ETV Bharat / bharat

জম্মু কাশ্মীৰত পুনৰ পাক সেনাৰ যুদ্ধ বিৰতি উলংঘন

পাকিস্তানে শেহতীয়াকৈ কেইবাবাৰো যুদ্ধবিৰতি উলংঘন কৰি আহিছে ৷ পাক সেনাৰ যুদ্ধবিৰতি উলংঘনৰ ফলত সীমান্তৰ লোকসকলে বিগত কেইবাদিন ধৰি ভূগর্ভস্থ বাংকাৰত নিশা অতিবাহিত কৰিবলৈ বাধ্য হৈছিল ।

Pakistan violates ceasefire along IB in JK's Kathua
জম্মু কাশ্মীৰত পুনৰ পাক সেনাৰ যুদ্ধ বিৰতি উলংঘন
author img

By

Published : Feb 21, 2021, 10:39 PM IST

নিউজ ডেস্ক, ২১ ফেব্ৰুৱাৰী : জম্মু আৰু কাশ্মীৰৰ কাঠুৱা জিলাৰ আন্তৰাষ্ট্ৰীয় সীমান্তৰ কাষৰ ফৰৱাৰ্ডিং পোষ্ট আৰু গাঁওবোৰত শনিবাৰে নিশা পাকিস্তানী ৰেঞ্জাৰে অগ্নি সংযোগ কৰে ৷ সেনাৰ শীৰ্ষ বিষয়াই দেওবাৰে সদৰি কৰে এই কথা । সেনাৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, শনিবাৰে নিশা প্ৰায় ১০.২৫ বজাত হীৰানগৰ চেক্টৰৰ সীমান্ত চকীৰ বোবিয়া অঞ্চলক লক্ষ্য কৰি পাকসেনাই প্ৰথমে গোলাবৰ্ষণ কৰে ৷ পাকসেনাৰ গোলাপৰ্ষণৰ ফলত ভাৰতীয় সেনাইও যোগ্য প্ৰত্যুত্তৰ দিয়ে ।

পাক আৰু ভাৰতীয় সেনাৰ মাজত চলা এই গোলাবৰ্ষণ পুৱতি নিশা ৪.৩০ বজালৈ অব্যাহত থাকে ৷ অৱশ্যে এই গোলাবৰ্ষণত ভাৰতীয় পক্ষৰ কোনো ক্ষতি হোৱাৰ কথা জানিব পৰা হোৱা নাই । সেনাৰ শীৰ্ষ বিষয়াই লগতে কয় যে, পাকিস্তানে শেহতীয়াকৈ কেইবাবাৰো যুদ্ধবিৰতি উলংঘন কৰি আহিছে ৷ পাক সেনাৰ যুদ্ধবিৰতি উলংঘনৰ ফলত সীমান্তৰ লোকসকলে বিগত কেইবাদিন ধৰি ভূগর্ভস্থ বাংকাৰত নিশা অতিবাহিত কৰিবলৈ বাধ্য হৈছিল ।

লগতে পঢ়ক : কেৰালা আৰু তামিলনাডুত নিৰ্বাচনী প্ৰচাৰৰ বাবে সাজু ৰাহুল গান্ধী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.