ETV Bharat / bharat

Parliament special session: 9 টা বিষয়ত আলোচনা কৰিবলৈ প্ৰধানমন্ত্ৰীলৈ চিঠি ছোনিয়া গান্ধীৰ

author img

By ETV Bharat Assamese Team

Published : Sep 6, 2023, 5:28 PM IST

18 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব সংসদৰ বিশেষ অধিৱেশন ৷ অধিৱেশনৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীলৈ এখন পত্ৰ লিখিলে কংগ্ৰেছৰ অধ্যক্ষা ছেনিয়া গান্ধীয়ে ৷ পত্ৰখনত দেশৰ সাম্প্ৰতিক অৰ্থনৈতিক পৰিস্থিতি, জাতিগত লোকপিয়ল, মণিপুৰ হিংসা আৰু মুদ্ৰাস্ফীতিৰ ওপৰত আলোচনাৰ দাবী জনাইছে গান্ধীয়ে ৷

Parliament special session
9 টা বিষয়ত আলোচনা কৰিবলৈ প্ৰধানমন্ত্ৰীলৈ চিঠি ছোনিয়া গান্ধীৰ

নেশ্যনেল ডেস্ক, 6 ছেপ্টেম্বৰ : সংসদৰ বিশেষ অধিৱেশনলৈ মাজত মাত্ৰ 12 টা দিন ৷ অহা 18 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব পাঁচদিনীয়া সংসদৰ বিশেষ অধিৱেশন ৷ পূৰ্বে কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষা ছোনিয়া গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন পত্ৰৰ জৰিয়তে দেশৰ সাম্প্ৰতিক তথা অৰ্থনৈতিক পৰিস্থিতিকে ধৰি কেইবাটাও বিষয়ত আলোচনা আৰু বিতৰ্কৰ বাবে দাবী উত্থাপন কৰিছে ৷

প্ৰধানমন্ত্ৰীলৈ লিখা পত্ৰখনত ছোনিয়া গান্ধীয়ে উল্লেখ কৰে যে, এই বিশেষ অধিৱেশনখনত বিৰোধীয়ে নিশ্চিতভাৱে অংশগ্ৰহণ কৰিবলৈ বিচাৰে ৷ বিৰোধীৰ অংশগ্ৰহণে জনসাধাৰণৰ উদ্বেগ প্ৰকাশ কৰা গুৰুত্বপূৰ্ণ বিষয়সমূহ উত্থাপন কৰাৰ বাবে সুযোগ প্ৰদান কৰিব ৷

লগতে গান্ধীয়ে উল্লেখ কৰে, "আপুনি 2023 চনৰ 18 ছেপ্টেম্বৰৰ পৰা সংসদৰ এক বিশেষ পাঁচদিনীয়া অধিৱেশন আহ্বান কৰিছে ৷ মই উল্লেখ কৰিব লাগিব যে আন ৰাজনৈতিক দলৰ সৈতে কোনো পৰামৰ্শ অবিহনে এই বিশেষ অধিৱেশনখনৰ আহ্বান কৰা হৈছে ৷ আমাৰ কাৰো এই অধিৱেশনৰ কাৰ্যসূচীৰ বিষয়ে কোনো ধাৰণা নাই ৷ আমাক কেৱল জনোৱা হৈছে যে চৰকাৰী ব্যৱসায়ৰ বাবে পাঁচদিন আৱণ্টন কৰা হৈছে ৷ আমি নিশ্চিতভাৱে বিশেষ অধিৱেশনত অংশগ্ৰহণ কৰিব বিচাৰো ৷" ইয়াৰ লগতে কংগ্ৰেছৰ নেত্ৰীগৰাকীয়ে লগতে এই অধিৱেশনত জাতিগত লোকপিয়ল, মণিপুৰৰ সাম্প্ৰদায়িক সংঘৰ্ষ আৰু মুদ্ৰাস্ফীতিকে ধৰি আন কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ আহ্বান জনায় ৷

"মই আন্তৰিকতাৰে আশা কৰোঁ যে এই বিষয়বোৰৰ ওপৰত আলোচনা আৰু বিতৰ্কৰ বাবে উপযুক্ত নিয়মৰ অধীনত সময় আৱণ্টন কৰা হ'ব ৷ বিষয়সমূহ হৈছে- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি, বৰ্ধিত নিবনুৱা সমস্যা, অসমতা বৃদ্ধি আৰু এমএছএমইৰ দুৰ্দশা, কৃষক আৰু কৃষক সংগঠনসমূহৰ প্ৰতি এমএছপি সন্দৰ্ভত কৰা প্ৰতিশ্ৰুতি আৰু তেওঁলোকৰ দ্বাৰা উত্থাপিত অন্যান্য দাবী, সকলো উন্মোচনৰ পৰিপ্ৰেক্ষিতত আদানি ব্যৱসায়িক গোটৰ লেনদেনৰ তদন্তৰ বাবে জেপিচি (যুটীয়া সংসদীয় সমিতি)ৰ দাবীৰ ওপৰত গুৰুত্ব দি সাম্প্ৰতিক অৰ্থনৈতিক পৰিস্থিতি ৷" গান্ধীয়ে পত্ৰখনত উল্লেখ কৰে ৷

লগতে ছোনিয়া গান্ধীয়ে কেইবাখনো ৰাজ্য আৰু কেন্দ্ৰৰ মাজৰ বিভেদৰ ওপৰত আলোচনাৰ বাবে দাবী উত্থাপন কৰিছিল ৷ মণিপুৰৰ লোকসকলে সন্মুখীন হোৱা যন্ত্ৰণা আৰু ৰাজ্যখনত সাংবিধানিক নীতি উলংঘা আৰু সামাজিক সম্প্ৰীতি ভংগ, জাতিগত লোকপিয়লৰ জৰুৰী প্ৰয়োজনীয়তা, কেন্দ্ৰ-ৰাজ্যৰ সম্পৰ্কত হোৱা ক্ষতি আৰু কিছু ৰাজ্যত অত্যাধিক বানপানীৰ ফলত হোৱা প্ৰাকৃতিক দুৰ্যোগৰ প্ৰভাৱ আৰু আন কিছু ৰাজ্যত খৰাং পৰিৱেশ উদ্ভৱ হোৱা সন্দৰ্ভত বিতৰ্ক অনুষ্ঠিত কৰিব লাগে বুলি কংগ্ৰেছী নেত্ৰীগৰাকীয়ে উল্লেখ কৰে ৷

ইয়াৰোপৰি কংগ্ৰেছী নেত্ৰীগৰাকীয়ে লগতে দাবী কৰে যে হাৰিয়ানাৰ দৰে বিভিন্ন ৰাজ্যত সাম্প্ৰদায়িক সংঘৰ্ষ বৃদ্ধি আৰু 'চীনে ভাৰতীয় ভূখণ্ড দখল কৰা' অব্যাহত ৰখাৰ ওপৰত আলোচনা হ'ব লাগে ৷ তেওঁ লগতে কয় যে গঠনমূলক সহযোগিতাৰ ভাৱনাৰে এই বিষয়সমূহ আলোচনাৰ মনোভাৱেৰে আগন্তুক বিশেষ অধিৱেশনত আলোচনা কৰা উচিত ৷

লগতে পঢ়ক: Fear of ’INDIA’ block: ইণ্ডিয়াৰ নহয় ! ভাৰতৰহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.