নেশ্যনেল ডেস্ক, 25 নৱেম্বৰ : চত্তীশগড়ৰ চম্পাৰ এক দুখজনক ঘটনা ৷ ধানেৰে ভৰি থকা এখন পথাৰ নিমিষতে পৰিণত হয় ছাঁইলৈ ৷ লাম্বোদৰ প্ৰসাদ নামৰ এজন কৃষকে ধান চপোৱাৰ পিছত সেই ধানখিনি শুকোৱাবৰ বাবে ৰাখিছিল ধাননি পথাৰতে ৷

ওচৰৰ একাংশ কৃষকে তেওঁলোকৰ শস্য চপোৱাৰ পিছত পথাৰত কাণ্ডজ্ঞানহীন ভাৱে জুই লগাই দিয়ে আৰু সেই জুইয়ে নিমিষতে লাম্বোদৰ প্ৰসাদৰ পথাৰখনকো আগুৰি ধৰে ৷ পাছত ঘটনাস্থলীত জিলা প্ৰশাসনৰ লোক তথা অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হয় । অৱশ্যে তেতিয়ালৈ ধাননিডৰা ছাঁইত পৰিণত হয় ৷

উল্লেখ্য যে, লাম্বোদৰ প্ৰসাদে এই ঘটনাৰ লগত কোনো অজ্ঞাত ব্যক্তি জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে ৷ চম্পাৰ উপ-বিভাগীয় দণ্ডাধীশজনে ঘটনাটোৰ অনুসন্ধানৰ নিৰ্দেশ দিয়াৰ লগতে সংশ্লিষ্ট বিষয়াসকলক এইগৰাকী কৃষকক ক্ষতিপূৰণ প্ৰদান কৰিবলৈকো নিৰ্দেশ প্ৰদান কৰিছে ৷ ইফালে পঞ্চায়তৰ সচিব আৰু সভাপতিয়ে কৃষক গৰাকীক সকলো ধৰণৰ সহায় কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ।
লগতে পঢ়ক :ধেমাজিত কৃষকৰ ক্ষোভঃ গ্ৰাম সেৱক নাযায় খেতি পথাৰলৈ