নিউজ ডেস্ক,29 জানুৱাৰী: আমেৰিকাৰ নতুন ৰাষ্ট্ৰপতি জ' বাইডেনৰ প্ৰশাসনৰ সৈতে ঘনিষ্ঠ সম্পৰ্কৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে পাকিস্তানে ৷ বৈদেশিক কাৰ্যালয়ৰ এজন বিষয়াই জনাইছে এই কথা ৷ বিষয়া গৰাকীয়ে জনোৱা অনুসৰি ইছলামাবাদে ৱাশ্বিংটনৰ সৈতে থকা সেই সম্পৰ্কক মূল্য দিয়ে,যিয়ে আঞ্চলিক শান্তি আৰু স্থিৰতা বজাই ৰখাত সহায় কৰে ৷ "আমি অতীতত একেলগে কাম কৰি বহুত অৰ্জন কৰিছো । বাইডেন প্ৰশাসনৰ সৈতে জড়িত হ'বলৈ ইছলামাবাদে ৰচনা কৰা কৌশলৰ সন্দৰ্ভত ড'ন নিউজৰ মুখপাত্ৰ জাহিদ হাফিজ চৌধুৰীৰে বৃহস্পতিবাৰে কয় যে,"অংশীদাৰী ভূ-ৰাজনৈতিক আৰু নিৰাপত্তা প্ৰত্যাহ্বানৰ প্ৰসংগত ব্যস্ততা আৰু সমন্বয়ৰ যুক্তি পূৰ্বতকৈ অধিক বৃদ্ধি পাইছে ৷
মুখপাত্ৰজনে লগতে কয়, "আমি আমাৰ দ্বিপাক্ষিক সম্পৰ্কক বহুমুখী, বহনক্ষম আৰু পাৰস্পৰিকভাৱে লাভজনক কৰি তুলিবলৈ আৰু অঞ্চলটোত শান্তি, স্থিৰতা আৰু সমৃদ্ধি প্ৰাপ্ত কৰাৰ বাবে আমাৰ অংশীদাৰিত্ব অব্যাহত ৰাখিবলৈ নতুন প্ৰশাসনৰ সৈতে কাম কৰিবলৈ অপেক্ষা কৰি আছো ।"20 জানুৱাৰীত বাইডেনৰ উদ্বোধনৰ পিছত প্ৰধানমন্ত্ৰী ইমৰান খানে নতুন ৰাষ্ট্ৰপতিক অভিনন্দন জনাই কয় যে,পাকিস্তানে বাণিজ্য আৰু অৰ্থনৈতিক সম্পৰ্কৰ জৰিয়তে এক শক্তিশালী দ্বিপাক্ষিক অংশীদাৰিত্ব গঢ়ি তুলিবলৈ অপেক্ষা কৰি আছে ৷ জলবায়ু পৰিৱৰ্তনৰ সতে যুঁজিবলৈ, জনস্বাস্থ্য উন্নত কৰিবলৈ, দুৰ্নীতিৰ সতে মোকাবিলা কৰিবলৈ, সন্ত্ৰাস জৰ্জৰ অঞ্চল আৰু তাৰ বাহিৰত শান্তি বৃদ্ধি কৰা ক্ষেত্ৰত একেলগে কাম কৰিবলৈ আশাবাদী পাকিস্তান ৷
লগতে পঢ়কঃ বিটিআৰত উপস্থিত হ'ল 3 idiots ৰ আঁৰত থকা প্ৰকৃত ব্যক্তিজন