ETV Bharat / bharat

কৰ’ণা মহামাৰীয়ে সলনি কৰিছে ত্ৰিপুৰাৰ ৰিক্সাচালকৰ জীৱন

author img

By

Published : Jun 9, 2021, 2:07 PM IST

ক’ভিড সৃষ্ট পৰিৱেশে মোক্ষম আঘাত হানিছে আগৰতলাৰ ৰিক্সা চালকসকলৰ ওপৰত ৷ দৈনিক ৭০০ ৰ পৰা ১,০০০ টকালৈকে উপাৰ্জন কৰা ৰিক্সাচালকসকল এতিয়া ঘৰলৈ উভতি যাওঁতে পৰিয়ালৰ বাবে খাদ্য সামগ্ৰী গোটোৱাৰ বাবেও চিন্তাত পৰিছে ৷

pandemic-shadow-on-agartalas-rickshaw-pullers
ক’ভিড সৃষ্ট পৰিৱেশে মোক্ষম আঘাত হানিছে ৰিক্সা চালকৰ জীৱনত

আগৰতলা, 9 জুন : প্ৰতিকুল বতৰ, প্ৰখৰ ৰ'দ আৰু হিম শীতল ঠাণ্ডাৰ পৰিৱেশৰ সন্মুখীন হৈও তেওঁলোকৰ সেৱা অবিৰতভাৱে চলি থাকে । কোনো এটা ঠেক গলি, চহৰৰ জনবহুল অঞ্চল অথবা আটাইতকৈ নিৰ্জন কোণ চহৰখনৰ প্ৰতিটো কোণেই তেওঁলোকৰ নখ দৰ্পণত থাকে ৷ তেওঁলোক আন কোনো নহয় আমাৰ সকলোৰে চিনাকি ৰিক্সাচালকসকল । যদিও গোটেই পৰিবহণ খণ্ডৰ কথা বিবেচনা কৰাৰ সময়ত তেওঁলোকে লাভ কৰা গুৰুত্ব নামমাত্ৰ তথাপি আগৰতলা চহৰৰ এটা অংশৰ পৰা আন এটা অংশলৈ যাত্ৰী কঢ়িয়াই অনাৰ দায়িত্ব পালন কৰি আছে এক হাজাৰৰো অধিক ৰিক্সাচালকে ৷

বৰ্তমান ক’ভিড 19 মহামাৰীয়ে মোক্ষম আঘাত হানিছে এইসকল ৰিক্সা চালকৰ ওপৰত ৷ আগৰতলা চহৰত সচৰাচৰ ৭০০-১,০০০ টকালৈকে উপাৰ্জন কৰা ৰিক্সা চালকসকল এতিয়া ঘৰলৈ উভতি যাওঁতে ৩০০ টকাৰ সীমা স্পৰ্শ কৰিবলৈও সংগ্ৰাম কৰিবলগীয়া হৈছে ।

এনে এজন ৰিক্সাচালক ৰতন সৰকাৰ যি নিজৰ পাঁচজনীয়া পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী ৷ দিনে 200 টকা উপাৰ্জন কৰাটোও তেওঁৰ বাবে এতিয়া এক কঠিন কাম হৈ পৰিছে - যিটো পূৰ্বতে তেওঁৰ দিনৰ এক চতুৰ্থাংশ উপাৰ্জনহে আছিল ৷ যদিও তেওঁ যাত্ৰী কঢ়িয়াবলৈ সাজু তথাপি এতিয়া তেওঁ যাত্ৰী লাভ কৰা নাই ৷ চৰকাৰে প্ৰদান কৰিবলৈ লোৱা 1000 টকাৰ সাহায্য পৰিয়াল চলাবলৈ পৰ্যাপ্ত নহয় বুলিও প্ৰকাশ কৰিছে ৰিক্সা চালকসকলে ৷

লগতে পঢ়ক : কৃষকৰ পৰা 20,000 মেট্ৰিক টন ধান ক্ৰয়ৰ সিদ্ধান্ত ত্ৰিপুৰা চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.