ETV Bharat / bharat

সংসদৰ নিৰাপত্তা ভংগক লৈ বিৰোধীৰ প্ৰতিবাদত উত্তাল সদন: স্থগিত উভয় সদন

সংসদৰ নিৰাপত্তা ভংগকাণ্ডক লৈ উত্তাল লোকসভা আৰু ৰাজ্যসভা ৷ বিৰোধী সাংসদৰ প্ৰতিবাদত স্থগিত উভয় সদন । বিৰোধী সাংসদসকলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰা বিবৃতিৰ দাবী জনাই সংসদত বিভিন্ন বিষয়ত আলোচনা সন্দৰ্ভত জাননী দিছে । ইফালে বিৰোধীৰ প্ৰতিবাদত দুখ প্ৰকাশ লোকসভাৰ অধ্যক্ষৰ ৷

Etv Bharat
Etv Bharat
author img

By ETV Bharat Assamese Team

Published : Dec 18, 2023, 11:46 AM IST

নিউজ ডেস্ক, ১৮ ডিচেম্বৰ: সংসদৰ নিৰাপত্তা ভংগ সন্দৰ্ভত আলোচনাৰ বাবে আজি অৰ্থাৎ সোমবাৰে বিৰোধী দলৰ সাংসদসকলে লোকসভা আৰু ৰাজ্যসভাত হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি কৰে ৷ বিৰোধী সাংসদৰ প্ৰতিবাদ ৰাজ্যসভা স্থগিত ৰখা হয় ৷ একেটা বিষয়ক লৈ লোকসভাও দুপৰীয়া ১২ পৰ্যন্ত স্তব্ধ হৈ পৰে ।

উল্লেখ্য যে, বিৰোধী সাংসদসকলে সদনৰ কাম-কাজ আৰম্ভ হোৱাৰ পূৰ্বেই সংসদত বিভিন্ন বিষয়ত আলোচনা সন্দৰ্ভত জাননী দিয়ে । লোকসভাৰ দৰ্শনাৰ্থীৰ গেলেৰীৰ পৰা দুজন ব্যক্তিয়ে গেছ কেনিষ্টাৰ লৈ সদনৰ ভিতৰত জপিয়াই আতংকৰ সৃষ্টি কৰা সন্দৰ্ভত বিৰোধী সাংসদসকলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰা বিবৃতিৰ দাবী জনায় ।

গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰা এই সন্দৰ্ভত বক্তব্যৰ দাবী কৰি উভয় সদনত হুলস্থুলৰ সৃষ্টি কৰাৰ বাবে ইতিমধ্যে লোকসভাৰ ১৩ জন আৰু ৰাজ্যসভাৰ ১ জন সাংসদকে ধৰি মুঠ ১৪ জন বিৰোধী সাংসদ ইতিমধ্যে শীতকালীন অধিবেশনৰ বাকী সময়ছোৱাৰ বাবে নিলম্বিত হৈ আছে । লোকসভাৰ পৰা নিলম্বিত ১৩জন সাংসদৰ ভিতৰত ৯জন কংগ্ৰেছৰ, ২জন চিপিএমৰ, এজন চিপিআইৰ আৰু এজন ডিএমকেৰ ।

ইতিমধ্যে কংগ্ৰেছ লোকসভাৰ সাংসদ মনীষ তিৱাৰীয়ে সংসদৰ নিৰাপত্তা ভংগকাণ্ডৰ বিষয়ে আলোচনা কৰিবলৈ স্থগিত ৰখা প্ৰস্তাৱ দিছে । ইফালে ৰাজ্যসভাত এই বিষয়ক লৈ কাম-কাজ স্থগিত ৰখাৰ জাননী দাখিল কৰিছে ডি এম কেৰ সাংসদ টি শিৱই । ২০০১ চনৰ সংসদত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ বৰ্ষপূৰ্তিত সংঘটিত হৈছিল এই নিৰাপত্তা ভংগকাণ্ড ।

সংসদৰ নিৰাপত্তা ভংগ কাণ্ডক লৈ বিৰোধী সাংসদে হুলস্থুল কৰাত অধ্যক্ষ ওম বিৰলাই প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷ এই বিষয়টোক লৈ ৰাজনীতি কৰাটো দুখৰ বিষয় বুলি মন্তব্য কৰে অধ্যক্ষই ৷ তেওঁ লগতে সদনৰ মজিয়াত প্ৰৱেশ কৰি শ্লোগান দিয়াটো সদনৰ মৰ্যাদাৰ বিৰোধী বুলি উল্লেখ কৰি গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰিবলৈ বিৰোধী সাংসদসকলৰ সহযোগিতাৰ অনুৰোধ কৰে ।

লগতে পঢ়ক: নিৰাপত্তা ভংগ সন্দৰ্ভত সংসদত ভাষণ দিব লাগে প্ৰধানমন্ত্ৰীয়ে: অধীৰ ৰঞ্জন চৌধুৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.