ETV Bharat / bharat

যুদ্ধ বিৰতি উলংঘা কৰি পুনৰ ভাৰতক আক্ৰমণৰ চেষ্টা পাকিস্তানৰ

পাকিস্তানে পুনৰ যুদ্ধ বিৰতি উলংঘা কৰি ভাৰতক আক্ৰমণ কৰাৰ উদ্দেশ্যে গুলি নিক্ষেপ কৰে | জম্মু-কাশ্মীৰৰ পুন্স জিলাৰ শাহপুৰ,কীৰ্ণী আৰু কোস্বা অঞ্চলৰ ওচৰৰ নিয়ন্ত্ৰণ ৰেখাত পাকিস্তানে পুনৰ আক্ৰমন কৰে ৷

author img

By

Published : Nov 10, 2020, 1:52 PM IST

pakistan violates ceasefire in jammu and kashmirs poonch
যুদ্ধ বিৰতি উলংঘা কৰি পুনৰ ভাৰতক আক্ৰমণৰ চেষ্টা পাকিস্তানৰ

নেশ্যনেলডেস্ক,10 নৱেম্বৰ: মঙলবাৰে ৰাতিপুৱা জম্মু-কাশ্মীৰৰ পুন্স জিলাৰ শাহপুৰ,কীৰ্ণী আৰু কোস্বা অঞ্চলৰ ওচৰৰ নিয়ন্ত্ৰণ ৰেখাত পাকিস্তানে পুনৰ যুদ্ধ বিৰতি উলংঘা কৰি ভাৰতক আক্ৰমণ কৰাৰ উদ্দেশ্যে ৰাবাৰ গুলি নিক্ষেপ কৰে বুলি বিভাগীয় কৰ্তৃপক্ষই জনায় ৷

ইফালে ভাৰতীয় সেনাইও যথাযথ ভাৱে প্ৰতিশোধ লোৱাৰ কথা সদৰি কৰে ৷ পূৰ্বতেও নৱেম্বৰ মাহত পাকিস্তানে পুন্স জিলাৰ একে ঠাইতে যুদ্ধ বিৰতি উলংঘা কৰিছিল ৷ এই বছৰৰ আৰম্ভণিৰ পৰা বৰ্তমানলৈকে 3200 বাৰৰো অধিক যুদ্ধ বিৰতি উলংঘা কৰিলে পাকিস্তানে ৷ যাৰ ফলত 24 গৰাকী নাগৰিকৰ মৃত্যু হোৱাৰ লগতে 100 জনৰো অধিক আহত হৈছে ৷ বাৰে বাৰে সীমান্তত গুলি বৰ্ষণৰ বাবে আৰু যুদ্ধ বিৰতি উলংঘা কৰাৰ বাবে সীমান্তৱৰ্তী গাঁও সমূহৰ বাসিন্দা সকলে দুৰ্ভোগ ভুগিব লগীয়া হৈছে ৷

লগতে পঢ়ক: বিহাৰত আৰম্ভ হৈছে ভোটগণণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.