নেশ্যনেল ডেস্ক, 27 নৱেম্বৰ : শিক্ষা এনে এক অস্ত্ৰ, যাৰ আধাৰত জীৱনৰ আটাইতকৈ ডাঙৰ যুদ্ধ জয় কৰিব পাৰি ৷ কিন্তু এই একবিংশ শতিকাতো বহু গাঁৱত শিক্ষাৰ পৰা বঞ্চিত হৈ আছে বহু শিশু ৷ সেই শিশুসকলক শিক্ষা দিয়াৰ পৰিৱৰ্তে ঘৰুৱা কামত লগাই আহিছে বহু লোকে ৷ য’ত ধূলিসাৎ হয় বহু শিশুৰ সপোন ৷
কিন্তু ইয়াৰ মাজতে আজি আমি ক’বলৈ লৈছো এনে এগৰাকী বিশেষ মহিলাৰ কথা, যিগৰাকীয়ে অভাৱ-অভিযোগৰ শৈশৱ পাৰ কৰি বৰ্তমান সমাজত এক নতুন পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে ৷ যাক পদ্মশ্ৰী সন্মানেৰেও সন্মানিত কৰা হৈছে ৷ নাম পদ্মশ্ৰী ৰাহীবাই পোপেৰ (Padmashree Rahibai Popere) ৷
মহাৰাষ্ট্ৰত জন্ম : মহাৰাষ্ট্ৰৰ আহমদ নগৰ জিলাৰ আকোলে আদিবাসী ব্লকৰ কৌম্বলে গাঁৱত জন্ম গ্ৰহণ কৰিছিল 72 বছৰীয়া ৰাহীবাই পোপেৰে । মহাদেৱ কোলী আদিবাসী সম্প্ৰদায়ৰ বাসিন্দা ৰোহীবাই । থলুৱা বীজ সংৰক্ষণৰ বাবে ৰোহীবাই পোপৰক ‘বীজ মাতৃ’ নামেৰে পৰিচিত (Rahibai Popere, Country knows as Seed Mother) । পাঁচজন ভাই-ভনী থকা ৰাহীবায়ে দৰিদ্ৰতাৰ বাবে স্কুলীয়া শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হ’ব লগা হৈছিল ৷
স্কুলীয়া শিক্ষা গ্ৰহণৰ বিপৰীতে মাক-দেউতাকক খেতি-বাতিত সহায় কৰিছিল ৰোহীবায়ে । তেওঁ 12 বছৰ বয়সতে বিয়াত বহিছিল ৷ বিয়াৰ পিছতো ৰোহীবায়ে তেওঁৰ স্বামীক খেতিত সহায় কৰিছিল । তেওঁ জীৱনৰ ৪০ টা বছৰ পাহাৰীয়া অঞ্চলৰ এটা জুপুৰিত কটাইছিল । সেই পাহাৰীয়া অঞ্চলটোত পানীৰ তীব্ৰ সংকতে দেখা দিছিল ৷ চাৰিটা ল’ৰা-ছোৱালীও মাতৃ ৰোহীবাইৰ স্কুলীয়া শিক্ষাৰ প্ৰতি অধিক আগ্ৰহ আছিল ৷ সেয়ে ৰোহীবায়ে প্ৰকৃতিকে নিজৰ স্কুল বুলি গণ্য কৰিছিল ।
মহিলা সবলীকৰণৰ নিখুঁত উদাহৰণ : খেতি কৰি পৰিয়াল পোহপাহ দিয়া ৰোহীবায়ে মন কৰিছিল যে, খেতিত ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিলে শস্যৰ উৎপাদন বৃদ্ধি পায় ৷ লগতে খেতিৰ খৰচো বৃদ্ধি পায় । কিন্তু ৰাসায়নিক সাৰ প্ৰয়োগ কৰা শস্য সেৱন কৰিলে স্বাস্থ্যৰ ক্ষতি হয় ৷ এই কথা অনুধাৱন কৰিয়েই তেওঁ ঘৰৰ সৰু বাগিচাখনতে জৈৱিক সাৰ প্ৰয়োগ কৰি শাক-পাচলি খেতি কৰিছিল ৷ লাহে লাহে তেওঁৰ এই বাগিচাখনৰ পৰাই উন্নতিৰ শীষৰ বগাব ধৰিলে ৰোহীবায়ে ৷
এটা সময়ত তেওঁ BAIF ৰ জৈৱিক সাৰেৰে কৰা খেতিৰ বাবে জেনেৰেল মিলছৰ জনজাতি উন্নয়ন প্ৰকল্পৰ পৰা সহায় লাভ কৰিছিল । এই সহায়ৰ পাচৰ পৰাই তেওঁ বিভিন্ন থলুৱা প্ৰজাতিৰ শাক-পাচলি আৰু শস্যৰ বীজ সংগ্ৰহ কৰিবলৈ ধৰিলে ৷ লাহে লাহে তেওঁ জৈৱিক পদ্ধতিৰে থলুৱা জাতৰ শাক-পাচলি আৰু শস্য বীজ সিঁচাৰ কামত মনোনিৱেশ কৰিলে ।
ইয়াৰ পিছত তেওঁ শ শ থলুৱা জাতৰ শস্য সংৰক্ষণ কৰাৰ লগতে কৃষকসকলক পৰম্পৰাগত শস্যৰ খেতি কৰিবলৈ উৎসাহিত কৰিছিল । এটা সময়ত ৰাহীবাই মহিলাসকলৰ বাবে এক সুন্দৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হ’ল । ‘বীজ মাতৃ’য়ে জৈৱিক কৃষিক এক নতুন মৰ্যাদা প্ৰদান কৰিবলৈ সক্ষম হ’ল । বৰ্তমান আত্মসহায়ক গোটৰ জৰিয়তে তেওঁ 50 একৰ মাটিত 17 টাতকৈও অধিক থলুৱা শস্যৰ খেতি কৰিবলৈ সক্ষম হৈছে ।
শ শ কৃষকৰ বাবে প্ৰেৰণাৰ উৎস ৰোহীবাই : বীজ মাতা নামেৰে জনাজাত ৰোহীবাই এতিয়া সহস্ৰাধিক ক্ষুদ্ৰ আৰু দুখীয়া কৃষকৰ বাবে প্ৰেৰণাৰ উৎস ৷ ৰোহীবাইৰ মতে, ‘‘গ্ৰাম্য অঞ্চলৰ বাণিজ্যিক বেংকৰ দৰেই বীজ বেংকো সৰ্বত্ৰে বিয়পি থকা উচিত । এই ক্ষেত্ৰত যুৱ প্ৰজন্মক ইয়াৰ প্ৰতি আগ্ৰহী কৰিবলৈ বিদ্যালয়-মহাবিদ্যালয়তে শিক্ষা দিবলৈ লাগে ৷ তেহে যুৱ প্ৰজন্ম এই এই কৃষিৰ প্ৰতি আগ্ৰহী হ’ব আৰু দেশখন উন্নতি শিখৰত বগাব’’ ৷