ETV Bharat / bharat

Special Adoption Agencies: 390 বিশেষ দত্তক সংস্থাত 4 হাজাৰোধিক শিশু, লোকসভাত স্মৃতি ইৰাণী

author img

By

Published : Dec 16, 2022, 7:04 PM IST

কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে প্ৰদান কৰা তথ্য অনুসৰি, আন্দামান আৰু নিকোবৰ, দাদৰ আৰু নগৰ হাভেলি, দমন আৰু দিউ, লাডাখ আৰু লাক্ষাদ্বীপত বিশেষ দত্তক সংস্থাত বাস কৰা শিশুৰ সংখ্যা শূন্য (children living in Special Adoption Agencies) ।

Smriti Irani
Smriti Irani

নিউজ ডেস্ক, ১৬ ডিচেম্বৰ : ২০২২ চনৰ ৩১ মাৰ্চ তাৰিখলৈকে ৰাজস্থানত সৰ্বাধিক ৬০০ গৰাকী আৰু তাৰ পিছত কৰ্ণাটকত ৩৬০ গৰাকী, উত্তৰ প্ৰদেশত ৩৪৯ গৰাকী, তেলেংগানাত ৩৪০ গৰাকী আৰু পশ্চিমবংগত ৩৩২ গৰাকী শিশুৰ সৈতে প্ৰায় ৪১০৫ টা শিশুৱে মুঠ ৩৯০ টা বিশেষ দত্তক সংস্থাত (Special Adoption Agencies) বাস কৰি আছে (4105 children in 390 SAAs) । কেন্দ্ৰীয় চৰকাৰে শুকুৰবাৰে এই তথ্য লোকসভাত জনায় ।

কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে (Union Minister Smriti Irani) লোকসভাত দিয়া তথ্য অনুসৰি, আন্দামান আৰু নিকোবৰ, দাদৰ আৰু নগৰ হাভেলি, দমন আৰু দিউ, লাডাখ আৰু লাক্ষাদ্বীপত বিশেষ দত্তক সংস্থাত (SAA) বাস কৰা শিশুৰ সংখ্যা শূন্য ।

উল্লেখ্য, বিজেপি সাংসদ ব্ৰজেন্দ্ৰ সিঙে লোকসভাত এটা প্ৰশ্ন উত্থাপন কৰিছিল যে চৰকাৰে বৰ্তমান পৰিত্যক্ত নৱজাতকৰ প্ৰয়োজনীয়তা অনুসৰি পূৰণ কৰা সুবিধাসমূহ আৰু ইয়াৰ বিৱৰণৰ ৰেকৰ্ড ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলবোৰত ৰখা হৈছে নেকি । এই প্ৰশ্নৰ উত্তৰতে স্মৃতি ইৰাণীয়ে উক্ত তথ্য প্ৰদান কৰে (Smriti Irani on Lok Sabha) ।

মিছন বাৎসল্যত (Mission Vatsalya Scheme) পৰিত্যক্ত নৱজাতকৰ সুৰক্ষা আৰু ইয়াৰ বিৱৰণৰ ব্যৱস্থা আছে নেকি বুলি সোধাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উত্তৰ দিয়ে, "মন্ত্ৰালয়ে পৰিত্যক্ত নৱজাতককে ধৰি কঠিন পৰিস্থিতিত শিশুসকলৰ বাবে সেৱা প্ৰদানৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ চৰকাৰক সমৰ্থন কৰাৰ বাবে মিছন বাৎসল্য আঁচনি নামৰ এক কেন্দ্ৰীয় পৃষ্ঠপোষকতামূলক আঁচনি ৰূপায়ণ কৰি আছে । আঁচনিখনৰ অধীনত স্থাপিত বিশেষ দত্তক সংস্থাসহ চাইল্ড কেয়াৰ ইনষ্টিটিউচনবোৰে (Child Care Institutions, CCI) অন্যান্য বয়স-উপযুক্ত শিক্ষা, মনোৰঞ্জন, স্বাস্থ্য সেৱা আৰু পৰামৰ্শৰ প্ৰদান কৰি আছে ।"

"মিছন বাৎসল্য আঁচনিত প্ৰতিখন জিলাত কমেও এটা বিশেষ দত্তক সংস্থা (চৰকাৰৰ দ্বাৰা পৰিচালিতৰ অগ্ৰাধিকাৰ) ক্ৰেডেল বেবী ৰিচেপচন চেণ্টাৰ (Cradle Baby Reception Centres) স্থাপনৰ ব্যৱস্থা কৰা হৈছে । মন্ত্ৰালয়ে নিয়মীয়াকৈ ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলৰ চৰকাৰৰ সৈতে যোগাযোগত আছে যাতে SAA-সহ CCI-বোৰে জুভেনাইল জাষ্টিচ আইন, 2015-ৰ (JJ Act 2015) ব্যৱস্থা অনুসৰি যত্নৰ মানদণ্ড পালন কৰে । সকলো চিচিআইৰ বাধ্যতামূলক পৰিদৰ্শন সন্দৰ্ভত সকলো ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলৰ চৰকাৰলৈ বিভিন্ন পৰামৰ্শ প্ৰেৰণ কৰা হৈছে ।" তেওঁ লগতে কয় ।

লগতে পঢ়ক :Assam IYC President Angkita Dutta: ৰাজীৱ ভৱনত সংবাদমেল দিবলৈ চোৰ-ডকাইত আহিছে: অংকিতা দত্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.