ETV Bharat / bharat

জয়পুৰৰ পথ দুৰ্ঘটনাত থিতাতে নিহত ৩

নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰতে বাগৰিল তীব্ৰবেগী সামগ্ৰী ভৰ্তি ট্ৰাক । থিতাতে নিহত হয় তিনিজন আৰু আহত হয় দহজনতকৈও অধিক লোক । দিল্লী-জয়পুৰ সংযোগী পথত সংঘটিত হোৱা ভয়ংকৰ দুৰ্ঘটনাৰ সমগ্ৰ দৃশ্য চি চি টি ভিত বন্দী ।

জয়পুৰৰ পথ দুৰ্ঘটনাত থিতাতে নিহত ৩
জয়পুৰৰ পথ দুৰ্ঘটনাত থিতাতে নিহত ৩
author img

By

Published : Jan 6, 2021, 4:11 PM IST

নেশ্যনেল ডেস্ক, ৬ জানুৱাৰী: মঙলবাৰে বিয়লি দিল্লী-জয়পুৰ সংযোগী পথত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত হয় তিনিজন আৰু আহত হয় দহজনতকৈও অধিক লোক ।

দুৰ্ঘটনা অনুসৰি উক্ত পথচোৱাৰে জয়পুৰ অভিমুখী এখন তীব্ৰবেগী সামগ্ৰী ভৰ্তি ট্ৰাকৰ চালকে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰতে বাগৰি যায় । প্ৰথমে এটা মন্দিৰত খুন্দিয়ায়, তাৰ পাচত দুৰ্ঘটনাস্থলীতে নিহত হয় তিনিজনকৈ লোক । বৰ্তমানেও নিহত লোক কেইজনৰ পৰিচয় লাভ কৰিবলৈ সক্ষম হোৱা নাই । এই ভয়ানক দুৰ্ঘটনাৰ সমগ্ৰ দৃশ্য চিচিটিভিত বন্দী হয় ।

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাচতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিহতসকলৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে আৰু আহতসকলক ওচৰৰে স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰে । ইফালে ট্ৰাক চালকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ঘটনা সন্দৰ্ভত প্ৰাথমিক তদন্ত অব্যাহত ৰাখে ।

লগতে পঢ়ক: টীকাকৰণৰ বাবে বিশেষজ্ঞ কমিটীক চৰকাৰৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.