিবলৈ কিমান কাৰ্যবাহী কৰ্তৃত্ব আছে তাৰ বিৱৰণ দিবলৈ মাতি পঠিয়াইছিল ।

Twitter India
দেশৰ আইন অনুসৰণৰ ওপৰত টুইটাৰক প্ৰশ্ন সংসদীয় পেনেলৰ
author img

By

Published : Jun 18, 2021, 8:38 PM IST

নেশ্যনেল ডেস্ক, ১৮ জুন : টুইটাৰকলৈ ভাৰতত বিতৰ্ক অব্যাহত আছে । বিভিন্ন সময়ত টুইটাৰ(twitter) আৰু আন আন সামাজিক মাধ্যমত ভাইৰেল হোৱা কিছুমান বিষয়ে সমাজত বিভেদকামী শক্তিৰ সৃষ্টি কৰে লগতে হত্যাৰ দৰে বহুতো ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ উদাহৰণ আছে । তেনে ক্ষেত্ৰত সামাজিক মাধ্যমৰ সংশ্লিষ্ট কৰ্তৃপক্ষই এই বিষয়সমূহ গুৰুত্ব নিদিয়াৰ বাবে এনে ঘটনা ভাৰতত যথেষ্ট পৰিমাণে সংঘটিত হোৱা দেখা গৈছে ।

শেহতীয়াকৈ এনে কাৰ্য ৰোধ কৰাৰ উদ্দেশ্যে সামাজিক মাধ্যমক কিছুমান বিষয় পৰীক্ষণ কৰাৰ বাবে প্ৰশাসন তথা চৰকাৰৰ পৰা সংশ্লিষ্ট কৰ্তৃপক্ষক অৱগত কৰা হৈছে । আনকি ভাৰত চৰকাৰে নিৰ্দিষ্ট নীতি-নিৰ্দেশনাও জাৰি কৰিছে । কিন্তু বহু ক্ষেত্ৰত এই নীতি-নিৰ্দেশনাসমূহ পালন কৰাত ব্যৰ্থ হৈছে সংশ্লিষ্ট কৰ্তৃপক্ষ ।

টুইটাৰ কৰ্তৃপক্ষইও ভাৰতীয় নীতি-নিৰ্দেশনা পালনত ব্যৰ্থ হোৱাৰ পিছতে বিভিন্ন ধৰণৰ সমালোচনাৰ সন্মুখীন হৈ আহিছে । চৰকাৰৰ তৰফৰ পৰা কেইবাবাৰো জাননী প্ৰেৰণ কৰা হৈছে টুইটাৰ ইণ্ডিয়ালৈ । আনকি অন্তিম সকীয়নিও প্ৰদান কৰিছে ভাৰত চৰকাৰে । এইবাৰ কঠোৰ প্ৰশ্নৰ সন্মুখীন টুইটাৰ ইণ্ডিয়াৰ প্ৰতিনিধি । শুকুৰবাৰে তথ্য আৰু প্ৰযুক্তি সম্পৰ্কীয় সংসদীয় স্থায়ী সমিতিৰ এখন বৈঠকত টুইটাৰ ইণ্ডিয়াৰ প্ৰতিনিধিসকলে কঠিন প্ৰশ্নৰ সন্মুখীন হ'বলগীয়া হয় ।

সংসদীয় পেনেলে টুইটাৰ বিষয়াসকলক কোম্পানীটোৱে কেনেদৰে গুৰুত্বপূৰ্ণ নীতিগত সিদ্ধান্ত লয় আৰু গুৰুত্বপূৰ্ণ নীতি গঠন কৰিবলৈ কিমান কাৰ্যবাহী কৰ্তৃত্ব আছে তাৰ বিৱৰণ দিবলৈ মাতি পঠিয়াইছিল । বৈঠকত কোম্পানীৰ প্ৰতিনিধিগৰাকীয়ে কোৱা মতে তেওঁলোকে নিজৰ নীতি অনুসৰণ কৰে । প্ৰতিনিধিগৰাকীয়ে টুইটাৰৰ দেশৰ আইন অনুসৰণৰ ওপৰত পেনেলৰ প্ৰশ্নৰ উত্তৰ দিব লগীয়া হৈছিল ।

ইয়াৰ পূৰ্বে শুকুৰবাৰে উত্তৰ প্ৰদেশৰ গাজিয়াবাদ আৰক্ষীয়ে লনিৰ এজন বৃদ্ধ লোকক আক্ৰমণ কৰা এটা ভাইৰেল ভিডিঅ'ৰ বাবে ছ'চিয়েল মিডিয়া(Social media) প্ৰতিস্থানটোক আইনী জাননী জাৰি কৰিছে । জাননীখন চিআৰপিচিৰ ধাৰা ১৬০ ৰ অধীনত জাৰি কৰা হৈছে । এতিয়াও ঘটনাক তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

লগতে পঢ়ক:মিলখা সিঙৰ দেহত ক্ৰমান্বয়ে হ্ৰাস পাইছে অক্সিজেনৰ মাত্ৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.