ETV Bharat / bharat

Parliament adjourned : ৰাহুল গান্ধীৰ অযোগ্যতাক লৈ উত্তাল সদন

author img

By

Published : Mar 27, 2023, 4:41 PM IST

সোমবাৰে সদনৰ কাৰ্যক্ৰম আৰম্ভ হোৱাৰ কেইমুহূৰ্তমানৰ পাছতে হুলস্থূলীয়া পৰিৱেশ । শাসক বিৰোধীৰ হুলস্থূলৰ মাজতে লোকসভা আৰু ৰাজ্যসভা স্থগিত ৰাখিবলগীয়া হয় (Parliament adjourned)। দিনটোৰ বাবে স্থগিত লোকসভা । যোৱা দুসপ্তাহ ধৰি সংসদত অচলাৱস্থা অব্যাহত ।

Parliament adjourned
ৰাহুল গান্ধীৰ অযোগ্যতাক লৈ উত্তাল সদন

নেশ্যনেল ডেস্ক,২৭ মাৰ্চ : ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজক লৈ সমগ্ৰ দেশতে প্ৰতিবাদ অব্যাহত আছে (Protest over Rahul Gandhi disqualification)। দেশৰ বিভিন্ন প্ৰান্তত কংগ্ৰেছ দলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে । ইয়াৰ মাজতে সোমবাৰে এই বিষয়ক লৈ উত্তাল হৈ পৰিছে সংসদৰ দুয়োখন সদন । তীব্ৰ হুলস্থূলৰ বাবে সোমবাৰে পুৱা আৰম্ভ হোৱাৰ মাত্ৰ কেইটামান মুহূৰ্তৰ ভিতৰতে সংসদৰ দুয়োখন সদন স্থগিত ৰখা হয় । লোকসভা দিনটোৰ বাবে বাতিল কৰা হৈছে যদিও ৰাজ্যসভা পুনৰ দুপৰীয়া ২ বজাত অনুষ্ঠিত হয় ।

ইফালে ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজৰ বিৰোধিতাৰে কংগ্ৰেছৰ সাংসদসকল ক'লা পোছাকত সংসদলৈ আহিছিল (Congress MPs came to the Parliament in black)। ইফালে পুৱাই বিৰোধী দলসমূহৰ নেতাসকলে সংসদত তেওঁলোকৰ ৰণনীতি প্ৰস্তুত কৰিবলৈ বিৰোধী দলৰ নেতা মল্লিকাৰ্জুন খাৰ্গেৰ কাৰ্যালয়ত এখন বৈঠকত মিলিত হৈছিল ।

ইয়াৰ পাছত কংগ্ৰেছ বিধায়িনী দলৰ এখন বৈঠক অনুষ্ঠিত হয় য'ত কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ছোনিয়া গান্ধীও অংশগ্ৰহণ কৰে । ইফালে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সংসদত দিনটোৰ কাৰ্যক্ৰমৰ পূৰ্বে কেবিনেটৰ শীৰ্ষ মন্ত্ৰীসকলৰ সৈতে এক বৈঠকত মিলিত হয় ।

উল্লেখ্য যে হিণ্ডেনবাৰ্গ আৰু আদানী প্ৰসংগত দেশজুৰি কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে শাসকীয় বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ থকাৰ মাজতে একপ্ৰকাৰ তৃতীয় সপ্তাহটো অচল হৈ পৰে সংসদ (Hindenburg Adani issue)। অধিৱেশন আৰম্ভ হোৱাৰে পৰা শাসক-বিৰোধীৰ হুলস্থূলৰ বাবে কেইবাবাৰো সদন স্থগিত ৰাখিবলগীয়া হৈছে । বিৰোধী কংগ্ৰেছৰ বিপৰীতে আকৌ শাসকীয় বিজেপিয়েও কংগ্ৰেছৰ প্ৰাক্তন সাংসদ ৰাহুল গান্ধীৰ লণ্ডনৰ বিতৰ্কিত মন্তব্যক লৈ সৰৱ হৈ আছে ।

ৱায়ানাড়ৰ প্ৰাক্তন সাংসদগৰাকীক আনকি গেৰুৱা ব্ৰিগেডে মীৰ জাফৰৰ লগতো তুলনা কৰিছে । শাসনাধিষ্ঠিত বিজেপিয়ে ৰাহুল গান্ধীক ক্ষমা বিচাৰিবলৈ দাবী জনাইছে যদিও এতিয়ালৈ তাক গ্ৰহণ কৰা নাই ৰাহুল গান্ধী আৰু কংগ্ৰেছে ।

যোৱা শুকুৰবাৰে ৰাহুল গান্ধীক অযোগ্য ঘোষণা কৰাৰ লগে লগে কংগ্ৰেছ দলত একপ্ৰকাৰ অস্থিৰতা আৰম্ভ হৈছে । উল্লেখ্য যে মোডী উপাধিক লৈ কৰা মন্তব্যৰ বিৰুদ্ধে অপৰাধমূলক মানহানিৰ গোচৰত চূৰাট আদালতে ৰাহুল গান্ধীক দোষী সাব্যস্ত কৰিছে । দুবছৰৰ কাৰাদণ্ডও ঘোষণা কৰা হৈছে ।

লগতে পঢ়ক :Cases Against Rahul Gandhi : এপ্ৰিলত ঝাৰখণ্ড আদালতত ৰাহুলৰ বিৰুদ্ধে ৩ গোচৰৰ শুনানি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.