নিউজ ডেস্ক, ২৮ জুলাই: নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে চলি থকা ‘অনাস্থা প্ৰস্তাৱ’ৰ মাজতে শুকুৰবাৰে পুৱা ১১ বজাত পুনৰ আৰম্ভ হয় লোকসভাৰ বৰ্ষাকালীন অধিৱেশন ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদত বক্তব্য দিবলৈ অস্বীকাৰ কৰাক লৈ বিৰোধীয়ে আজিও সদন উত্তাল কৰাৰ পূৰ্ণ সম্ভাৱনা আছে ৷ ব্যতিক্ৰম নহ’ব ৰাজ্যসভাৰো দৃশ্যপট ৷
কংগ্ৰেছ নেতা মণিকম ঠাকুৰে কয়, "আমি বিচাৰিছিলো যে প্ৰধানমন্ত্ৰী মণিপুৰ ভ্ৰমণ কৰক ৷ যিটো তেওঁ কৰা নাই ৷ I.N.D.I.A ব্লকে বৈঠকত সাংসদৰ এটা প্ৰতিনিধি দলে মণিপুৰ ভ্ৰমণ কৰাৰ সিদ্ধান্ত লৈছে ।" তেওঁ লগতে কয় যে, "কাইলৈ সাংসদৰ প্ৰতিনিধি দলটো ৰাওনা হ’ব । আজি সন্ধিয়া মণিপুৰ ভ্ৰমণ কৰিবলগীয়া সাংসদ তথা নেতাসকলৰ নাম প্ৰকাশ কৰা হ'ব ৷ এই প্ৰতিনিধি দলৰ মূল উদ্দেশ্য হৈছে মণিপুৰৰ জনতাৰ দুখ-দুৰ্দশা তথা তেওঁলোকৰ যন্ত্ৰণা বুজ লোৱা ।"
ইফালে কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে কয়, "১৯৮ নং নিয়মৰ অধীনত আমাৰ হাতত অনাস্থা প্ৰস্তাৱ আছে ৷ এই নিয়ম অনুসৰি আলোচনা (মণিপুৰ সন্দৰ্ভত) তৎক্ষণাত হ'ব লাগে আৰু চৰকাৰে নিবিচাৰিলে সদনৰ অধ্যক্ষই তেওঁলোকক প্ৰশ্ন কৰিব পাৰে ৷ মই ভাবো তেওঁলোকে (চৰকাৰে) এই কাম কৰিব আৰু তাৰ পিছত ইডি আৰু চিবিআইক ইয়াত সাঙুৰি আনিব ৷ তেওঁলোকে সমস্যাবোৰৰ পৰা হাত সাৰিবলৈ অজুহাত বিচাৰিছে ।"
উল্লেখ্য যে, অধিবেশনৰ পূৰ্বে বিৰোধী দলৰ নেতাসকলে সংসদত ৰাজ্যসভাৰ বিৰোধী দলপতি মল্লিকাৰ্জুন খৰ্গেৰ চেম্বাৰত মিলিত হৈ সদনৰ মজিয়াৰ কৌশল সন্দৰ্ভত আলোচনা কৰে । বিৰোধীয়ে এইবাৰ অধিবেশনত মণিপুৰৰ ওপৰত চৰকাৰক তীব্ৰ সমালোচনা কৰাৰ লগতে অনাস্থা প্ৰস্তাৱ দাখিল কৰিছে ।
লগতে পঢ়ক: Monsoon Session 2023: সদনত বিৰোধীৰ হুলস্থূলৰ সুযোগ ল'বলৈ সাজু চৰকাৰ !