ETV Bharat / bharat

অবৈধভাৱে ভাৰতত থকা পাকিস্তানী নাগৰিকক জেললৈ প্ৰেৰণ

author img

By

Published : Nov 7, 2020, 11:11 AM IST

কাৰাচীৰ বাসিন্দা মহম্মদ ইউনুছ নামৰ ব্যক্তিগৰাকীয়ে দীৰ্ঘদিন ধৰি তামিলনাডুত বাস কৰি আছিল ৷ 2017চনৰ পৰাই কোনোধৰণৰ যাৱতীয় নথি-পত্ৰ অবিহনে ৰাজ্যখনত বাস কৰি আহিছিল ব্যক্তিগৰাকীয়ে ৷

অবৈধভাৱে ভাৰতত থকা পাকিস্তানী নাগৰিকক জেললৈ প্ৰেৰণ
অবৈধভাৱে ভাৰতত থকা পাকিস্তানী নাগৰিকক জেললৈ প্ৰেৰণ

নিউজ ডেস্ক, 7 নৱেম্বৰ : কোনোধৰণৰ যাৱতীয় নথি-পত্ৰ অবিহনে ভাৰতত বাস কৰি থকা এগৰাকী পাকিস্তানী নাগৰিকক জেললৈ প্ৰেৰণ কৰে তামিলনাডুৰ এখন আদালতে ৷ তামিলনাডু আৰক্ষীয়ে 2017 চনৰ পৰাই ৰাজ্যখনত বাস কৰি থকা পাকিস্তানী নাগৰিককগৰাকীক বিগত কিছুদিন পূৰ্বে গ্ৰেপ্তাৰ কৰিছিল ৷

পাকিস্তানৰ কাৰাচীৰ বাসিন্দা মহম্মদ ইউনুছ নামৰ ব্যক্তিগৰাকীয়ে 2017 চনৰ পৰাই কোনো যাৱতীয় তথ্য-পাতি অবিহনে তামিলনাডুৰ এখন লজত বাস কৰি আছিল ৷ অৱশেষত আৰক্ষীৰ জালত পৰে ব্যক্তিগৰাকী ৷ ইতিমধ্যে ব্যক্তিগৰাকীক দোষী সাব্যস্ত কৰি জেললৈ প্ৰেৰণ কৰা হৈছে ৷ ব্যক্তিগৰাকীৰ পৰা ভাৰতীয়, পাকিস্তানী, আমেৰিকান আৰু শ্ৰীলংকান নোট উদ্ধাৰ কৰাৰ লগতে লগতে অন্যান্য সামগ্ৰীও জব্দ কৰিছে আৰক্ষীয়ে ৷ আইপিচিৰ লগতে ফৰেইন আইনৰ অধীনত ব্যক্তিগৰাকীক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা হৈছে ৷

বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিতে তামিলনাডু আৰক্ষীয়ে ব্যক্তিগৰাকীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি, কোনোধৰণৰ তথ্য়-পাতি অবিহনে শ্ৰীলংকালৈ পলাই যোৱাৰ পৰিকল্পনা কৰিছিল পাকিস্তানী নাগৰিকজনে ৷ অৱশেষত আদালতে ব্যক্তিগৰাকীক চাৰিবছৰৰ বাবে জেললৈ প্ৰেৰণ কৰে ৷ তেওঁৰ এই শাস্তি সম্পূৰ্ণ হ'লে ৱাঘাহ সীমান্তৰে পাকিস্তান চৰকাৰক গটাই দিয়া হ'ব বুলি জানিবলৈ দিয়ে তামিলনাডু আৰক্ষীয়ে ৷ কিন্তু তেতিয়ালৈকে ৰাজহ চোৰাংচোৱা বিভাগৰ তত্বাৱধানত জেলত থাকিব পাকিস্তানী নাগৰিকগৰাকীয়ে ৷

লগতে পঢ়ক : সুস্থ হৈছে আজেন্টিনাৰ ফুটবলৰ সম্ৰাট ডিয়েগো মাৰাডোনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.