নেশ্যনেল ডেস্ক,৩ জুলাই : মধ্যপ্ৰদেশৰ নগৰীয় সংস্থা নিৰ্বাচনৰ (MP Urban Local Body Election 2022) প্ৰচাৰ সভাত উপস্থিত AIMIM দলৰ সভাপতি আছাদুদ্দিন ওৱেচি । দলৰ প্ৰাৰ্থীসকলক সমৰ্থন জনাবলৈ ৰাজ্যখনত প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ নেতাগৰাকীৰ । এই প্ৰচাৰৰ মাজতে ৰাজ্য চৰকাৰ আৰু মোডী নেতৃত্বৰ কেন্দ্ৰীয় চৰকাৰক পুনৰ সমালোচনা নেতাগৰাকীৰ (Asaduddin Owaisi targets BJP and PM Modi)।
বিজেপিক সমালোচনা কৰি তেওঁ কয় যে, বিজেপিৰ শাসনকালত নিবনুৱা সমস্যা, আকাশলংঘী মূল্যবৃদ্ধি আদি সমস্যাই জুৰুলা কৰিছে । তেওঁ লগতে বিজেপিক উপহাস কৰি কয় যে, এই সকলো সমস্যাৰ বাবে ঔৰংজেব দায়বদ্ধ, প্ৰধানমন্ত্ৰী মোডী নহয় ।
খাণ্ডৱাৰ মেয়ৰ আৰু কাউঞ্চিলৰ প্ৰাৰ্থীৰ বাবে প্ৰচাৰ চলায় ওৱেচিয়ে কয় যে, সকলো ধৰণৰ বিশৃংখলতাৰ বাবে প্ৰধানমন্ত্ৰী মোডীৰ চৰকাৰ দায়বদ্ধ । বিজেপিয়ে মুছলমানসকলক দোষাৰোপ কৰে আৰু ভাৰতৰ সকলো বিশৃংখলতাৰ বাবে তেওঁলোকৰ ওপৰত দোষ জাপি দিয়ে । ইয়াৰ অৰ্থ এইটো নেকি যে কেৱল মোগলসকলেহে ভাৰত শাসন কৰিছিল ? মোগলৰ পূৰ্বে অশোক আৰু চন্দ্ৰগুপ্ত মৌৰ্য শাসন নাছিল নেকি বুলিও তেওঁ প্ৰশ্ন কৰে ।
ওৱেচিয়ে কয় যে, বিজেপিয়ে মোগলৰ মাজত হে ভুল বিচাৰি পায় কিন্তু পাকিস্তানক বেলেগ ধৰণে ব্যৱহাৰ কৰে । যদিও মোগল বা পাকিস্তানৰ সৈতে আমাৰ কোনো সম্পৰ্ক নাই । তেওঁ বিজেপিক সমালোচনা কৰি কয় যে, বৰ্তমান মুছলমান আৰু মোগলক সকলো ধৰণৰ খেলিমেলিৰ বাবে দোষাৰোপ কৰা হয় । কিন্তু ভাৰতত এতিয়া মূল্যবৃদ্ধি আৰু নিবনুৱা সমস্যাৰ বাবে মোগল দায়ী নেকি বুলিও তেওঁ প্ৰশ্ন কৰে ।
তেওঁ পুনৰ কয়, ‘‘ভাৰত আমাৰ দেশ আৰু ইয়াক কোনো পৰিস্থিতিত এৰি নাযাওঁ’’ । মুছলমানসকলে পাকিস্তানৰ আমন্ত্ৰণ অস্বীকাৰ কৰি ভাৰতক বাছনি কৰিছিল । জিন্নাৰ সৈতে মুছলমানৰ কোনো সম্পৰ্ক নাই আৰু ১৫ আগষ্টত মুছলমানসকলে দেশৰ স্বাধীনতা উদযাপন কৰে বুলিও তেওঁ দাবী কৰে । তেওঁ লগতে গৌৰৱেৰে কয় যে, ভাৰত মুছলমানসকলৰো দেশ ।
লগতে পঢ়ক :আমাক অসুবিধা কৰিলে বিজেপিকো দিল্লীৰ পৰা উৎখাত কৰিম : তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও