ETV Bharat / bharat

Parliament monsoon session 2023: অধিৱেশনৰ তৃতীয় দিনাও মণিপুৰৰ বিষয়কলৈ সংসদত হুলস্থূল হোৱাৰ সম্ভাৱনা - Parliament monsoon session

চলিত বৰ্ষাকালীন অধিৱেশনত বিৰোধীৰ ব্যাপক হুলস্থূল । মণিপুৰৰ বিষয়ক লৈ যোৱা দুটা দিনত কেইবাবাৰো সদন স্থগিত ৰাখিবলগীয়া হৈছে । কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে বিৰোধীয়ে বিশেষ ৰণনীতি প্ৰস্তুত কৰিছে ।

Parliament monsoon session 2023
মণিপুৰৰ বিষয়কলৈ সংসদত হুলস্থূল হোৱাৰ সম্ভাৱনা
author img

By

Published : Jul 24, 2023, 9:48 AM IST

নেশ্যনেল ডেস্ক, ২৪ জুলাই : আজি সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ তৃতীয়টো দিন । পুৱা ১১ বজাৰ লগে লগে সদনৰ কাৰ্যক্ৰম আৰম্ভ হ'ব । বিগত দুটা দিনৰ দৰে মণিপুৰৰ ঘটনাক লৈ দুয়োখন সদনতে আজিও হুলস্থূল অব্যাহত থকাৰ সম্ভাৱনা আছে । ইতিমধ্যে কংগ্ৰেছৰ লগতে বিৰোধী দলসমূহে সদনত কেন্দ্ৰীয় চৰকাৰক উভতি ধৰাৰ বিভিন্ন ৰণনীতি প্ৰস্তুত কৰিছে ।

ইফালে মণিপুৰৰ ঘটনাক লৈ বিৰোধী দলসমূহৰ সাংসদসকলে হুলস্থূল অব্যাহত ৰখাৰ বাবে অধিৱেশনৰ দ্বিতীয় দিনা লোকসভা দুপৰীয়া ১২ বজালৈ আৰু তাৰ পাছত সোমবাৰলৈ স্থগিত ৰখা হৈছিল । ৰাজ্যসভাৰ ক্ষেত্ৰতো একেই পৰিৱেশ দেখা গৈছিল । ৰাজ্যসভাও দুপৰীয়া ২:৩০ বজালৈ আৰু তাৰ পাছত সোমবাৰলৈ স্থগিত ৰখা হৈছিল ।

উল্লেখ্য যে, সংসদৰ বৰ্ষাকালীন অধিৱেশন ২০ জুলাইত আৰম্ভ হৈছিল আৰু ১১ আগষ্টত সমাপ্ত হ'ব । এই অধিৱেশনত, কেন্দ্ৰীয় চৰকাৰে দিল্লী সেৱা অধ্যাদেশকে ধৰি ৩১ খন বিধেয়ক গৃহীত কৰাৰ সম্ভাৱনা আছে । ইয়াৰ পূৰ্বে শুকুৰবাৰে লোকসভাত বিৰোধীৰ হুলস্থূলৰ মাজতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে, মণিপুৰত সংঘটিত ঘটনা অতি গুৰুতৰ । তেওঁ অভিযোগ কৰিছে যে মণিপুৰৰ ঘটনাক লৈ কিছুমান বিৰোধী দলে সংসদৰ কাৰ্যক্ৰমত বাধা দিব বিচাৰে । ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মণিপুৰৰ ঘটনাক লৈ সমগ্ৰ দেশ লজ্জানত বুলিও উল্লেখ কৰিছে ।

সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে কৈছে যে, অধ্যক্ষই যদি নিৰ্দেশ দিয়ে তেওঁলোকে মণিপুৰৰ বিষয়ক লৈ আলোচনাৰ বাবে সাজু । অমিত শ্বাহে অধ্যক্ষক আনুষ্ঠানিকভাৱে কৈছে যে চৰকাৰ আলোচনাৰ বাবে সাজু আছে । মন্ত্ৰী যোশীৰ মতে বিৰোধীয়ে নতুন দাবীৰে আলোচনাত ব্যাঘাত জন্মোৱাটো ভুল হ'ব । তেওঁৰ মতে বহু গুৰুত্বপূৰ্ণ বিধেয়ক আছে আৰু প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বত বিজেপিয়ে সংসদত মণিপুৰক লৈ এক ব্যাপক আলোচনা কৰিব বিচাৰে ।

লগতে পঢ়ক :Manipur Crisis: মণিপুৰ সন্দৰ্ভত চৰকাৰৰে আলোচনাত বহিব নোখোজে বিৰোধী; মন্ত্ৰী অনুৰাগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.