ETV Bharat / bharat

আচাদুদ্দিন ওৱেছি কোনো গড্ ফাদাৰ নহয় : মহম্মদ য়াহা - পশ্চিম বংগ ইমাম পৰিষদ

আচাদুদ্দিন ওৱেছিক তীব্ৰ সমালোচনা পশ্চিম বংগ ইমাম পৰিষদৰ মুৰব্বী মহম্মদ য়াহাৰ ৷ ওৱেছিৰ উত্থানে বংগত কোনো পৰিৱৰ্তন সাধিব নোৱাৰে, কিয়নো ইয়াত জনসাধাৰণে উন্নয়নক বিশ্বাস কৰে ৷ ওৱেছি কোনো গড্ ফাদাৰ নহয় বুলি উল্লেখ কৰে য়াহাই ৷

Owaisi not a 'Godfather
Owaisi not a 'Godfather
author img

By

Published : Jan 13, 2021, 11:16 AM IST

নেশ্যনেল ডেস্ক, 13 জানুৱাৰী : অল ইণ্ডিয়া মজলিচ-ই-ইত্তেহাদুল মুচলিমিন চমুকৈ এ আই এম আই এমৰ মুৰব্বী আচাদুদ্দিন ওৱেছি কোনো গড্ ফাদাৰ নহয় আৰু মানুহে কোনো ধৰ্মৰ ভিত্তিত ভোটদান কৰিব নালাগে ৷ পশ্চিম বংগ ইমাম পৰিষদৰ মুৰব্বী মহম্মদ য়াহাই প্ৰকাশ কৰিছে এই মন্তব্য ৷ তেওঁ কয় যে, বংগত ধৰ্মক ভিত্তি কৰি নিৰ্বাচন খেলা নহয় ৷ ওৱেছিৰ উত্থানে বংগত কোনো পৰিৱৰ্তন সাধিব নোৱাৰে, কিয়নো ইয়াত জনসাধাৰণে উন্নয়নক বিশ্বাস কৰে ৷ ওৱেছি কোনো গড্ ফাদাৰ নহয় ৷

আগন্তুক পশ্চিম বংগ নিৰ্বাচনক লৈ ওৱেছিয়ে ধৰ্মীয় মেৰুকৰণৰ খেল খেলা বুলি অভিযোগ কৰি সমলোচনা কৰে য়াহাই ৷ ইয়াৰ লগতে য়াহাই কয় যে, ভাৰতীয় জনতা পাৰ্টী আৰু এ আই এম আই এম উভয়েই ধৰ্মক লৈ ৰাজনীতিৰ খেল খেলিছে ৷ য়াহাৰ মন্তব্য অনুসৰি, বিজেপি আৰু এ আই এম আই এম উভয়েই বংগক বিভাজন কৰাৰ চেষ্টা চলাইছে ৷ নিৰ্বাচন সকলোৰে বাবে ৷ কেৱল হিন্দু বা ইছলাম অধ্যুষিত নিৰ্দিষ্ট অঞ্চলৰ বাবে নহয় ৷ এ আই এম আই এম কিয় কেৱল মুচলমান অধ্যুষিত অঞ্চলত নিৰ্বাচন খেলিবলৈ আহিছে বুলিও প্ৰশ্ন তোলে য়াহাই ৷ ধৰ্মৰ নামত ভোট নুখুজিবলৈও তেওঁ অনুৰোধ জনায় ৷

লগতে পঢ়ক : বগাহাতীত পৰিণত গুৱাহাটীত ৪৫০ কোটি টকীয়া চিচিটিভি কেমেৰা সংস্থাপন আঁচনি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.