ইণ্টাৰনেশ্যনেল ডেস্ক, ২৩ এপ্ৰিল : ভাৰতীয় নৌসেনাৰ অৱসৰপ্ৰাপ্ত বিষয়া কুলভূষণ যাদৱৰ পৰামৰ্শদাতা নিয়োগ কৰিবলৈ পুনৰ ভাৰতৰ পক্ষক সোঁৱৰাই দিলে পাকিস্তানে । দেশখনৰ আদালতৰ সৈতে আৰু আন্তঃৰাষ্ট্ৰীয় আদালতৰ ৰায় কাৰ্যকৰী কৰিবলৈ যাদৱৰ পৰামৰ্শদাতা নিযুক্ত দিবলৈ ভাৰতক আহ্বান জনাইছে পাকিস্তানে । ২০১৭ চনত যাদৱক মৃত্যুদণ্ডেৰে দণ্ডিত কৰিছিল পাকিস্তানৰ এখন সামৰিক আদালতে । চোৰাংচোৱাগিৰি কৰা আৰু সন্ত্ৰাসবাদৰ অভিযোগত দোষী সাব্যস্ত কৰা হৈছিল কুলভূষণ যাদৱক ।
যাদৱৰ পৰামৰ্শদাতা নিয়োগ কৰাৰ প্ৰস্তাৱত পাকিস্তানে সন্মতি প্ৰদান কৰা নাছিল আৰু ইয়াৰ পিছতে পাকিস্তানৰ সামৰিক আদালতৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই ভাৰতে আন্তঃৰাষ্ট্ৰীয় আদালতৰ দ্বাৰস্থ হয় । পাকিস্তানৰ বৈদেশিক কাৰ্যালয়ত এক সাপ্তাহিক প্ৰেছ ব্ৰিফিংৰ সময়ত, বৈদেশিক কাৰ্যালয়ৰ মুখপাত্ৰ মুখপাত্ৰ জাহিদ হাফিজ চৌদ্ৰীয়ে কয় যে, ভাৰতে আন্তঃৰাষ্ট্ৰীয় আদালতৰ ৰায়ক সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত পাকিস্তানৰ আদালতৰে সহযোগিতা কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে ।
তেওঁ লগতে কয় যে, যাদৱক প্ৰতিনিধিত্ব কৰিবলৈ আইনী পৰামৰ্শদাতা নিযুক্ত কৰি আইনী প্ৰক্ৰিয়াবোৰ যথাযথভাৱে সমাপ্ত কৰিবলৈ আৰু আন্তঃৰাষ্ট্ৰীয় আদালতৰ ৰায়ক কাৰ্যকৰী কৰিব পৰাকৈ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ ভাৰতৰ পক্ষক আহ্বান জনোৱা হৈছে । ২০১৯ চনৰ ১৭ জুলাইত আন্তঃৰাষ্ট্ৰীয় আদালতে যাদৱৰ মৃত্যুদণ্ড বাতিল কৰিছিল আৰু অসামৰিক আদালতত তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভত বিচাৰ কৰাৰ বাবে আহ্বান জনাইছিল ।
উল্লেখ্য যে, পাকিস্তানৰ এখন সামৰিক আদালতে যাদৱক মৃত্যুদণ্ডেৰে দণ্ডিত কৰিছিল । কিন্তু, আন্তঃৰাষ্ট্ৰীয় আদালতে এই সিদ্ধান্ত গ্ৰহণ কৰা নাছিল । পাকিস্তানে ইছলামাবাদ উচ্চ ন্যায়ালয়ত এটা গোচৰ ৰুজু কৰিছে । অৱশ্যে, ভাৰতীয় উচ্চায়ুক্তই এই গোচৰ সন্দৰ্ভত প্ৰতিৰক্ষা পৰামৰ্শদাতা নিযুক্ত কৰি উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাইছিল । ভাৰতীয় উচ্চায়ুক্তক প্ৰতিনিধিত্ব কৰা শ্বাহনাৱাজ নুনৰ মতে, পাকিস্তানৰ উচ্চ ন্যায়ালয়ে আন্তঃৰাষ্ট্ৰীয় আদালতৰ প্ৰয়োজনীয়তা অনুসৰি বিচাৰ প্ৰক্ৰিয়া আগবাঢ়োৱা নাই ।
ভাৰতে ভিয়েনা সন্মিলনৰ অধীনত নাগৰিকক প্ৰদান কৰা অধিকাৰ আৰু আন্তঃৰাষ্ট্ৰীয় আদালতৰ সিদ্ধান্তৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে । আন্তঃৰাষ্ট্ৰীয় আদালতে এই গোচৰৰ শুনানি অহা মে'লৈ স্থগিত ৰাখিছে । আনহাতে, আন্তঃৰাষ্ট্ৰীয় আদালতৰ ৰায় সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰাত জোৰ দি আছে আৰু যাদৱৰ বাবে পৰামৰ্শদাতা নিযুক্ত কৰাৰ ক্ষেত্ৰত ভাৰতে পলম কৰি নতুন কৌশল যুগুত কৰাৰ অভিযোগ উত্থাপন কৰিছে ।
যোৱা ১৪ জানুৱাৰীত ভাৰতীয় উচ্চায়ুক্তই যাদৱৰ বাবে আইনী পৰামৰ্শদাতা নিযুক্তি সন্দৰ্ভত পুনৰ ভাৰত চৰকাৰৰ সৈতে যোগাযোগ কৰিবলৈ পাকিস্তান চৰকাৰক নিৰ্দেশ দিছিল । আনহাতে, চাৰিবাৰ জাননী প্ৰেৰণ কৰাৰ পিছতো এতিয়ালৈকে কোনো পৰামৰ্শদাতা নিযুক্ত কৰা নাই ভাৰতীয় উচ্চায়ুক্তই ।