ETV Bharat / bharat

Pakistani sister of PM Modi: 35 বছৰ ধৰি প্ৰধানমন্ত্ৰী মোদীক ৰাখী পিন্ধাই আহিছে এগৰাকী পাকিস্তানী ভগ্নীয়ে - ৰাখী বন্ধন

ৰাখী বন্ধন বুলি ক’লেই চৰ্চালৈ অহা দেশৰ অন্য এটা বিষয় হৈছে ৰাষ্ট্ৰ ভাৰত আৰু পাকিস্তানৰ এহাল জনপ্ৰিয় ভাতৃ-ভগ্নীৰ যুটি ৷ যোৱা 35 বছৰ ধৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৰাখী পিন্ধাই আছে পাকিস্তানৰ ভগ্নী কমৰ জাহানে ৷

Pakistani sister of PM Modi
ভাতৃ নৰেন্দ্ৰ মোদীৰ প্ৰশংসাত পঞ্চমুখ পাকিস্তানী ভগ্নী
author img

By

Published : Aug 21, 2023, 8:32 PM IST

প্ৰধানমন্ত্ৰী মোদীক ৰাখী পিন্ধাই আহিছে এগৰাকী পাকিস্তানী ভগ্নীয়ে

নেশ্যনেল ডেস্ক, 21 আগষ্ট : ৰাখী বন্ধনলৈ মাজত মাথো কেইটামান দিন ৷ ৰাখী বন্ধন বুলি ক’লেই চৰ্চালৈ অহা অন্য এটা বিষয় হৈছে প্ৰতিৱেশী ৰাষ্ট্ৰ ভাৰত আৰু পাকিস্তানৰ এহাল জনপ্ৰিয় ভাতৃ-ভগ্নীৰ যুটি ৷ সাধাৰণতে ৰাখী বন্ধনৰ দিনা সকলো ভনীয়েকৰ দৰে এইগৰাকী ভগ্নীয়েও ৰাখী পিন্ধাই ভাতৃক ৷ পিছে চৰ্চাৰ বিষয় হ’ল, এইগৰাকী পাকিস্তানী ভগ্নীয়ে ৰাখী পিন্ধাই তেওঁৰ ভাতৃ তথা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৷ প্ৰধানমন্ত্ৰী মোদীৰ পাকিস্তানী ভগ্নী কমৰ জাহানে প্ৰতিবছৰৰ দৰেই এই বছৰো ৰাখী বান্ধিবলৈ দিল্লীলৈ ৰাওনা হৈছে ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভগ্নী বসন্তী বেহেন দৰেই বিখ্যাত, তেওঁৰ এইগৰাকী পাকিস্তানী ভগ্নী ৷ যোৱা 35 বছৰ ধৰি প্ৰধানমন্ত্ৰী মোদীক ৰাখী পিন্ধাই আছে এইগৰাকী কমৰে ৷ পাকিস্তানৰ কমৰ জাহানে আহমেদাবাদৰ তেলাৱতৰ মহছিন শ্বেইখৰ লগত বিবাহপাশত আৱদ্ধ হৈছে ৷ তাৰ পিচৰে পৰাই আহমেদাবাদতেই বাস কৰে কমৰে ৷

তেওঁলোকৰ সম্পৰ্কৰ সন্দৰ্ভত কমৰে ইটিভি ভাৰতক কয়, " আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক 35 বছৰ ধৰি চিনি পাওঁ ৷ ড৹ স্বৰূপ সিং গুজৰাটৰ ৰাজ্যপাল হৈ থকাৰ সময়তেই তেওঁ মোক তেওঁৰ জীয়ৰী হিচাপে তুলি লৈছিল ৷ গুজৰাটৰ ৰাজ্যপাল হিচাপে তেওঁৰ কাৰ্যকাল সমাপ্ত হোৱাৰ পিচত যেতিয়া তেওঁ গুজৰাট এৰি আছিল, আমি তেওঁক আহমেদাবাদৰ বিমানবন্দৰত লগ কৰিবলৈ গৈছিলো ৷ নৰেন্দ্ৰ মোদী তেতিয়া এজন আৰ এছ এছ কৰ্মী আছিল, তেওঁ তেতিয়াও তাত উপস্থিত আছিল ৷ সেই সময়ত নৰেন্দ্ৰ মোদী ৰাজ্যপালৰ সৈতে বহি আছিল আৰু ৰাজ্যপালে কৈছিল যে এয়া মোৰ ছোৱালী, এতিয়া মই এওঁক আপোনালোকক হাতত গতালো ৷ তেতিয়াৰ পৰাই মোক তেওঁ ভগ্নী বুলি কয় আৰু তেতিয়াৰ পৰা মই প্ৰতি বছৰে নৰেন্দ্ৰ মোদীক মোৰ হাতেৰে নিৰ্মিত ৰাখী পিন্ধাও ৷"

কমৰ জাহানে লগতে কয়, "আজি তেওঁ দেশৰ প্ৰধানমন্ত্ৰী আৰু বিশ্বৰ আটাইতকৈ জনপ্ৰিয় নেতা, মই ইয়াকৈ লৈ অতি গৌৰৱান্বিত ৷ কিন্তু মই নৰেন্দ্ৰ মোডীক এজন সাধাৰণ কৰ্মী হোৱাৰ পৰাই চিনি পাওঁ ৷ মই এইটোও ভালদৰে জানো যে তেওঁ এজন কৰ্মীৰ পৰা প্ৰধানমন্ত্ৰীৰ পদ লাভ কৰিবলৈ কিমান সংগ্ৰাম কৰিছিল ৷ মই প্ৰতি বছৰে নৰেন্দ্ৰ মোদীজীক ৰাখী পিন্ধাওঁ ৷ এইবাৰো মই দিল্লীলৈ যাম আৰু প্ৰতিবাৰৰ দৰে তেওঁক নিজ হাতেৰে বনোৱা ৰাখী পিন্ধাম ৷"

প্ৰধানমন্ত্ৰী মোদীয়ে হস্তনিৰ্মিত ৰাখী ভাল পায়, সেয়েহে কমৰ জাহানে প্ৰতি বছৰে তেওঁৰ ভাতৃ নৰেন্দ্ৰ মোদীৰ বাবে হাতেৰে ৰাখী প্ৰস্তুত কৰে ৷ আনকি যেতিয়া তেওঁ গুজৰাটৰ মুখ্যমন্ত্ৰী আছিল, তেতিয়াও তেওঁ নিজে ৰাখী বান্ধিবলৈ গৈছিল ৷ এতিয়া দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ পাচতো কমৰে দিল্লীলৈ গৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৰাখী পিন্ধাই ৷

কিন্তু কৰ’ণাৰ সময়ত তেওঁ ৰাখী পিন্ধাবলৈ নোৱাৰাৰ বাবে তেওঁ ডাকযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ৰাখী প্ৰেৰণ কৰিছিল ৷ প্ৰধানমন্ত্ৰী মোদীৰ কমৰৰ পাৰিবাৰিক সম্পৰ্ক আছে ৷ তেওঁলোকে প্ৰায়ে উৎসৱে পাৰ্বনে ইটো পৰিয়ালে সিটো পৰিয়ালৰ খা-খবৰ ৰাখে ৷ কমৰৰ পুত্ৰ কানাডাত পঢ়ি থকাৰ লগতে এগৰাকী সু ব্যৱসায়ী ৷ তেওঁ কানাডাত কি কৰি আছে, কেনে আছে এই বিষয়েও খবৰ ৰাখে প্ৰধানমন্ত্ৰীয়ে ৷

প্ৰধানমন্ত্ৰীয়ে কমৰৰ পুত্ৰক ৰাজকুমাৰ বুলি সম্বোধন কৰে ৷ প্ৰয়োজনত কমৰৰ পুত্ৰক দিহা পৰামৰ্শও দিয়ে প্ৰধানমন্ত্ৰী মোদীয়ে ৷ যিহেতু কমৰৰ স্বামী এজন চিত্ৰশিল্পী, তেওঁ কেনে ধৰণৰ ছবি নিৰ্মাণ কৰিব লাগে সেই বিষয়েও পৰামৰ্শ দিয়ে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷

কমৰ জাহানৰ স্বামী মহছিন শ্বেইখে কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি যি পদত আছে, সেয়া যথেষ্ট পৰিশ্ৰমৰ পিচত লাভ কৰিছে ৷ এখন সৰু চহৰৰ এজন লোকে আজি দেশখনক নেতৃত্ব দি আছে ৷ নৰেন্দ্ৰ মোদীৰ কাম কৰাৰ শৈলী হৈছে যে, তেওঁ কামটো সম্পূৰ্ণ নোহোৱালৈকে কামটো আধাতে এৰি নিদিয়ে ৷

লগতে পঢ়ক: Chandrayaan-3 mission : চন্দ্ৰপৃষ্ঠত কি কৰিব চন্দ্ৰযান-৩য়ে, কি ক'লে ইছৰোৰ বিজ্ঞানী পদ্মকুমাৰে ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.