ETV Bharat / bharat

Imran Khan’s judicial remand: পুনৰ বৃদ্ধি কৰা হ’ল প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ ন্যায়িক জিম্মাৰ সময়সীমা

বৃদ্ধি কৰা হ’ল পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ ন্যায়িক জিম্মাৰ সময়সীমা ৷ 14 দিনৰ বাবে বৃদ্ধি কৰা হয় জিম্মাৰ সময়সীমা ৷ চৰকাৰী গোপনীয়তা উলংঘাৰ গোচৰ ৰুজু হৈছিল খানৰ বিৰুদ্ধে ৷

Imran Khan’s judicial remand
প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খান
author img

By ETV Bharat Assamese Team

Published : Sep 26, 2023, 5:19 PM IST

নেশ্যনেল ডেস্ক, 26 ছেপ্টেম্বৰ: পুনৰ মঙলবাৰে বৃদ্ধি কৰা হ’ল পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ ন্যায়িক জিম্মাৰ সময়সীমা ৷ মঙলবাৰে পাকিস্তানৰ বিশেষ আদালতে ছাইফাৰ গোচৰত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ ন্যায়িক জিম্মা পুনৰ 14 দিনৰ বাবে বৃদ্ধি কৰে ৷ যিয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ মুক্তিৰ সম্ভাৱনাক পুনৰ মষিমূৰ কৰি তোলে । খানৰ বিৰুদ্ধে চৰকাৰী গোপনীয়তা উলংঘাৰ গোচৰ ৰুজু হোৱাৰ পিছতে যোৱা বছৰৰ মাৰ্চ মাহত গ্ৰেপ্তাৰ কৰা হৈছিল পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক ।

তৃতীয়বাৰৰ বাবে খানক জিম্মাত লৈ জেললৈ প্ৰেৰণ কৰা হৈছিল । পূৰ্বৰ 14 দিনীয়া জিম্মাৰ মঙলবাৰে অন্ত পৰে । বিশেষ আদালতৰ ন্যায়াধীশ আবুয়াল হাছনাত জুলকেৰনাইনে জিলা কাৰাগাৰ এটকত শুনানি গ্ৰহণ কৰে, য’ত খানক তোষখানা গোচৰত দোষী সাব্যস্ত হোৱাৰ পিছত 5 আগষ্টৰ পৰা আটক কৰি ৰখা হৈছে ।

শুনানিৰ অন্তত আদালতে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক 10 অক্টোবৰলৈকে ন্যায়িক জিম্মাত ৰখাৰ নিৰ্দেশ দিয়ে যাতে তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পৰা যায় । আনহাতে, প্রাক্তন বৈদেশিক মন্ত্রী শ্বাহ মাহমুদ কুৰেশ্বীৰ জিম্মাৰ সময়সীমাও একে সময়ৰ বাবে বৃদ্ধি কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে আদালতে ৷ উল্লেখ্য যে, একে আইনৰ অধীনত কুৰেশ্বীৰ বিৰুদ্ধেও অভিযোগ উত্থাপিত হৈছে ।

যদিও সোমবাৰে ইছলামবাদ উচ্চ ন্যায়ালয়ে খানক ৰাৱালপিণ্ডিৰ আদিয়ালা কাৰাগাৰলৈ স্থানান্তৰিত কৰিবলৈ কৰ্তৃপক্ষক নিৰ্দেশ প্ৰদান কৰিছিল ৷ তথাপিও এই নিৰ্দেশনা কাৰ্যকৰী নহ’ল । ইয়াৰ পূৰ্বেও নিৰাপত্তাজনিত কাৰণৰ বাবে কাৰাগাৰত গোচৰৰ শুনানি চলাবলৈ অনুমতি দিছিল কৰ্তৃপক্ষই ।

লগতে পঢ়ক : Manmohan Singh 91st birthday: প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙক মোদীয়ে যাচিলে জন্মদিনৰ শুভেচ্ছা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.